অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লিণ্ডা ব্ৰাউন বাক

লিণ্ডা ব্ৰাউন বাক ( Linda Brown Buck; জন্ম: ২৯ জানুৱাৰী, ১৯৪৭ চন) এগৰাকী আমেৰিকান জীৱবিজ্ঞানী, যি ঘ্ৰাণ তন্ত্ৰৰ ওপৰত কৰা কামৰ বাবে সু-পৰিচিত।বৰ্তমান তেওঁ ছিয়াটলৰ ফ্ৰেড হাচিনছন কেন্সাৰ ৰিচাৰ্চ চেণ্টাৰৰ অধ্যাপক।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৩৩১ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

লিণ্ডা ব্ৰাউন বাক ( Linda Brown Buck; জন্ম: ২৯ জানুৱাৰী, ১৯৪৭ চন) এগৰাকী আমেৰিকান জীৱবিজ্ঞানী, যি ঘ্ৰাণ তন্ত্ৰৰ ওপৰত কৰা কামৰ বাবে সু-পৰিচিত। ঘ্ৰাণ ৰিচেপ্টৰৰ ওপৰত কৰা কামৰ বাবে ৰিচাৰ্ড এক্সেলৰ সৈতে ২০০৪ চনত তেওঁ শৰীৰ-বিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।১২৩৪বৰ্তমান তেওঁ ছিয়াটলৰ ফ্ৰেড হাচিনছন কেন্সাৰ ৰিচাৰ্চ চেণ্টাৰৰ অধ্যাপক।৫

আদি জীৱন

১৯৪৭ চনৰ ২৯ জানুৱাৰীত ৱাশ্বিংটনৰ ছিয়াটলত জন্মগ্ৰহণ কৰা লিণ্ডা বি বাকৰ পিতৃ এজন বৈদ্যুতিক অভিযন্তা আছিল যিয়ে আজৰি সময়ত বিভিন্ন সামগ্ৰী উদ্ভাৱন আৰু নিৰ্মাণত সময় কটাইছিল আৰু মাতৃ আছিল এগৰাকী গৃহিণী, যিয়ে আজৰি সময়ৰ বেছিভাগ সময় কটায় শব্দৰ শৃংখল সমাধান কৰি ভাল পাইছিল।৬ তিনিটা ছোৱালী সন্তানৰ ভিতৰত বাক আছিল দ্বিতীয়।৭ তাইৰ পিতৃৰ আইৰিছ বংশৰ আৰু তেওঁৰ মাতৃ ছুইডিছ বংশৰ।৮ ১৯৯৪ চনত বাকে ৰজাৰ ব্ৰেণ্টক লগ পায়, যিজনো এজন জীৱবিজ্ঞানী। ২০০৬ চনত দুয়োৰে বিবাহ হয়।৯

শিক্ষা

বাকে ১৯৭৫ চনত ছিয়াটলৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ পৰা মনোবিজ্ঞান আৰু অণুজীৱবিজ্ঞানত বি এছ ডিগ্ৰী লাভ কৰে। ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰীসকলৰ মাজৰ পৰা নোবেল বঁটা লাভ কৰা তেৱেঁই প্ৰথমগৰাকী মহিলা।১০ ১৯৮০ চনত তেওঁ ডালাছৰ ইউনিভাৰ্চিটি অৱ টেক্সাছ চাউথৱেষ্টাৰ্ণ মেডিকেল চেণ্টাৰৰ অধ্যাপিকা এলেন ভিটেটাৰ নিৰ্দেশনাত ইমিউন'লজীত পি এইচ ডি লাভ কৰে।১১

কৰ্মজীৱন আৰু গৱেষণা

১৯৮০ চনত বাকে Benvenuto Pernis(১৯৮০–১৯৮২)ৰ অধীনত কলম্বিয়া বিশ্ববিদ্যালয়ত পোষ্ট ডক্টৰেট গৱেষণা আৰম্ভ কৰে। ১৯৮২ চনত তেওঁ ৰিচাৰ্ড এক্সেলৰ পৰীক্ষাগাৰত যোগদান কৰে, সেইটোও ইনষ্টিটিউট অৱ কেন্সাৰ ৰিচাৰ্চ কলম্বিয়াত আছে। জনছ হপকিন্স বিশ্ববিদ্যালয়ত ছল স্নাইডাৰৰ গোটৰ গৱেষণা পত্ৰখন পঢ়াৰ পিছত বাকে নাকৰ কোষৰ মাজেৰে মগজুলৈ ঘ্ৰাণৰ যাত্ৰাৰ সন্ধান কৰি আণৱিক স্তৰত ঘ্ৰাণ প্ৰক্ৰিয়াৰ মানচিত্ৰ নিৰ্মাণ কৰিবলৈ লয়। বাক আৰু এক্সেলে তেওঁলোকৰ গৱেষণাত এন্দুৰৰ জিনৰ ওপৰত কাম কৰিছিল আৰু ১০০০ৰো অধিক ঘ্ৰাণ ৰিচেপ্টৰৰ এটা জিনৰ পৰিয়াল চিনাক্ত কৰিছিল আৰু ১৯৯১ চনত এই তথ্যসমূহ প্ৰকাশ কৰিছিল৷২১২ সেই বছৰৰ শেষৰ ফালে বাক হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ স্নায়ুজীৱবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা হয় আৰু তাতেই তেওঁ নিজাকৈ গৱেষণাগাৰ স্থাপন কৰে।১৩ নাকে গোন্ধ কেনেকৈ ধৰা পেলায় সেইটো বিচাৰি উলিওৱাৰ পিছত বাকে ১৯৯৩ চনত বিভিন্ন গোন্ধ কেনেকৈ সোমাই নাকত কেনেকৈ সংগঠিত হয় তাৰ ওপৰত তেওঁৰ তথ্য প্ৰকাশ কৰে।১২ তেওঁৰ গৱেষণাৰ প্ৰধান বিষয় আছিল, নাকত ফেৰ’মন আৰু গোন্ধ কেনেকৈ ধৰা পৰে আৰু মগজুলৈ তাৰ সংকেত গৈ ব্যাখ্যা কৰা হয়, সেই বিষয়ে। তেওঁ ফ্ৰেড হাচিনছন কেন্সাৰ ৰিচাৰ্চ চেণ্টাৰৰ বেচিক ছায়েন্স ডিভিজনৰ সম্পূৰ্ণ সদস্য আৰু ছিয়াটলৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ ফিজিঅ'লজি আৰু বায়'ফিজিক্সৰ এফিলিয়েট অধ্যাপিকা।

নোবেল বঁটা, ২০০৪

১৯৯১ চনত ৰিচাৰ্ড এক্সেলৰ সৈতে প্ৰকাশিত তেওঁৰ ল্যাণ্ডমাৰ্ক পেপাৰত লিণ্ডা বাকে আমাৰ নাকৰ ঘ্ৰাণ নিউৰণত অৱস্থিত গন্ধক সংবেদকৰ বাবে চিনাক্ত কৰা শ শ জিন আৱিষ্কাৰ কৰিছিল৷১১ প্ৰতিটো ৰিচেপ্টৰ হৈছে এটা প্ৰটিন যিটো ৰিচেপ্টৰৰ লগত কোনো দুৰ্গন্ধ লাগিলে সলনি হয়, যাৰ ফলত মগজুলৈ বৈদ্যুতিক সংকেত প্ৰেৰণ হয়৷৭ গন্ধক সংবেদকৰ মাজত থকা পাৰ্থক্যৰ অৰ্থ হ’ল, কিছুমান বিশেষ গোন্ধৰ ফলত এটা নিৰ্দিষ্ট ৰিচেপ্টৰৰ পৰা সংকেত নিৰ্গত হয়৷৭ তাৰ পিছত আমি আমাৰ ৰিচেপ্টৰৰ পৰা অহা বিভিন্ন সংকেতক নিৰ্দিষ্ট গোন্ধ হিচাপে ব্যাখ্যা কৰিবলৈ সক্ষম হওঁ।৭ ইয়াৰ বাবে বাক আৰু এক্সেলে ঘ্ৰাণ ৰিচেপ্টৰ ক্ল’ন কৰি দেখুৱাইছিল যে, ইহঁত জি প্ৰটিন-কাপল্ড ৰিচেপ্টৰৰ পৰিয়ালৰ অন্তৰ্গত। এন্দুৰৰ ডি এন এ বিশ্লেষণ কৰি তেওঁলোকে অনুমান কৰিলে যে, স্তন্যপায়ী প্ৰাণীৰ জিনত ঘ্ৰাণ ৰিচেপ্টৰৰ বাবে প্ৰায় ১০০০ টা ভিন্ন জিন আছে।১৪১৫ এই গৱেষণাই ঘ্ৰাণ শক্তিৰ জিনীয় আৰু আণৱিক বিশ্লেষণৰ দুৱাৰ মুকলি কৰি দিলে। ইয়াৰ পিছৰ অধ্যয়নত বাক আৰু এক্সেলে দেখুৱাইছে যে, প্ৰতিটো ঘ্ৰাণ ৰিচেপ্টৰ নিউৰনে উল্লেখযোগ্যভাৱে কেৱল এটা ধৰণৰ ঘ্ৰাণ ৰিচেপ্টৰ প্ৰটিনহে প্ৰকাশ কৰে আৰু একেটা ৰিচেপ্টৰ প্ৰকাশ কৰা সকলো নিউৰনৰ পৰা অহা ইনপুট ঘ্ৰাণ বাল্বৰ এটা নিবেদিত গ্ল’মেৰুলাছে সংগ্ৰহ কৰে।

তথ্যসূত্ৰ

  1. ↑ Press Release: The 2004 Nobel Prize in Physiology or Medicine. Nobelprize.org
  2. ↑ Buck, L.; Axel, R. (1991). A novel multigene family may encode odorant receptors: a molecular basis for odor recognition.. Cell. পৃ. 175–87
  3. ↑ (4 October 2004). Secrets of smell land Nobel Prize. BBC News
  4. ↑ (2013-01-12). Linda B. Buck – Curriculum Vitae, Interview
  5. ↑ Linda Buck Lab. Fred Hutchinson Cancer Research Center
  6. ↑ Linda B. Buck, PhD. HHMI.org
  7. ↑ Linda B. Buck – Biographical. Nobelprize.org. The Nobel Foundation 2004
  8. ↑ The Nobel Prize in Physiology or Medicine 2004. NobelPrize.org
  9. ↑ Badge, Peter. (2008-01-01). Nobel Faces. John Wiley & Sons. ISBN 9783527406784
  10. ↑ (May 30, 2022). Linda Fagan, '00, takes helm of U.S. Coast Guard. UW Magazine — University of Washington Magazine
  11. ↑ Badge, Peter. (2008). Nobel Faces. John Wiley & Sons. পৃ. 180. ISBN 9783527406784
  12. ↑ Linda B. Buck, Ph.D. Biography – Academy of Achievement. www.achievement.org
  13. ↑ Linda B. Buck – Autobiography. NobelPrize.org
  14. ↑ Stein, Gabe. (8 September 2017). Five facts about Linda Buck, olfactory pioneer. Massive Science
  15. ↑ Lyons, Daniel. The Secrets of Scent. Forbes

সম্পৰ্কিত শ্ৰেণী

মহিলা বিজ্ঞানীআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিজীৱবিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিণ্ডা ব্ৰাউন বাক” প্ৰবন্ধৰ সংশোধন ৬২৪০৩১ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।