জোৱান মেৰী "জান" এণ্ডাৰছন FAA FRS (১৩ মে' ১৯৩২ – ২৮ আগষ্ট ২০১৫) সালোক সংশ্লেষণৰ অনুসন্ধানৰ বাবে জনাজাত নিউজিলেণ্ডৰ এগৰাকী বিজ্ঞানী আছিল। তেওঁ অষ্ট্ৰেলিয়াৰ কেনবেৰাত অধ্যয়নৰ কাম কৰিছিল।
জীৱন
১৯৩২ চনত নিউজিলেণ্ডৰ কুইন্সটাউনত জন্মগ্ৰহণ কৰিছিল জোৱান মেৰী এণ্ডাৰছনে। তেওঁৰ পিতৃ ডা° বিল এণ্ডাৰছন আছিল এজন দেশৰ চিকিৎসক। দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত এণ্ডাৰছনৰ বয়স আঠ বছৰ বয়সত তেওঁৰ মাকৰ মৃত্যু হয়।১ হাইস্কুলৰ পিছত এণ্ডাৰছনে অটাগো বিশ্ববিদ্যালয়ত জৈৱ ৰসায়ন বিজ্ঞান অধ্যয়ন কৰাৰ সিদ্ধান্ত লয়। সেই সময়ত নিউজিলেণ্ড বিশ্ববিদ্যালয়ে ডিগ্ৰী প্ৰদান কৰিছিল আৰু তেওঁ প্ৰথম শ্ৰেণীৰ সন্মানেৰে বি এছ চি আৰু এম এছ চি লাভ কৰিছিল।১
নিউজিলেণ্ডৰ বাবে কিং জৰ্জ পঞ্চম মেম’ৰিয়েল ফেল’শ্বিপ নামৰ বৃত্তি লাভ কৰি এবছৰৰ বাবে আমেৰিকাত স্নাতকোত্তৰ অধ্যয়ন কৰিবলৈ সক্ষম হয়। বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত উপস্থিত হোৱাৰ লগে লগে তেওঁ এক অসুবিধাৰ সম্মুখীন হৈ দেখিলে যে তেওঁৰ নিউজিলেণ্ডৰ স্নাতকোত্তৰ ডিগ্ৰীটো স্বীকৃতি দিয়া হোৱা নাই, যাৰ বাবে তেওঁ পুথিভঁৰাল, গৱেষণাৰ সুবিধা আৰু স্বাস্থ্য বীমাৰ সুবিধা লাভ কৰাত অসুবিধা হ’ল। এই সমস্যা দূৰ কৰিবলৈ তেওঁ পি এইচ ডিৰ বাবে নামভৰ্তি কৰে, যাৰ দিশত তেওঁ মেলভিন কেলভিনৰ তত্ত্বাৱধানত ইউ চি বাৰ্কলে কলেজ অৱ কেমিষ্ট্ৰীত (১৯৫৬–৫৯) অধ্যয়ন কৰে; ১৯৬১ চনত কেলভিনে ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।২৩
তাৰ পিছত তেওঁ ৱেলিংটন গাৰ্লছ হাইস্কুলত বণ্ডৰ অধীনত শিক্ষকতা কৰে, কিন্তু এই কাম এৰি তেওঁ কমনৱেলথ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ অৰ্গেনাইজেচন (চিএছআইআৰঅ')ৰপৰা চাৰি বছৰৰ আগতে চিএছআইআৰঅ' প্লাণ্ট ইণ্ডাষ্ট্ৰীৰ জন ফ'কে দিয়া চাকৰিৰ প্ৰস্তাৱ গ্ৰহণ কৰে।২
তেওঁ প্ৰথমে দেখুৱাইছিল যে সালোক সংশ্লেষণ ব্যৱস্থাত দুটা মৌলিক উপাদান থাকে: ফটোচিষ্টেম I আৰু ফটোচিষ্টেম II।৪ এণ্ডাৰছন অষ্ট্ৰেলিয়ান নেচনেল ইউনিভাৰ্চিটিৰ এডজাণ্ট প্ৰফেচাৰ আছিল।২
২০১৫ চনৰ ২৮ আগষ্টত এণ্ডাৰছনৰ মৃত্যু হয়।২ তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া কেনবেৰাৰ ৰিডৰ ছেইণ্ট জন দ্য বেপ্টিষ্ট চাৰ্চত কৰা হয়।৫
বঁটা আৰু সন্মান
১৯৮৩ চনত লেমবাৰ্গ পদক,৬ ১৯৮৭ চনত অষ্ট্ৰেলিয়ান একাডেমী অৱ চাইন্সৰ ফেলো হিচাপে নিৰ্বাচিত আৰু ১৯৯৬ চনত ৰয়েল ছ'চাইটিৰ ফেলো হিচাপে নিৰ্বাচিত হোৱা আদি বহুতো সন্মান আৰু বঁটা লাভ কৰে।৭৮ ১৯৯৮ চনত উমিয়া বিশ্ববিদ্যালয়ৰপৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। ২০০১ চনত তেওঁক শতবাৰ্ষিকী পদক প্ৰদান কৰা হয়।২ ২০১৭ চনত তেওঁক ৰয়েল ছ'চাইটি অৱ নিউজিলেণ্ডৰ "১৫০ শব্দত ১৫০ গৰাকী মহিলা"ৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰা হয়।৯
তথ্যসূত্ৰ
- ↑ Bhathal, Ragbir. (1999). Profiles: Australian Women Scientists. National Library of Australia. পৃ. 15–25. ISBN 9780642107015
- ↑ (1 September 2015). Vale Jan Anderson. Australian National University
- ↑ Melvin Calvin - Facts. Nobelprize.org. Nobel Media
- ↑ Professor Jan Anderson FRS - Shedding light on photosynthesis. Royal Society
- ↑ Joan (Jan) Mary Anderson. Obituary. HeavenAddress
- ↑ Lemberg Medal Winners. Australian Society for Biochemistry and Molecular Biology
- ↑ Alafaci, Annette. (7 February 2011). Anderson, Jan profile. Encyclopedia of Australian Science
- ↑ Horton, Peter; Soon Chow, Wah; Barret, Christopher (2018). "Joan Mary Anderson. 12 May 1932—28 August 2015". Biographical Memoirs of Fellows of the Royal Society. doi.org/10.1098/rsbm.2018.0006
- ↑ 150 Women in 150 Words. Royal Society Te Apārangi
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জান এণ্ডাৰছন” প্ৰবন্ধৰ সংশোধন ৬০৮৭৪২ (২৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।