অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কল্পনা দত্ত

কল্পনা দত্ত (অথবা কল্পনা যোশী; Kalpana Datta; ২৭ জুলাই ১৯১৩-৮ ফেব্ৰুৱাৰী ১৯৯৫) ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আৰু ১৯৩০ চনত চিটাগং অস্ত্ৰাগাৰ আক্ৰমণত জড়িত সূৰ্য সেন নেতৃত্বাধীন সশস্ত্ৰ স্বাধীনতা আন্দোলনৰ এগৰাকী কৰ্মী আছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩৫১ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

কল্পনা দত্ত (অথবা কল্পনা যোশী; Kalpana Datta; ২৭ জুলাই ১৯১৩-৮ ফেব্ৰুৱাৰী ১৯৯৫) ভাৰতৰ স্বাধীনতা আন্দোলনৰ আৰু ১৯৩০ চনত চিটাগং অস্ত্ৰাগাৰ আক্ৰমণত জড়িত সূৰ্য সেন নেতৃত্বাধীন সশস্ত্ৰ স্বাধীনতা আন্দোলনৰ এগৰাকী কৰ্মী আছিল।১ পিছলৈ তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টিত যোগদান কৰে আৰু ১৯৪৩ চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক পুৰণ চন্দ যোশীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।২

প্ৰাৰম্ভিক জীৱন

কল্পনা দত্তৰ ব্ৰিটিছ ৰাজৰ বংগ প্ৰদেশৰ চট্টগ্ৰাম জিলাৰ এখন গাঁও শ্ৰীপুৰৰ (বৰ্তমান বাংলাদেশৰ বোৱালখালী উপজিলাত) বৈদ্য পৰিয়ালত জন্ম হৈছিল।৩ তেওঁৰ দেউতাক বিনোদ বিহাৰী দত্তগুপ্ত চৰকাৰী কৰ্মচাৰী আছিল। ১৯২৯ চনত চট্টগ্ৰামত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কলিকতালৈ গৈ বেথুন কলেজত বিজ্ঞান শাখাত নামভৰ্তি কৰে। অতি সোনকালেই তেওঁ ছাত্ৰী সংঘত যোগদান কৰে; যিটো অৰ্ধবিপ্লৱী সংগঠনj বীণা দাস আৰু প্ৰীতিলতা ওৱাদ্দেদাৰো সক্ৰিয় সদস্য আছিল।৪

সশস্ত্ৰ স্বাধীনতা সংগ্ৰাম

১৯৩০ চনৰ ১৮ এপ্ৰিলত চট্টগ্ৰাম অস্ত্ৰভাণ্ডাৰত অভিযান চলোৱা হয়। ৫ ১৯৩১ চনৰ ছেপ্টেম্বৰ মাহত সূৰ্য সেনে তেওঁক প্ৰীতিলতা ওৱাদ্দেদাৰ সৈতে চট্টগ্ৰামৰ ইউৰোপীয় ক্লাবত আক্ৰমণৰ দায়িত্ব অৰ্পণ কৰে। আক্ৰমণৰ এসপ্তাহ পূৰ্বে অঞ্চলটোৰ গোপনীয় সমীক্ষা চলাই থকাৰ সময়তে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। জামিনত মুক্তি পোৱাৰ পিছত তেওঁ আত্মগোপন কৰে। ১৯৩৩ চনৰ ১৬ ফেব্ৰুৱাৰীত আৰক্ষীয়ে গাইৰালা গাঁৱত তেওঁলোকৰ আত্মগোপনৰ স্থান ঘেৰাও কৰে। এই অভিযানত আৰক্ষীয়ে সূৰ্য সেনক গ্ৰেপ্তাৰ কৰে যদিও কল্পনা পলায়ন কৰিবলৈ সক্ষম হয়। সূৰ্য সেনক মুক্ত কৰিবলৈ তেওঁ জেলত বোমা বিস্ফোৰণ কৰাৰ প্ৰচেষ্টা চলায় যদিও বিফল হয়। ৬

অৱশেষত ১৯৩৩ চনৰ ১৯ মে'ত কল্পনাক গ্ৰেপ্তাৰ কৰা হয়। চট্টগ্ৰাম অস্ত্ৰভাণ্ডাৰ অভিযান গোচৰৰ দ্বিতীয় পৰ্যায়ৰ বিচাৰত কল্পনাক যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰা হয়। ১৯৩৯ চনত তেওঁ মুক্তি লাভ কৰে। ৭

পৰৱৰ্তী জীৱন

কল্পনাই ১৯৪০ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি ভাৰতীয় কমিউনিষ্ট পাৰ্টিত যোগদান কৰে। ১৯৪৩ চনৰ বংগ দুৰ্ভিক্ষৰ সময়ত আৰু বংগ বিভাজনৰ সময়ত তেওঁ সাহায্য কৰ্মী হিচাপে কাম কৰিছিল। তেওঁ বঙালী ভাষা ভাষাত “চট্টগ্ৰাম অস্ত্ৰাগাৰ আক্ৰমণকাৰীদেৰ স্মৃতিকথা” নামেৰে এখন আত্মজীৱনীমূলক গ্ৰন্থ লিখে; যিখন ইংৰাজীলৈ অনুবাদ কৰিছিল অৰুণ বসু আৰু নিখিল চক্ৰৱৰ্তীয়ে। তেওঁৰ স্বামী কমৰেড কমিউনিষ্ট নেতা পি.চি. যোশীয়ে পাতনি লিখা এই ইংৰাজী গ্ৰন্থখন ১৯৪৫ চনৰ অক্টোবৰ মাহত প্ৰকাশ পাইছিল।৮৯ ১৯৪৬ চনত কল্পনাই চট্টগ্ৰামৰ পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ প্ৰাৰ্থী হিচাপে বংগ বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও জয়ী হ’ব পৰা নাছিল।

পিছলৈ তেওঁ ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানত যোগদান কৰে আৰু অৱসৰৰ সময়লৈকে তাত কাম কৰে। ১৯৯৫ চনৰ ৮ ফেব্ৰুৱাৰীত কলিকতাত তেওঁৰ মৃত্যু হয়।১০

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Chandra, Bipan; Mukherjee, Mridula; Mukherjee, Aditya. (2016). India's Struggle for Independence. Penguin Books. পৃ. 253. ISBN 978-0-14-010781-4
  2. ↑ (26 February 1995). Kalpana Joshi, 81; Struggled for India. The New York Times
  3. ↑ Sailesh Kumar Bandyopadhyay. (2012). Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh
  4. ↑ Jain, Simmi. (2003). Encyclopaedia of Indian Women through the Ages. Kalpaz Publications. পৃ. 106. ISBN 81-7835-174-9
  5. ↑ Chandra, Bipan; Mukherjee, Mridula; Mukherjee, Aditya. (2016). India's Struggle for Independence. Penguin Books. পৃ. 252. ISBN 978-0-14-010781-4
  6. ↑ (1933-06-23). Surya Sen Trial: Revolvers Identified. The Indian Express. Free Press Of India. পৃ. 22
  7. ↑ (1933-05-19). Kalpana Dutt Caught At Last. The Indian Express. Free Press Of India. পৃ. 6
  8. ↑ Dutt, Kalpana. (1979). Chittagong Armoury Raiders: Reminiscences. Peoples̕ Publishing House
  9. ↑ Nikhil Chakravartty, Kalpana Dutt's obituary in Mainstream, 18 February 1995
  10. ↑ Dutt, Kalpana. চট্টগ্ৰাম অস্ত্ৰাগাৰ আক্ৰমণকাৰীদেৰ স্মৃতিকথা. ISBN 8185459657

সম্পৰ্কিত শ্ৰেণী

বঙালী ব্যক্তিভাৰতৰ স্বাধীনতা সংগ্ৰামী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কল্পনা দত্ত” প্ৰবন্ধৰ সংশোধন ৬৩১৩৫৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।