হেমৰাম পাটৰ ( Hemaram Patar) বিয়াল্লিছৰ গণ-আন্দোলনৰ এগৰাকী শ্বহীদ৷ ১৯২৩ চনৰ জন্ম৷ ১ফুল-কুমলীয়া বয়সতে পুলিচ-মিলিটাৰীৰ অবৰ্ণনীয় অত্যাচাৰৰ বলি হৈ জোঙাল বলহু গড়ৰ ওচৰত তেওঁৰ মৃত্যু হৈছিল৷২৩
জন্ম আৰু শিশুকাল
তেওঁ পিতৃৰ নাম আছিল ৰুদ্ৰসিং পাটৰ আৰু মাকৰ নাম আছিল সোণসেৰী পাটৰ৷ হেমৰাম পাটৰৰ জন্ম হৈছিল ১৯২৩ চন শাওণ মাহত৷ শিশু অৱস্থাৰ পৰাই হেমৰামে পৰিয়ালৰ সকলোকে দেশপ্ৰেমত নিমজ্জিত হৈ থকা দেখি আহিছিল৷
স্বাধীনতা আন্দোলনত
১৯২৬ চনত পাণ্ডুত বহা “নিখিল ভাৰত কংগ্ৰেছ’’ৰ অধিৱেশনৰ মণ্ডপৰ বাবে প্ৰয়োজন হোৱা বৃহৎ পৰিমাণৰ কাপোৰ কেৱল বাৰপুজীয়া-মৰিগাঁও অঞ্চলৰ পৰাই সংগ্ৰহ কৰা হৈছিল আৰু এই কামৰ বাবে পৰিয়ালৰ সকলো লোকে অংশ গ্ৰহণ কৰিছিল৷ ১৯৩১ চনত “সূতাকটা প্ৰতিযোগিতা’’ত হেমৰামৰ খুৰীয়েকে সোণৰ পদক লাভ কৰিছিল বুলি জনা যায়৷ ১৯৪১ চনৰ পৰাই হেমৰাম পাটৰে গাঁও সংগঠনৰ কাম কৰিছিল৷ ৪২ৰ ২৬ আগষ্টৰ দিনা নগাঁৱৰ বেবেজীয়াত বহু মানুহক অত্যাচাৰ কৰা আৰু ক’লাই কোছ আৰু হেমৰাম বৰাক গুলীয়াই মৰা শুনি সকলো উত্তেজিত হৈ পৰে আৰু সেইদিনাই ৰাতি প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে ৰে’লৰ ফিচপ্লেট খুলি সেনালৈ ৰচদ-পাতি অহা বন্ধ কৰিবলৈ ১০-১১জনীয়া এটা দলে জোঙাল বলহু গড়ৰ ওচৰৰ দলং ভাঙি ৰে’ললাইনৰ চিৰি উঠাবলৈ ধৰোঁতে মিলিটাৰীয়ে আটাইকে ঘেৰাও কৰে৷ প্ৰথমে মিলিটাৰীয়ে সোধা-পোছা কৰি কোনো উত্তৰ নাপাই গুলী বৰ্ষণ কৰে৷ গুলী লাগি গুণাভি বৰদলৈ আৰু হেমৰাম পাটৰ ঢলি পৰে আৰু গুণাভিৰ ততালিকে মৃত্যু হয়৷ বাকীসকল আন্ধাৰৰ সুযোগ বুজি পলাই যায়৷ হেমৰামৰ ভৰিত গুলী লাগিছিল৷ তাৰপিছত পুলিচ-মিলিটাৰীয়ে নানা কথা সুধি ব্যতিব্যস্ত কৰাতো মুখেৰে তেওঁ একো নোকোৱাত, বুট জোতাৰে মুখত গুৰিয়াই-গছকি অত্যাচাৰ কৰে আৰু শিলনি ওপৰেৰে চোঁচৰাই নি গাড়ীত থেকেচি তোলে৷ সেই অত্যাচাৰতে হেমৰামৰ মৃত্যু হয়৷৪
স্বীকৃতি
বিয়াল্লিছৰ গণ-আন্দোলনত প্ৰাণ আহুতি দিয়া বৃহত্তৰ বাৰপুজীয়া অঞ্চলৰ তিলক ডেকা, গুণাভি বৰদলৈ আৰু হেমৰাম পাটৰৰ প্ৰতি শ্ৰদ্ধা জনাই অসম চৰকাৰে মৰিগাঁও অসামৰিক চিকিৎসালয়খন তিনিওজনা বীৰৰ নামেৰে “শ্বহীদ তিলক, হেমৰাম, গুণাভিৰাম অসামৰিক চিকিৎসালয়’’ নামেৰে নামকৰণ কৰিছে৷ ৫
তথ্যসূত্ৰ
- ↑ ডেকা, কনকচন্দ্ৰ. (১৯৯০). অসমৰ প্ৰয়াত মুক্তিযুঁজাৰুৰ জীৱনী কোষ. কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাজন্ম-শতবাৰ্ষিকী উদযাপন সমিতি, গুৱাহাটী. পৃ. ৩২১
- ↑ বৰা, সুশীল. (২০০৬). স্বাধীনতা সংগ্ৰামত বৃহত্তৰ হাতীচোং. সুশীল বৰা. পৃ. ৪৬
- ↑ কলিতা, ড° ৰমেশ চন্দ্ৰ. (২০০৬). অসমৰ কালানুক্ৰমিক ইতিহাস. অসম প্ৰকাশন পৰিষদ. পৃ. ১০২
- ↑ কলিতা, বেণুধৰ. (১৯৮৯). বিয়াল্লিছৰ নগঞা ছহীদ. লক্ষেশ্বৰ, যুগল, যুক্তিকুমাৰ, হিৰণ্য কলিতা. পৃ. ২৫
- ↑ মৰিগাঁও অসামৰিক চিকিৎসালয়
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেমৰাম পাটৰ” প্ৰবন্ধৰ সংশোধন ৫৩৩৫২৬ (১৮ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।