অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আব্দুল মতলিব মজুমদাৰ

আব্দুল মতলিব মজুমদাৰ ( Abdul Motlib Mazumdar) ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু একাধিকবাৰ অসম বিধান সভালৈ নিৰ্বাচিত কংগ্ৰেছ প্ৰতিনিধি৷ তেওঁ খিলাফৎ আন্দোলনৰ সমৰ্থক আৰু প্ৰাক্-স্বাধীনতাকালত মুছলিম লীগৰ প্ৰতিদ্বন্দ্বীৰূপে “জমিয়ৎ উলেমা ই হিন্দ’’ নামৰ সংগঠনটোৰ প্ৰতিষ্ঠাতা৷ তেওঁৰ জন্ম ১৮৯০ চনৰ জুন মাহৰ ১…

হালনাগাদ: ২৮ আগষ্ট ২০২৩ ১৩০ শব্দ · ১ মিনিট সংগৃহীত ৪৬
সংশোধনৰ পৰামৰ্শ

আব্দুল মতলিব মজুমদাৰ ( Abdul Motlib Mazumdar) ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু একাধিকবাৰ অসম বিধান সভালৈ নিৰ্বাচিত কংগ্ৰেছ প্ৰতিনিধি৷ তেওঁ খিলাফৎ আন্দোলনৰ সমৰ্থক আৰু প্ৰাক্-স্বাধীনতাকালত মুছলিম লীগৰ প্ৰতিদ্বন্দ্বীৰূপে “জমিয়ৎ উলেমা ই হিন্দ’’ নামৰ সংগঠনটোৰ প্ৰতিষ্ঠাতা৷ তেওঁৰ জন্ম ১৮৯০ চনৰ জুন মাহৰ ১ তাৰিখে, হাইলাকন্দি জিলাৰ বৰজুৰাই গাঁৱত৷১২

শিক্ষা

হাইলাকান্দিৰ ভিক্টোৰিয়া মেম’ৰিয়েল হাইস্কুলৰ পৰা প্ৰৱেশিকা পাছ কৰি “আৰ্ল মেডেল’’ লাভ কৰে আৰু ঢাকালৈ গৈ বি,এ আৰু ইংৰাজীত এম,এ উপাধি লৈ তিনিবছৰ পাছত আইনৰো স্নাতক ডিগ্ৰী লাভ কৰে৷১২

কৰ্মজীৱন

শিক্ষা সাং কৰি তেওঁ শ্বিলঙৰ অসম সচিবালয়ত কিছুকাল চাকৰি কৰাৰ পাছত হাইলাকান্দিত ওকালতি কৰিবলৈ লয়, আৰু তেতিয়াই তেওঁ খিলাফৎ আন্দোলনত যোগ দিয়ে৷১২

ৰাজনৈতিক জীৱন

১৯২৫ চনৰ পৰা তেওঁ কংগ্ৰেছৰ সৈতে জড়িত হৈ পৰে আৰু স্বাধীনতা যুঁজত অংশ গ্ৰহণ কৰে৷ ১৯৩৭ চনত তেওঁ হাইলাকান্দি জিলা কংগ্ৰেছ কমিটি গঠন কৰে আৰু তেওঁ তাৰ সভাপতিৰ পদ গ্ৰহণ কৰে৷ ১৯৪৫ চনত তেওঁ হাইলাকান্দি লোকেল বোৰ্ডৰ সভাপতি হয়৷ লোকেল বোৰ্ডৰ তেৱেঁই আছিল প্ৰথম ভাৰতীয় সভাপতি৷ ১৯৪৬ চনত মুছলিম লীগৰ প্ৰাৰ্থীক হৰুৱাই বিধান সভালৈ নিৰ্বাচিত হয় আৰু গোপীনাথ বৰদলৈ মন্ত্ৰীসভাৰ সদস্যপদ লাভ কৰে৷৩ তেওঁ বিষ্ণুৰাম মেধি মন্ত্ৰীসভাতো মন্ত্ৰীপদ লাছ কৰিছিল৷ ১৯৬২ চনত তেওঁ নিৰ্বাচনত পৰাজিত হয় কিন্তু বিমলাপ্ৰসাদ চলিহাৰ অনুৰোধত পুনৰ ১৯৬৭ চনত নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হয় আৰু চলিহা মন্ত্ৰীসভাৰ সদস্য৩ হৈ কিছুকাল থাকি তেওঁ সক্ৰিয় ৰাজনীতি ত্যাগ কৰে৷ স্বাধীনতা লাভৰ সময়ত তেওঁ কাছাৰ জিলাক চিলেটৰ লগত সংযুক্ত কৰাৰ বিৰোধীতা কৰিছিল৷১২

মৃত্যু

১৯৮০ চনৰ ২০ ছেপ্তেম্বৰত তেওঁৰ মৃত্যু হয়৷১২

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ. (২০১৮). জীৱনী অভিধান. বনলতা. পৃ. ১৮. ISBN 978-81-7339-428-7
  2. ↑ ৰহমান, আবদুৰ. (২০০৮). অসমৰ মুছলমানসকল. চন্দ্ৰ প্ৰকাশ. পৃ. ১৮৩
  3. ↑ কলিতা, ড° ৰমেশ চন্দ্ৰ. (২০০৬). অসমৰ কালানুক্ৰমিক ইতিহাস. অসম প্ৰকাশন পৰিষদ. পৃ. ১০৭, ১৪৩

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ স্বাধীনতা সংগ্ৰামীঅসম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আব্দুল মতলিব মজুমদাৰ” প্ৰবন্ধৰ সংশোধন ৩৭৬১৪৫ (২৮ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।