ফৰ্মুদ আলি ( Pharmud Ali) ১৮৫৭ চনত হোৱা ভাৰতৰ চিপাহী বিদ্ৰোহ ১৮৫৭ৰ সময়ত অসমৰ মণিৰাম দেৱানৰ লগত লগ হৈ দেশৰ মুক্তিৰ বাবে কৰা কাম-কাজৰ বাবে বৃটিছৰ হাতত বন্দী হৈ কাৰাবাস খাটিছিল৷ এওঁৰ পিতৃৰ নাম আছিল পদো মোল্লা৷ ফৰ্মুদ আলিৰ জন্মস্থান যোৰহাট৷১
এওঁ এগৰাকী সংগীতজ্ঞ আৰু বেহেলাবাদক আছিল৷ আহোম ৰজা কন্দৰ্পেশ্বৰ সিংহৰ দিনত তেওঁ ৰাজহাউলীত কুঁৱৰীসকলক সংগীতৰ তালিম দিছিল৷ ফৰ্মুদ আলি চিলাই কৰা আৰু গুণাৰ কাৰচিপি কামতো পাকৈত আছিল৷২
১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ ১৮৫৭ৰ সময়ত মণিৰাম দেৱানে ফৰ্মুদ আলি, বাহাদুৰ গাঁওবুঢ়া, কন্দৰ্পেশ্বৰ সিংহ আদিৰ সহযোগত অসমৰ পৰা ব্ৰিটিছ শাসন ওফৰাবলৈ যো-জা কৰিছিল। বাহাদুৰ গাঁওবুঢ়াক মুছলমানসকলৰ সমৰ্থন গোটোৱাৰ দায়িত্ব দিয়া হৈছিল। বাহাদুৰ আৰু ফৰ্মুদ আলীয়ে নুৰ মহম্মদ নামৰ এজন সেনা বিষয়াক কন্দৰ্পেশ্বৰ সিংহৰ ওচৰলৈ বিদ্ৰোহৰ আলোচনাৰ বাবে লৈ গৈছিল।৩ ১৮৫৮ চনত ব্ৰিটিছৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অপৰাধত মণিৰাম দেৱান, পিয়লি বৰুৱা আদিক দোষী সাব্যস্ত কৰা হয়। তেওঁলোকক যোৰহাট জেলৰ প্ৰাংগণত ফাঁচী দিয়া হয় আৰু আন সহযোগী বিদ্ৰোহীসকলৰ লগতে ফৰ্মুদ আলীক গ্ৰেপ্তাৰ কৰি৪ তেওঁৰ সম্পত্তি বাজেয়াপ্ত কৰি কলিয়াপানীলৈ (আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ চেলুলাৰ জে'ল) নিৰ্বাসন দিয়া হয়। পিছলৈ সাধাৰণ ক্ষমাদান কৰি বাহাদুৰ গাঁওবুঢ়া, দুতি বৰুৱাৰ লগতে ফৰ্মুদ আলিকো শাস্তি ৰেহাই দি অসমলৈ উভতি আহিবলৈ দিয়া হয়৷৫
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ. (২০১৮). জীৱনী অভিধান. বনলতা. পৃ. ১৪৭. ISBN 978-81-7339-428-7
- ↑ ৰহমান, আবদুৰ. (২০১৩). অসমৰ মুছলমান. চন্দ্ৰ প্ৰকাশ. পৃ. ১৮০. ISBN 978-93-244-0318-6
- ↑ (2 September 2013). Jorhat remembers heroes of Sepoy Mutiny. The Telegraph
- ↑ শৰ্মা, ভূপেন (সম্পাদক). (২০১৫). মনপুৰ মৌচন্দা. অসম সাহিত্য সভাৰ কলিয়াবৰ অধিৱেশনৰ স্মাৰক গ্ৰন্থ
- ↑ কলিতা, ড° ৰমেশ চন্দ্ৰ. (২০২০). স্বাধীনতা আন্দোলন আৰু অসম. অসম প্ৰকাশন পৰিষদ. পৃ. ৩৩৩
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফৰ্মুদ আলি” প্ৰবন্ধৰ সংশোধন ৪৬৫৮৭২ (২৫ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।