মহিলা বিজ্ঞানী
৬৫ প্ৰবন্ধ
-
নীলিকা মালাভিগে
গাথছৌৰী নীলিকা মালাভিগে এগৰাকী শ্ৰীলংকাৰ শিক্ষাবিদ, বিশ্ববিদ্যালয়ৰ অধ্যাপিকা, গৱেষক আৰু বিজ্ঞানী। ২০২০ চনৰপৰা তেওঁ শ্ৰী জয়ৱৰ্ধনেপূৰা বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞান অনুষদৰ ইমিউন'লজী আৰু আণৱিক বিজ্ঞান বিভাগৰ মুৰব্বীৰ লগতে অধ্যাপিকা। ২০০৮ চনৰপৰা অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ অতিথি প্ৰবক্তা হিচাপে কৰ্মৰত।
-
পলি লুইজ আৰ্নল্ড
পলি লুইজ আৰ্নল্ড ( Poly Louise Arnold; জন্ম: ২৪ জুলাই ১৯৭২) এগৰাকী ব্ৰিটিছ ৰসায়নবিদ যি লৰেন্স বাৰ্কলে নেচনেল লেবৰেটৰীৰ ৰাসায়নিক বিজ্ঞান বিভাগৰ পৰিচালক আৰু বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ অধ্যাপিকা।
-
প্ৰতিভা লক্ষণ গাই
ডেমে প্ৰতিভা লক্ষ্মণ গাই-বইছ'DBE FRS HonFRMS FRSC FREng} এগৰাকী ব্ৰিটিছ মাইক্ৰস্কোপিষ্ট আৰু ইলেক্ট্ৰন মাইক্ৰস্কোপিৰ অধ্যাপক আৰু অধ্যক্ষ আৰু ইয়ৰ্ক বিশ্ববিদ্যালয়ৰ ৰসায়ন আৰু পদাৰ্থ বিজ্ঞান বিভাগৰ ইয়ৰ্ক জে অ' এল নেন'চেণ্টাৰৰ প্ৰাক্তন সঞ্চালক।
-
প্ৰিয়াণী ছয়ছা
দেশমণ্য প্ৰিয়াণী এলিজাবেথ ছয়ছা (২৩ নৱেম্বৰ ১৯২৫ – ৭ এপ্ৰিল ২০২৩) এগৰাকী শ্ৰীলংকাৰ বিজ্ঞানী যিয়ে কলম্বো বিশ্ববিদ্যালয়ৰ শিশু চিকিৎসাৰ এমেৰিটাছ অধ্যাপক আছিল আৰু শ্ৰীলংকাত অধ্যাপিকা অধ্যক্ষৰ পদত নিযুক্তি পোৱা প্ৰথম মহিলা।
-
প্ৰেমানা প্ৰেমাদী
প্ৰেমানা ৱাৰ্দয়ন্তী প্ৰেমাদী (ইংৰাজী: Premana Wardayanti Premadi; জন্ম ১৩ জুলাই ১৯৬৪) এগৰাকী ইণ্ডোনেছিয়ান জ্যোতিৰ্বিজ্ঞানী। তেওঁ বান্দুং ইনষ্টিটিউট অৱ টেকন'লজীৰ এগৰাকী অধ্যাপক। তেওঁ ২০১৮ চনৰ পৰা বচা মানমন্দিৰৰ (Bosscha Observatory) মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
ফেন ৱাং
ফেন ৱাং এগৰাকী স্নায়ুবিজ্ঞানী আৰু মেছাচুচেটছ প্ৰযুক্তি প্ৰতিষ্ঠানৰ মগজু আৰু জ্ঞানমূলক বিজ্ঞান বিভাগৰ অধ্যাপক। তেওঁ মেকগভাৰ্ণ ইনষ্টিটিউট ফৰ ব্ৰেইন ৰিচাৰ্চৰ এগৰাকী তদন্তকাৰী। ৱাং স্পৰ্শ, বিষ আৰু এনাস্থেচিয়াৰ অন্তৰ্নিহিত স্নায়ু বৰ্তনী চিনাক্ত কৰাৰ গৱেষণাৰ বাবে পৰিচিত।
-
বোগালেচ গেব্ৰে
বোগালেচ "বোগে" গেব্ৰে (Bogaletch Gebre; (১৯৫০ চনৰ দশক – ২ নৱেম্বৰ ২০১৯) এগৰাকী ইথিঅ'পিয়াৰ বিজ্ঞানী আৰু কৰ্মী আছিল। ২০১০ চনত দ্য ইণ্ডিপেণ্ডেণ্টে তেওঁক "ইথিঅ'পিয়াৰ মহিলাৰ বিদ্ৰোহ আৰম্ভ কৰা মহিলা" বুলি বৰ্ণনা কৰিছিল।
-
ব্ৰিজিট আস্কোনাছ
ব্ৰিজিট এলিছ আস্কোনাছ FRS FMedSci (১ এপ্ৰিল ১৯২৩ – ৯ জানুৱাৰী ২০১৩) এগৰাকী বৃটিছ ইমিউন'লজিষ্ট আছিল আৰু ১৯৯৫ চনৰপৰা ইম্পেৰিয়েল কলেজ লণ্ডনৰ অতিথি অধ্যাপক।
-
বৰ্ণালী দাস
বৰ্ণালী দাস ( Barnali Das) এগৰাকী অসমৰ যুৱ-জ্যোতিৰ্বিজ্ঞানী৷ তেওঁ তেওঁৰ নিজা অধ্যয়নৰ দ্বাৰা মহাকাশত সূৰ্যতকৈ ডাঙৰ আৰু উষ্ণ আঠটা তৰাৰ বিশেষ বৈশিষ্ট্য ধৰা পেলাবলৈ সক্ষম হয়৷
-
ভাচিটি ছ'কো
ভাচিটি ছোকো (ইংৰাজী: Vasiti Soko) এগৰাকী ফিজিয়ান ভৌগোলিক তথ্য প্ৰণালী বিশেষজ্ঞ আৰু ফিজিৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কাৰ্যালয়ৰ সঞ্চালক। ২০২১ চনৰ অক্টোবৰ মাহত তেওঁ ৰাষ্ট্ৰসংঘৰ দুৰ্যোগ বিপদাশংকা হ্ৰাস কাৰ্যালয়ৰ পৰা উদ্বোধনী 'উইমেনছ ইণ্টাৰনেশ্যনেল নেটৱৰ্ক ফৰ ডিজাষ্টাৰ ৰিস্ক ৰিডাকচন' (WIN DRR)…
-
ভি. আৰ ললিথাম্বিকা
ডাঃ ভি. আৰ ললিথাম্বিকা ( V. R. Lalithambika; জন্ম ১৯৬২) ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ সৈতে কাম কৰি অহা এজন ভাৰতীয় অভিযন্তা আৰু বিজ্ঞানী। উন্নত লঞ্চাৰ প্ৰযুক্তিৰ বিশেষজ্ঞ আৰু ২০২২ চনৰ ভিতৰত ভাৰতীয় মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণৰ বাবে গগণিয়ান অভিযানৰ নেতৃত্ব দিছিল।
-
মাগডা মাৰ্কেট
মাগডা মাৰ্কেট মাণ্ডিকো (জন্ম ১৯৫৮) এগৰাকী এণ্ডোৰাৰ জৈৱ প্ৰযুক্তিবিদ আৰু পৰীক্ষাগাৰৰ ব্যৱসায়ী। পেছাদাৰী জীৱনৰ বেছিভাগ সময় আমেৰিকাৰ ছান ডিয়েগোত কটায়।
-
মাৰিয়া ক্ৰীষ্টিনা ফাচিনি
মাৰিয়া ক্ৰীষ্টিনা ফাচিনি এগৰাকী ভূ-বিজ্ঞানী আৰু ইটালীৰ ৰাষ্ট্ৰীয় গৱেষণা পৰিষদৰ গৱেষণা পৰিচালক। তেওঁৰ অধ্যয়নত পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানত এৰ'ছল আৰু ডাৱৰৰ আমাৰ বায়ুমণ্ডল আৰু জলবায়ুৰ ওপৰত ইয়াৰ প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
-
মাৰিয়া পিয়া আব্ৰাচিঅ’
মাৰিয়া পিয়া আব্ৰাচিঅ’ ইটালীৰ এগৰাকী ঔষধবিজ্ঞানী যিয়ে কোষীয় পৰ্যায়ত ঔষধৰ জৈৱ-ৰাসায়নিক প্ৰভাৱৰ ওপৰত গৱেষণা কৰে। সমগ্ৰ বিশ্বতে গৱেষণা কৰি আহিছে আৰু ২০০৬ চনৰ পৰা থমছন ৰয়টাৰে সৰ্বাধিক উদ্ধৃত বিজ্ঞানী হিচাপে নাম উল্লেখ কৰা বিজ্ঞানীসকলৰ ভিতৰত অন্যতম।
-
মীনাক্ষী বেনাৰ্জী
মীনাক্ষী বেনাৰ্জী ভাৰতীয় চাইন’বেক্টেৰিয়া আৰু টেক্সাছৰ হিউষ্টনত থকা ৰাইচ ইউনিভাৰ্চিটি এপ্লাইড এলগাল ৰিচাৰ্চ চেণ্টাৰৰ মুৰব্বী। তেওঁ ভূপালৰ বৰকাতুল্লা বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী আছিল।
-
য়ান নিং
য়ান নিং (চীনা: 颜宁; জন্ম ২১ নৱেম্বৰ ১৯৭৭; নিয়েং য়ান বুলিও জনা যায়) এগৰাকী চীনা গাঁথনিগত জীৱবিজ্ঞানী। ২০২২ চনৰ ডিচেম্বৰৰ পৰা তেওঁ ছিংহুয়া বিশ্ববিদ্যালয়ত জীৱন বিজ্ঞানৰ অধ্যাপিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
-
লি গান
লি গান এগৰাকী চীনা-আমেৰিকান স্নায়ুবিজ্ঞানী আৰু ৱেইল কৰ্নেল মেডিকেল কলেজৰ অধ্যাপক। টাউপেথীত ৰোগ সৃষ্টিকাৰী টাউ প্ৰটিন এচিটাইলেচন আৰু স্নায়ুৰ অৱক্ষয়ত মাইক্ৰ’গ্লিয়াৰ অকাৰ্য্যকৰীতাৰ ব্যৱস্থাৰ বাবে তেওঁ পৰিচিত।
-
লি জিয়ং
লি জিয়ং (熊莉) হৈছে এগৰাকী চীনা-আমেৰিকান কম্পিউটাৰ বিজ্ঞানী। তেওঁৰ গৱেষণাৰ মূল ক্ষেত্ৰসমূহ হৈছে ফেডাৰেটেড লাৰ্নিং, ডিফাৰেন্সিয়েল প্ৰাইভেচি, সুনাম প্ৰণালী (ৰেপুটেচন চিষ্টেম) আৰু স্বাস্থ্যসেৱাত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ।
-
লি ঝাওপিং
লি ঝাওপিং (চীনা: 李兆平; জন্ম ১৯৬৪) এগৰাকী চীনা গণনামূলক স্নায়ুবিজ্ঞানী। তেওঁ বৰ্তমানে জাৰ্মানীৰ ট্যুবিংগেন বিশ্ববিদ্যালয়ত অধ্যাপিকা আৰু মেক্স প্লাংক ইনষ্টিটিউট ফৰ বায়’লজিকেল চাইবাৰনেটিক্সত ইন্দ্ৰিয় আৰু সেন্সৰিমটৰ ব্যৱস্থা বিভাগৰ মুৰব্বী হিচাপে কৰ্মৰত।
-
শল্লী অৱস্থী
শল্লী অৱস্থী এগৰাকী ভাৰতীয় অধ্যাপক তথা শিশুৰ হাওঁফাওঁ বিশেষজ্ঞ। তেখেতে ইউ পি ইণ্ডিয়াৰ লক্ষ্ণৌৰ কিং জৰ্জ মেডিকেল ইউনিভাৰ্চিটিত কাম কৰে। অৱস্থী আছিল বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) স্বাস্থ্য-সুৰক্ষা আন্তঃপৃষ্ঠ কাৰিকৰী পৰামৰ্শদাতা গোট (HSI-TAG)ত নিযুক্তি পোৱা প্ৰথমজন ভাৰতীয় বিজ্ঞানী।
-
শ্বিৰীন লতীফ
শ্বিৰীন ৰেক্সিনা লতীফ আছিল এগৰাকী ফিজিয়ান মহিলা অধিকাৰ কাৰ্যকৰ্তা, যাক এছিয়ান ডেভেলপমেণ্ট বেংকত লিংগসমতা সম্পৰ্কীয় কামৰ বাবে জনা যায়।
-
সবিতা মহৰ্জন
সবিতা মহৰ্জন (ইংৰাজী: Sabita Maharjan; জন্ম ১৯৮০) এগৰাকী কম্পিউটাৰ বিজ্ঞানী। তেওঁ নৰৱেৰ অছলো বিশ্ববিদ্যালয়ৰ ইনফৰ্মেটিক্স বিভাগৰ নেটৱৰ্ক আৰু ডিষ্ট্ৰিবিউটেড চিষ্টেমৰ অধ্যাপক। তেওঁৰ গৱেষণাৰ বিষয়সমূহ হ'ল ৱায়াৰলেছ নেটৱৰ্ক, নেটৱৰ্ক সুৰক্ষা, গ্ৰীণ কম্পিউটিং আৰু ভেহিকুলাৰ এড হক নেটৱৰ্ক।
-
সুভা ভেৰিয়াৰ
সুভা ভেৰিয়াৰ (Subha Varier) এগৰাকী ভাৰতীয় মহাকাশ অভিযন্তা। ভাৰতীয় উপগ্ৰহ উৎক্ষেপণত ব্যৱহৃত ভিডিঅ’ চিষ্টেমত বিশেষজ্ঞতা লাভ কৰিছে। ২০১৭ চনত তেওঁ এটা উৎক্ষেপণতে ১০৪টা উপগ্ৰহ অভিলেখ সৃষ্টি কৰাৰ পিছত মহিলাৰ বাবে ভাৰতৰ সৰ্বোচ্চ বঁটা নাৰী শক্তিপুৰস্কাৰ লাভ কৰে।
-
সুশীলা মহৰ্জন
সুশীলা মহৰ্জন এগৰাকী নেপালী জৈৱ ৰসায়নবিদ আৰু জৈৱ প্ৰযুক্তিবিদ। তেওঁ নেপালৰ 'ৰিচাৰ্চ ইনষ্টিটিউট ফৰ বায়োছায়েন্স এণ্ড বায়োটেকন’লজী'ৰ (RIBB) গৱেষণা সঞ্চালক। ২০১১ চনত তেওঁ এই প্ৰতিষ্ঠানটো সহ-প্ৰতিষ্ঠা কৰিছিল।
-
সেঁজুতি সাহা
সেঁজুতি সাহা (Senjuti Saha) চাইল্ড হেল্থ ৰিছাৰ্চ ফাউণ্ডেচনৰ এগৰাকী বাংলাদেশী অণুজীৱবিজ্ঞানী। তেওঁ বিশ্ব স্বাস্থ্য সংস্থাৰ পোলিঅʼ ট্ৰানজিশ্যন ইণ্ডিপেনডেণ্ট মনিটৰিং বোৰ্ডৰো এগৰাকী বোৰ্ড সদস্য। বাংলাদেশত নতুন কৰʼনা ভাইৰাছৰ পূৰ্ণাঙ্গ জিনʼম বিন্যাস উন্মোচনৰ বাবে তেওঁ অধিক পৰিচিত।
-
হাইলান হু
হু হাইলান (চীনা: 胡海岚; পিনয়িন: Hú Hǎilán; জন্ম ১৯৭৩) চীনৰ এগৰাকী স্নায়ুবিজ্ঞানী আৰু ঝেজিয়াং বিশ্ববিদ্যালয় চিকিৎসা বিদ্যালয়ৰ অধ্যাপক। তেওঁ সামাজিক আচৰণ আৰু মানসিক ৰোগসমূহৰ স্নায়ু ভিত্তিৰ ওপৰত গৱেষণাৰ বাবে পৰিচিত।
-
হান্না কুৰ্ণিয়াৱতী
হান্না কুৰ্ণিয়াৱতী (ইংৰাজী: Hanna Kurniawati) এগৰাকী ইণ্ডোনেছিয়াত জন্মগ্ৰহণ কৰা কম্পিউটাৰ বিজ্ঞানী। তেওঁ ৰবটিক্সৰ বিভিন্ন শাখা যেনে মচন প্লেনিং, সিদ্ধান্ত গ্ৰহণৰ অনিশ্চয়তা আৰু ৰবটিক্সত ৰিনফৰ্চমেণ্ট লাৰ্নিঙৰ প্ৰয়োগ আদি বিষয়ত বিশেষজ্ঞ।
-
হেমমালা কৰুণাদাসা
হেমমালা ইন্দিভাৰী কৰুণাদাসা ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ সহকাৰী অধ্যাপিকা। তেওঁ পৰিষ্কাৰ শক্তি আৰু বৃহৎ এলেকাৰ পোহৰৰ বাবে হাইব্ৰিড জৈৱিক – অজৈৱিক পদাৰ্থ, যেনে পেৰ’ভস্কাইটৰ ওপৰত কাম কৰি আছে
-
হেলেন বেলিয়া
হেলেন ৰেইনল্ডছ বেলিয়া, অ'চি এফ আৰ এছ চি ( ইংৰাজী: Helen Reynolds Belyea, OC FRSC; ১১ ফেব্ৰুৱাৰী, ১৯১৩ – ২০ মে', ১৯৮৬), পেলিঅ'জয়িক যুগৰ ভূ-তাত্ত্বিক যুগৰ ডেভ'নিয়ান ব্যৱস্থাৰ ওপৰত পশ্চিম কানাডাত কৰা গৱেষণাৰ বাবে বেছিকৈ পৰিচিত কানাডাৰ এগৰাকী ভূ-তত্ত্ববিদ।
-
ৰেজ্জি কুৰুভিল্লা
ৰেজ্জি কুৰুভিল্লা (Rejji Kuruvilla) এগৰাকী ভাৰতীয়-আমেৰিকান জীৱবিজ্ঞানী। তেওঁ জন হপকিন্স স্কুল অৱ মেডিচিনৰ জীৱবিজ্ঞানৰ অধ্যাপক।