ড০ নিৰ্মলা দেৱী (Dr Nirmala Devi) হৈছে অসমৰ এগৰাকী লেখিকা, ৰসায়ন বিজ্ঞানৰ অধ্যাপিকা। ১
শিক্ষা জীৱন আৰু গৱেষণা জীৱন
শৈশৱত সাহিত্যৰ প্ৰতি ৰাপৱ আছিল। জিঞ্জিয়া মহাবীৰ বিদ্যালয়ৰ গণিতৰ শিক্ষক ৰমাকান্ত হালৈৰ দ্বাৰা তেওঁৰ গণিতৰ প্ৰতি ৰাপ হয়। বিদ্যালয়ৰ ছাত্ৰী হৈ থাকোতে কিশোৰী নিৰ্মলাই প্ৰকৃতিৰ লগত উমলি ভাল পাইছিল আৰু তেতিয়াৰ পৰাই নিমগছৰ গুণাগুণৰ প্ৰতি তেওঁৰ বিশেষ আগ্ৰহ জন্মিছিল।১ বিশ্বনাথ চাৰিআলিৰ জিঞ্জিয়া মহাবীৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ বিশ্বনাথ কলেজৰ পৰা ৰসায়ন বিদ্যা বিষয়ত স্নাতক ডিগ্ৰী লয়।ইয়াৰ পিছত তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ত পলিমাৰ বিজ্ঞানত স্নাতকোত্তৰ মহলাত অধ্যয়ন কৰে। অধ্যয়নৰ সময়তে চতুৰ্থ ষাণ্মাসিকত তেওঁ প্ৰাৰম্ভিক গৱেষণাৰ কাম আৰম্ভ কৰে। গৱেষণা কৰ্মটো আছিল চিমেণ্ট পেইণ্টৰ কাৰণে ব্যৱহাৰ হোৱা এটা বাইণ্ডাৰৰ কাম। সেই সময়ত বজাৰত চলি থকা বাইণ্ডাৰতকৈ উন্নত মানৰ বাইণ্ডাৰ উদ্ভাৱনৰ কাৰণে কৰা গৱেষণা সফল হৈছিল আৰু তাৎক্ষণিকভাৱে উদ্ভাৱন কৰা সামগ্ৰীবিধ বজাৰ পাইছিলগৈ। এই সফল গৱেষণাৰ অন্তত ড° নিৰ্মলা দেৱীলৈ চাকৰিৰ প্ৰস্তাৱ আহিছিল যদিও তেওঁ গৱেষণাহে অব্যাহত ৰাখে। তেজপুৰ বিশ্ববিদ্যালয়ত কোনো ধৰণৰ পুঁজি অৰ্থাৎ আৰ্থিক সাহয্য নোহোৱাকৈয়ে গৱেষণা আৰম্ভ কৰা নিৰ্মলা দেৱীয়ে নিমগুটিৰ তেলৰ ওপৰত গৱেষণা কৰে। ফৰিদাবাদৰ Ozone Biotechৰ পৰা পোৱা নিমগুটি তেলৰ এটা নমুনাৰ পৰা তেওঁ গৱেষণা আগবঢ়াই নিয়ে। নিম গছৰ পৰা প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী বিভিন্ন বেমাৰৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। Antimalarial Mosquito Repellant হিচাপেও ই কাম্কৰে। নিমতেল ভাল কীটনাশক যদিও তেল হিচাপে ইয়াক মাটিত ব্যৱহাৰ কৰিব নোৱাৰি। কীটনাশক হিচাপে ইয়াৰ ব্যৱহৰিক সম্ভাৱনাখিনিৰ প্ৰতি লক্ষ্য ৰাখিয়েই নিৰ্মলা দেৱীয়ে গৱেষণা আৰম্ভ কৰিলে যাতে এই তৰল অৱস্থাক কঠিন ৰূপ দি মাটিত কীটনাশক হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। নিৰ্মলা দেৱীয়ে এই গৱেষণাৰ কাম আৰম্ভ কৰে ২০০৬ চনৰ পৰা। ২০০৭ চনত কইম্বাটুৰত অনুষ্ঠিত 'ৱৰ্ল্ড নিম কন্ফাৰেঞ্চ'ত যোগ দি তেওঁ এখন গৱেষণা পত্ৰ দাখিল কৰে। ইয়াৰ পিছত তেওঁ ঔষধত পাৰ্শ্বক্ৰিয়া কমোৱা, দক্ষতা বঢ়োৱা,ঔষধে যাতে কেৱল প্ৰয়োজনীয় অংশতহে ক্ৰিয়া কৰে আৰু যাতে এক নিৰ্দিষ্ট সময়ৰ বাবেহে ক্ৰিয়াশীল হৈ থাকে ইত্যাদি বিষয়ক লৈ গৱেষণা কৰে।এইক্ষেত্ৰত তৰল অথবা কঠিন দুয়ো ঔষধৰ ক্ষেত্ৰত তেওঁ পলিমাৰৰ ব্যৱহাৰ সম্পৰ্কে গৱেষণা কৰে। ২
কৰ্মজীৱন
তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানত পি এইচ ডি৩ অৰ্জন কৰা নিৰ্মলা দেৱী ৰাজস্থানৰ জয়পুৰত থকা কেন্দ্ৰীয় পেট্ৰকেমিকেলজ অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত ৰসায়ন বিজ্ঞানৰ অধ্যাপিকা হিচাপে কৰ্মৰত। আই আই টি গুৱাহাটীৰ পৰা তেওঁ পষ্ট ডক্টৰেট কৰে।৪ বৰ্তমানলৈকে ৰিচাৰ্ছগেটত তেওঁৰ ৬১৪ খন চাইটেচন আছে।৫
বৈবাহিক জীৱন
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ অধ্যাপক ড° জয়ন্ত কৃষ্ণ শৰ্মাৰ সৈতে বিবাহ হয়। তেওঁলোকৰ এটি কন্যাসন্তান আছে।১
সাহিত্যৰাজি
- প্ৰবল ইচ্ছাশক্তি আৰু আত্মোকৰ্ষৰ সাধনা
- লক্ষ্য এক মনুষ্যত্ব
- জীৱন গঢ়াৰ প্ৰেৰণা
- খাদ্য আৰু স্বাস্থ্যৰ সাধনা
- ছিন্ ৰিণ্-য়'কু
জড়িত অন্যান্য ক্ষেত্ৰ
WICCIৰ তেওঁ ৰাজ্যিক সভাপতি।৬ নাগালেণ্ডৰ এন আই টিতো৭ কৰ্মৰত আছিল।
বঁটা সন্মান
পেট্ৰকেমিকেল আৰু ডাউনষ্ট্ৰীম প্লাষ্টিক প্ৰ'চেছিঙৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ২০১২ চনত নিৰ্মলা দেৱীলৈ ভাৰত চৰকাৰৰ ৰসায়ন আৰু সাৰ মন্ত্ৰণালয়ে প্ৰৱৰ্তন কৰা প্ৰযুক্তি উদ্ভাৱনী ৰাষ্ট্ৰীয় বঁটা৮ আগবঢ়ায়। এই বঁটাত আছে দুই লাখ টকা, প্ৰশস্তি ফলক,অংগবস্ত্ৰ ইত্যাদি। ২৬ এপ্ৰিলত নতুন দিল্লীৰ অশোকা হলত নিৰ্মলা দেৱীয়ে এই বঁটা গ্ৰহণ কৰে।৯১০এই বঁটা পোৱা গৱেষণা পত্ৰখন হ'ল- Developmemnt of Neem Seed Oil Microencapsulated Natural Polymeric Controlled Release Pesticide।১
তথ্যসূত্ৰ
- ↑ (মে',২০১৩). তিতাৰ যোগেৰে মিঠাৰ খবৰ অনা ড° নিৰ্মলা দেৱী. প্ৰিয় সখী. পৃ. ৫৪
- ↑ (১০ আগষ্ট,২০১১). সম্ভাৱনাময় গুৰুত্বপূৰ্ণ গৱেষণা কৰ্মত সাফল্য. আমাৰ অসম
- ↑ Biography
- ↑ Dr Nirmala Devi. Google Scholar
- ↑ Nirmala Devi. researchgate.net
- ↑ Dr. Nirmala Devi. WICCI
- ↑ Nirmala Devi. National Institute of Technology, Nagaland
- ↑ (১৮ মে',২০১২). এৱাৰ্ড. দ্য আছাম ট্ৰিবিউন
- ↑ (১৬ মে', ২০১২). নিৰ্মলা দেৱীলৈ ৰাষ্ট্ৰীয় বঁটা. দৈনিক অসম
- ↑ (২২ মে',২০১২). ড° নিৰ্মলা দেৱীলৈ ৰাষ্ট্ৰীয় বঁটা. আমাৰ অসম
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিৰ্মলা দেৱী” প্ৰবন্ধৰ সংশোধন ৪০৩৮৫৪ (২৮ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।