তিলক ডেকা ( Tilak Deka)ঘৰ বাৰপুজীয়াত আৰু তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ শান্তি সেনা বাহিনীৰ সভ্য আৰু বিয়াল্লিছৰ গণ-আন্দোলনৰ এগৰাকী সংগ্ৰামী বীৰ৷ ভাৰতৰ স্বাধীনতা যুঁজত ভাগ লৈ কম বয়সতে তেওঁ বৃটিছৰ গুলীত শ্বহীদ হয়৷১২৩৪ তিলক ডেকাৰ পিতৃৰ নাম আছিল কাতিৰাম ওৰফে মণিৰাম আৰু মাক পুনেশ্বৰী ডেকা৷ জন্ম নগাঁওৰ বাৰপুজীয়াত৷৫
শৈশৱ
তিলক ডেকাৰ শৈশৱ কাল বৰ দুখলগা আছিল৷ পঢ়াশলীয়া শিক্ষা তেওঁ ল’ব নাপালে৷ কিন্তু তেওঁ সৰুৰে পৰা সত্যনিষ্ঠ আৰু সমাজ-হিতৈষী আছিল৷ পিতৃ কাতিৰাম চপনীয়া আছিল আৰু তেওঁলোকৰ তিনিটি সন্তানৰ মাজৰটি একমাত্ৰ পুত্ৰ তিলক ডেকা৷ ককাক যজ্ঞোৰাম কানীয়া আছিল বাবে সদায় ঘৰত কাজিয়া-পেচাল হৈ থকাৰ চেলু লৈ ভনীয়েক কুনকুনীৰ ডেৰ বছৰ বয়সতে মাতৃ পুনেশ্বৰীয়ে কাতিৰামক ত্যাগ কৰি চোৰাতবাৰিৰ থুলেশ্বৰলৈ চাপি যায়৷ ককাক যজ্ঞোৰামে বাপেক কাতিৰামক ঘৰৰ পৰা খেদি পঠিয়ায় আৰু নিজৰ চতুৰ্থ কন্যা কনমাইলৈ হাজোৰ পূৰ্ণ ডেকাক ঘৰ-জোঁৱাই কৰি আনে৷ ককাক, মহাক আৰু মাহীয়েকৰ তত্ত্বাৱধানত তিলক ডেকাৰ শৈশৱ অতিবাহিত হয়৷৫
স্বাধীনতা সংগ্ৰাম
বিয়াল্লিছৰ গণ-আন্দোলনত নগাঁৱৰ বহুলোক দীৰ্ঘদিনৰ বাবে কাৰাবাস খাটিবলগীয়া হৈছিল৷ সেই সময়ত নগাঁও আন্দোলনৰ কেন্দ্ৰবিন্দুৰ দৰে আছিল৷ খদ্দৰৰ কাপোৰ আৰু গান্ধীটুপী দেখিলেই পুলিচ-মিলিটাৰীয়ে অত্যাচাৰ কৰিছিল৷ গাঁৱে-ভূঞে মেল-মিটিং কৰাটো আছিল ভয়াৱহ কথা৷ সেয়ে, সিদ্ধান্ত লোৱা হৈছিল, তিলক ডেকাকে আদি কৰি অন্য সাতজন সাহসী আন্দোলনকৰ্মীয়ে ঠায়ে ঠায়ে শিঙা ফুঁকি পুলিছ মিলিটাৰী অহাৰ জাননী দি মানুহক সজাগ কৰিব৷ এনে সময়তে, হঠাৎ বিয়াল্লিছৰ ২৮ আগষ্টৰ ৰাতি পুলিছৰ উপ-অধীক্ষক ভবানী বৰুৱাৰ নেতৃত্বত অতৰ্কিতে অভিযান কৰি বাৰপুজীয়া গাঁৱত সোমাই দোকান-ঘৰ ভাঙি প্ৰায় চাৰিশ মানুহক মাৰ-পিট কৰা ঘটনাত সকলো আতংকিত হৈ পৰিছিল৷ পহৰাৰত তিলক ডেকাই মিকিৰ গাঁৱলৈ জাননী দিবলৈ শিঙা বজাবলৈ ধৰিলে৷ মিলিটাৰীয়ে ধমক দি শিঙা বজাবলৈ মানা কৰা স্বত্বেও তিলক ডেকাই শিঙা বজাই থকাত পিছফালৰ পৰা ওঠৰ বছৰীয়া তিলক ডেকাক গুলীয়াই বধ কৰে৷৫
তথ্যসূত্ৰ
- ↑ ডেকা, কনকচন্দ্ৰ. (১৯৯০). অসমৰ প্ৰয়াত মুক্তিযুঁজাৰুৰ জীৱনী কোষ. কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাজন্ম-শতবাৰ্ষিকী উদযাপন সমিতি, গুৱাহাটী. পৃ. ২৮৫
- ↑ কলিতা, ড° ৰমেশ চন্দ্ৰ. (২০০৬). অসমৰ কালানুক্ৰমিক ইতিহাস. অসম প্ৰকাশন পৰিষদ. পৃ. ১০২
- ↑ বৰ্মন, শিৱনাথ. (২০১৮). জীৱনী অভিধান. বনলতা. পৃ. ৯৪. ISBN 978-81-7339-428-7
- ↑ শৰ্মা, ভূপেন (সম্পাদক). (২০১৫). মনপুৰ মৌচন্দা. অসম সাহিত্য সভাৰ কলিয়াবৰ অধিৱেশনৰ স্মৃতিগ্ৰন্থ. পৃ. ২৭৬
- ↑ কলিতা, বেণুধৰ. (১৯৮৯). বিয়াল্লিছৰ নগঞা ছহীদ. লক্ষেশ্বৰ, যুগল, যুক্তিকুমাৰ, হিৰণ্য কলিতা. পৃ. ৩৯
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তিলক ডেকা” প্ৰবন্ধৰ সংশোধন ৩৭৭১২১ (৫ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।