অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

গেইল এছলী

গেইল এছলী, জন্ম নাম মৌৰী, (জন্ম ২৯ জানুৱাৰী ১৯৪১) এগৰাকী আমেৰিকান পলসবিজ্ঞানী। তেওঁ অলডুভাই গৰ্জৰ পলসৰ অধ্যয়নৰ বাবে পৰিচিত, যিয়ে হ’মিনিডৰ বাবে উপলভ্য পানী যোগান আৰু অঞ্চলটোৰ পুৰাজলবায়ুৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

হালনাগাদ: ২৬ মাৰ্চ ২০২৬ ২৮০ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

গেইল এছলী, জন্ম নাম মৌৰী, (জন্ম ২৯ জানুৱাৰী ১৯৪১) এগৰাকী আমেৰিকান পলসবিজ্ঞানী। তেওঁ অলডুভাই গৰ্জৰ পলসৰ অধ্যয়নৰ বাবে পৰিচিত, যিয়ে হ’মিনিডৰ বাবে উপলভ্য পানী যোগান আৰু অঞ্চলটোৰ পুৰাজলবায়ুৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বতৰ বিজ্ঞান, সাগৰবিজ্ঞান, পূৰা নৃতত্ত্ব, আৰু প্ৰত্নতত্ত্বকে ধৰি বহু-বিষয়ৰ প্ৰকল্পত অংশগ্ৰহণ কৰিছে। সেই পদত অধিষ্ঠিত হোৱা দ্বিতীয়গৰাকী মহিলা হিচাপে জিঅ’লজিকেল ছ’চাইটি অৱ আমেৰিকাৰ সভাপতিত্বকে ধৰি পলসবিজ্ঞান আৰু ভূতত্ত্বৰ ক্ষেত্ৰত পেছাদাৰী সংস্থাসমূহত কাৰ্যনিৰ্বাহ কৰি আহিছে।

প্ৰাথমিক জীৱন আৰু শিক্ষা

১৯৪১ চনৰ ২৯ জানুৱাৰীত মেছাচুচেটছৰ লিঅ’মিনষ্টাৰত জন্মগ্ৰহণ কৰিছিল এছলীয়ে, সৰুতে তেওঁৰ নাম আছিল গেইল মৌৰী। সৰুৰে পৰা ভূতত্ত্বৰ প্ৰতি তেওঁৰ আগ্ৰহ চুবুৰীয়া আৰু ভূতত্ত্বৰ অধ্যাপকৰ তত্ত্বাৱধানত গঢ় লৈ উঠিছিল। ১৯৬৩ চনত তেওঁ আমহাৰ্ষ্টৰ মেছাচুচেটছ বিশ্ববিদ্যালয়ৰপৰা ভূতত্ত্ব বিজ্ঞানত স্নাতক ডিগ্ৰী আৰু ১৯৭২ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১ ১৯৭৭ চনত এছলীয়ে পি এইচ ডি লাভ কৰে। ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ৰপৰা জোৱাৰ-ভাটাৰ নদীত পলস পৰিবহণৰ গৱেষণাৰ বাবে।২

গৱেষণা কেৰিয়াৰ

১৯৭৭ চনত এছলীক ৰাটগাৰ্ছ বিশ্ববিদ্যালয়ত নিযুক্তি দিয়া হয় আৰু বৰ্তমান তেওঁ পূৰ্ণ অধ্যাপিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।২৩ জাৰ্নেল অৱ চেডিমেণ্টেৰী ৰিচাৰ্চ আৰু জিঅ'লজিকেল ছ'চাইটি অৱ আমেৰিকা বুলেটিনৰ প্ৰথম মহিলা সম্পাদিকাকে ধৰি কেইবাখনো আলোচনীৰ সম্পাদিকা হিচাপে কাম কৰি আহিছে।২ ২০১৪ চনত WISE (বৈজ্ঞানিক শিক্ষাত মহিলা)দ্বাৰা প্ৰচাৰিত ৰাটগাৰ্ছত "মানৱ বিৱৰ্তনৰ পেলিঅ'ক্লাইমেট ফ্ৰেমৱৰ্ক, তাঞ্জানিয়াৰ অলডুভাই গৰ্জৰপৰা পাঠ" বিষয়ক বক্তৃতা প্ৰদান কৰে।৪

অলডুভাই গৰ্জ, য'ত গেইল এছলীৰ গৱেষণা আৰু অধ্যয়নৰ অধিকাংশই হৈছিল।
অলডুভাই গৰ্জ, য'ত গেইল এছলীৰ গৱেষণা আৰু অধ্যয়নৰ অধিকাংশই হৈছিল।ছবি: David Berkowitz · CC BY 2.0

এছলীৰ গৱেষণা কেৰিয়াৰ হিমবাহ আৰু পুৰাপৰিৱেশ বিজ্ঞানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।২৫

১৯৯৮ চনত শিল, মাটি, পানী, বায়ু আৰু জীৱিত জীৱৰ সৈতে জড়িত জটিল পাৰস্পৰিক ক্ৰিয়াৰ এই পাতল অঞ্চলটোক বৰ্ণনা কৰিবলৈ তেওঁ প্ৰথমবাৰৰ বাবে পৃথিৱী বিজ্ঞানত জটিল অঞ্চল শব্দটো প্ৰৱৰ্তন কৰে।

সন্মান আৰু বঁটা

১৯৯১ চনৰপৰা ১৯৯২ চনলৈকে এছলী ছ’চাইটি অৱ ইকনমিক পেলিঅ’ণ্ট’লজিষ্টছ এণ্ড মিনাৰেলজিষ্টছৰ সভাপতি আছিল আৰু জিঅ’লজিকেল ছ’চাইটি অৱ আমেৰিকা (জিএছএ)ৰ নৰ্থ-ইষ্ট ছেকচনৰ অধ্যক্ষ আছিল। অধিক মহিলাক বৈজ্ঞানিক ক্ষেত্ৰলৈ অনাৰ বাবে এছ’চিয়েচন ফৰ উইমেন জিঅ’চায়েণ্টিষ্টত সক্ৰিয় হৈ আছে। ১৯৯৮ চনৰপৰা ১৯৯৯ চনলৈকে জি এছ এৰ সভাপতিত্ব কৰিছিল আৰু ইয়াৰ ইতিহাসৰ দ্বিতীয়গৰাকী মহিলা সভানেত্ৰী আছিল। ১৯৯৮ চনৰপৰা ২০০২ চনলৈকে তেওঁ আন্তৰ্জাতিক পলসবিজ্ঞানী সংস্থাৰ উপ-সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।২

২০১২ চনত এছলীয়ে জীৱনজোৰা সাফল্যৰ বাবে জি এছ এৰ লৰেন্স এল স্লছ বঁটা লাভ কৰে৩ আৰু ২০২০ চনত জি এছ এ লিমন’জিঅ’লজি বিভাগ ইজৰাইল চি ৰাছেল বঁটা লাভ কৰে।৬

তথ্যসূত্ৰ

  1. ↑ Ashley, Gail Mowry. (1972). Rhythmic sedimentation in glacial lake Hitchcock, Massachusetts-Connecticut.
  2. ↑ Gates, Alexander E. (2003). A to Z of Earth Scientists. Facts on File. ISBN 978-0-8160-4580-8
  3. ↑ Driese, Steven G. (2012). 2012 Laurence L. Sloss Award. Geological Society of America
  4. ↑ Women In Scientific Education (WISE). wmpeople.wm.edu
  5. ↑ gmashley. Gail M. Ashley - Rutgers University:: Department of Earth and Planetary Sciences. geology.rutgers.edu
  6. ↑ 2020 Israel C. Russell Award. Geological Society of America

সম্পৰ্কিত শ্ৰেণী

মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গেইল এছলী” প্ৰবন্ধৰ সংশোধন ৫৯৪৩২৯ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।