অক্ষতা কৃষ্ণমূৰ্তি (জন্ম ২৭ ডিচেম্বৰ ১৯৯০) নাছাৰ জেট প্ৰপালচন লেবৰেটৰীত প্ৰধান অনুসন্ধানকাৰী আৰু বিজ্ঞান পৰ্যায়ৰ নেতৃত্ব হিচাপে কাম কৰা এজন ভাৰতীয় মহাকাশ ব্যৱস্থা অভিযন্তা।১২
বৰ্তমান তেওঁ মংগল গ্ৰহ ২০২০ৰ কাম কৰি আছে।৩ ফৰ্চুন ইণ্ডিয়াৰ "সৰ্বাধিক শক্তিশালী মহিলা"৪
শিক্ষা
১৯৯০ চনৰ ২৭ ডিচেম্বৰত ভাৰতৰ কৰ্ণাটকৰ বেংগালুৰুত জন্মগ্ৰহণ কৰিছিল কৃষ্ণমূৰ্তিয়ে। স্কুলীয়া শিক্ষা আৰু প্ৰাক-স্নাতক শিক্ষা আৰ.ভি. অভিযান্ত্ৰিক মহাবিদ্যালয়ত লাভ কৰাৰ পিছত আমেৰিকালৈ গুচি যায় আৰু আৰ্বানা-চেম্পেইনৰ ইলিনয় বিশ্ববিদ্যালয়ৰপৰা মহাকাশ অভিযান্ত্ৰিকীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৫
কৃষ্ণমূৰ্তিয়ে মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন'লজি (এম আই টি)ৰপৰা এৰ'নটিক্স আৰু এষ্ট্ৰ'নটিক্সত পি এইচ ডি লাভ কৰে।৬৭ তেওঁৰ পি এইচ ডি গৱেষণাই বহিঃগ্ৰহ ধৰা পেলোৱাৰ বাবে মহাকাশভিত্তিক টেলিস্কোপ অভিযানৰ বাবে যন্ত্ৰৰ মানাংকন আৰু পৰিৱেশন উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তেওঁৰ গৱেষণাৰ ফলাফলে ট্ৰেনজিটিং এক্স’প্লেনেট চাৰ্ভে চেটেলাইট (TESS) আৰু আৰ্কছেকেণ্ড স্পেচ টেলিস্কোপ ইনেবলিং ৰিচাৰ্চ ইন এষ্ট্ৰ’ফিজিক্স (ASTERIA) অভিযানত অৰিহণা যোগাইছিল। কৃষ্ণমূৰ্তি আৰু তেওঁৰ সহযোগীসকলে কেইবাটাও বহিঃগ্ৰহ আৱিষ্কাৰ কৰাত আৰু এইচ ডি ৫৯৬৪০ক শিখাৰ সৈতে বিস্ফোৰণশীল পৰিৱৰ্তনীয় তৰা হিচাপে বৈশিষ্ট্য নিৰ্ণয় কৰাত অৰিহণা যোগাইছিল।৮ আন আন প্ৰকল্পসমূহৰ ভিতৰত আছিল মংগল ২০২০ মংগল গ্ৰহ অক্সিজেন ISRU পৰীক্ষা (MOXIE)।৯
এম আই টিত তেওঁ গ্ৰেজুৱেট এছ'চিয়েচন অৱ এৰ'নটিক্স এণ্ড এষ্ট্ৰ'নটিক্স (জি এ^৩) ছাত্ৰ সংগঠনৰ সভানেত্ৰী১০ আৰু এম আই টি ইণ্ডিয়া সন্মিলনৰ সহ-সভাপতি আছিল।১১
কেৰিয়াৰ
কৃষ্ণমূৰ্তিয়ে পি এইচ ডিৰ কাম কৰি থকাৰ সময়তে ASTERIA মিছনৰ অংশ হিচাপে নাছাৰ জেট প্ৰপালচন লেবৰেটৰীত ইণ্টাৰনিং কৰিছিল। ২০২১ চনৰ এপ্ৰিল মাহত তেওঁ আৰু তেওঁৰ সহযোগীসকলে CubeSat ASTERIA ৰ সৈতে কৰা কামৰ বাবে নাছা গ্ৰুপ এচিভমেণ্ট বঁটা লাভ কৰে।১২১৩ স্নাতক হোৱাৰ পিছত তেওঁ জেট প্ৰপালচন লেবৰেটৰীত চিষ্টেম ইঞ্জিনিয়াৰ আৰু বিজ্ঞান ডাটা চিষ্টেম লিড হিচাপে নিযুক্তি লাভ কৰে।১৪ তেওঁ নাছা-ইছৰো চিহ্নেটিক এপাৰচাৰ ৰাডাৰ (NISAR) অভিযানত চিষ্টেম ইঞ্জিনিয়াৰ হিচাপেও কাম আৰম্ভ কৰিছিল।১৫আৰু পিছলৈ বিজ্ঞান পৰ্যায়ৰ নেত্ৰী হৈছিল।১৬
বৰ্তমান কৃষ্ণমূৰ্তি এগৰাকী ৰবটিক অপাৰেচন চিষ্টেম ইঞ্জিনিয়াৰ আৰু মংগল ২০২০ পাৰ্চেভাৰেন্স মিছন ৰবটিক অপাৰেচনত কাম কৰি আছে আৰু মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন'লজিৰ সৈতে এটা কৌশলগত বিশ্ববিদ্যালয় গৱেষণা কাৰ্যসূচীৰ প্ৰধান অনুসন্ধানকাৰী।৩ ইয়াৰ পূৰ্বে তেওঁ নাছাৰ ট্ৰেনজিটিং এক্স’প্লেনেট চাৰ্ভে চেটেলাইট (TESS)ত ইনষ্ট্ৰুমেণ্ট ইঞ্জিনিয়াৰ আৰু ASTERIA মিছনত সহ-তদন্তকাৰী হিচাপে হিচাপে কাম কৰিছিল। তেওঁ প্ৰথম ভাৰতীয় যিয়ে পাৰ্চেভাৰেন্স মাৰ্চ ৰভাৰ চলাইছিল।১৭
তথ্যসূত্ৰ
- ↑ Sharma, Manoj. (2 August 2024). Power lists like Fortune India MPW help shun self-doubt: NASA's Krishnamurthy. Fortune India
- ↑ NASA JPL NISAR Project Team. NASA JPL
- ↑ SURP Research. SURP Research. NASA
- ↑ Sharma, -Manoj. Akshata Krishnamurthy - Most Powerful Women in 2024 - Fortune India. www.fortuneindia.com
- ↑ Krishnamurthy, Akshata. (2012). Development and characterization of an inertial electrostatic confinement thruster. UIUC
- ↑ Krishnamurthy, Akshata. (2020). Instrument systematics calibration and performance validation for high precision photometry missions. MIT
- ↑ (6 January 2020). Thesis Defense Presented by Akshata Krishnamurthy. MIT
- ↑ Günther, Maximilian N.; Zhan, Zhuchang; Seager, Sara. (2020-01-20). Stellar Flares from the First TESS Data Release: Exploring a New Sample of M Dwarfs. The Astronomical Journal. পৃ. 60
- ↑ Meyen, Forrest; Krishnamurthy, Akshata; Hoffman, Jeffrey. (2018). 2018 IEEE Aerospace Conference. পৃ. 1–10. ISBN 978-1-5386-2014-4
- ↑ Graduate Association of Aeronautics and Astronautics. Graduate Association of Aeronautics and Astronautics (GA3). MIT
- ↑ MIT India Conference. MIT India Conference. MIT
- ↑ NASA Group Achievement Award. NASA Group Achievement Award. NASA
- ↑ ASTERIA Group Achievement Award. NASA Group Achievement Award. JPL
- ↑ Mani, Sowmya. (13 May 2024). 'How I Got a Job At NASA': Aerospace Engineer Shares 5 Tips to Build a Career in Space. The Better India
- ↑ SSPI's 20 under 35 Profile. SSPI's 20 under 35 list. SSPI
- ↑ NISAR Project. NISAR Project. NASA
- ↑ (December 5, 2023). Akshata Krishnamurthy becomes first Indian to operate Mars rover - Know more about her difficult journey. www.livemint.com. Mint
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অক্ষতা কৃষ্ণমূৰ্তি” প্ৰবন্ধৰ সংশোধন ৬২৮৬২২ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।