অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰভাৱতী দেৱী

প্ৰভাৱতী দেৱী নাৰায়ণ ( Prabhavati Devi Narayan; বিবাহৰ পূৰ্বে প্ৰসাদ; ১৯০৬ – ১৫ এপ্ৰিল ১৯৭৩) এগৰাকী ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু বিহাৰৰ নিবাসী আছিল। তেওঁ ভাৰতৰ প্ৰখ্যাত মুক্তি যুঁজাৰু তথা সমাজবাদী নেতা জয়প্ৰকাশ নাৰায়ণৰ পত্নী।

হালনাগাদ: ২৭ মে’ ২০২৬ ৪০৪ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

প্ৰভাৱতী দেৱী নাৰায়ণ ( Prabhavati Devi Narayan; বিবাহৰ পূৰ্বে প্ৰসাদ; ১৯০৬ – ১৫ এপ্ৰিল ১৯৭৩) এগৰাকী ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু বিহাৰৰ নিবাসী আছিল। তেওঁ ভাৰতৰ প্ৰখ্যাত মুক্তি যুঁজাৰু তথা সমাজবাদী নেতা জয়প্ৰকাশ নাৰায়ণৰ পত্নী।

প্ৰাৰম্ভিক জীৱন

তেওঁৰ দেউতাক ব্ৰজকিশোৰ প্ৰসাদ এজন প্ৰখ্যাত উকীল আছিল। মাকৰ নাম আছিল ফুল দেৱী। বিহাৰৰ বৰ্তমানৰ সিৱান জিলাৰ শ্ৰীনগৰত তেওঁৰ জন্ম হৈছিল। ব্ৰজকিশোৰ প্ৰসাদ এজন গান্ধীবাদী ব্যক্তি আছিল আৰু স্বাধীনতা সংগ্ৰামত অংশ লবলৈ তেওঁ ওকালতিৰ ব্যৱসায় এৰি দিছিল। সম্ভৱতঃ এনে লাভজনক বৃত্তি ত্যাগ কৰা তেৱেঁ বিহাৰৰ প্ৰথমজন কংগ্ৰেছ দলৰ সদস্য আছিল। প্ৰভাৱতীৰ বিয়া ১৯২০ চনৰ ১৪ অক্টোবৰত সমাজবাদী নেতা জয়প্ৰকাশ নাৰায়ণৰ সৈতে হৈছিল।১

তেওঁলোকৰ বিয়াৰ পিছত জয়প্ৰকাশ নাৰায়ণে বিজ্ঞান পঢ়িবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফ'ৰ্নিয়ালৈ যায় যদিও মাৰ্ক্সবাদ পঢ়িবলৈ ৱিচকনচিন বিশ্ববিদ্যালয়ত নাম লিখায়। প্ৰভাৱতী গান্ধীৰ আশ্ৰমলৈ যায় আৰু গান্ধীৰ পত্নী কস্তুৰবা গান্ধীৰ ওচৰত নিজকে সমৰ্পন কৰে। কস্তুৰবা গান্ধীয়ে তেওঁ জীয়েকৰ দৰে ভাবিছিল।২

জয়প্ৰকাশ নাৰায়ণ বিদেশৰ পৰা উভতি অহাৰ পিছত এজন বিপ্লৱী ৰূপে পৰিগণিত হৈছিল। এয়ে লৈ প্ৰভাৱতীৰ গান্ধীবাদী ধ্যান-ধ্যাৰণাৰ বাবে বহুক্ষেত্ৰত দুয়োৰো মত-বিৰোধে দেখা দিছিল। অৱশ্যে দম্পতীহালে পৰস্পৰে পৰস্পৰক সন্মান কৰিছিল আৰু বিদেশীৰ আগ্ৰাসনৰ পৰা দেশ মুক্ত নোহোৱালৈ সন্তান ধাৰণ নকৰাৰ সিদ্ধান্ত লৈছিল। প্ৰভাৱতী দেৱীক বহুবাৰ ব্ৰিটিছ শাসকে কাৰাগাৰলৈ নিক্ষেপ কৰিছিল।৩

নেহৰু পৰিয়ালৰ সৈতে বন্ধুত্ব

প্ৰভাৱতী দেৱীৰ জৱাহৰলাল নেহৰুৰ পত্নী কমলা নেহৰুৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল আৰু তেওঁৰ আস্থাভাজন হ’ব পাৰিছিল।৪ কমলাই তেওঁক বহু কেইখন ব্যক্তিগত চিঠিও লিখিছিল।৫৬ প্ৰভাৱতীৰ মৃত্যুৰ পিছত জয়প্ৰকাশ নাৰায়ণে কমলা নেহৰুৰ জীয়ৰী ইন্দিৰা গান্ধীলৈ অধিকাংশ চিঠিয়ে ওভতাই পঠিয়াইছিল।৭

এখন চিঠি এতিয়াও পাটনাৰ কদমকুঁৱা অঞ্চলৰ এটা ঘৰত বেৰত ওলোমাই ৰখা হৈছে, যিখন ঘৰত জয়প্ৰকাশে পত্নীৰ সৈতে শেষৰ সময়খিনি কটাইছিল। এই চিঠিখন জৱাহৰলাল নেহৰুৱে ১৯৫৮ চনত প্ৰভাৱতীলৈ হিন্দুস্তানী ভাষাত হাতেৰে লিখিছিল। চিঠিৰ সংক্ষিপ্ত সাৰ এয়ে যে প্ৰভাৱতীয়ে ছোৱালীৰ স্কুল এখন আৰম্ভ কৰিব বিচাৰিছে আৰু সেই স্কুলখনৰ নাম কমলা নেহৰুৰ নামেৰে ৰাখিব বিচাৰে।৮ তেওঁ প্ৰধানমন্ত্ৰী জৱাহৰলাললৈ সুধি পঠিয়াইছিল যে প্ৰধানমন্ত্ৰীয়ে স্কুলখন উদ্বোধন কৰিব নে নাই। নেহৰুৱে উত্তৰত কৈছিল যে স্কুলখন খুলিব বিচৰা বাবে তেওঁ সুখী। কাৰণ তেওঁ দীৰ্ঘদিন ধৰি নাৰীশিক্ষাৰ পোষকতা কৰি আহিছে। কিন্তু তেওঁ লগতে জনায় যে তেওঁ শপত খাই থৈছে যে পিতৃ মতিলাল নেহৰু আৰু পত্নী কমলা নেহৰুৰ সোঁৱৰণত কৰা কোনো প্ৰকল্প বা কাৰ্যসূচীৰ উন্মোচনত তেওঁ অংশগ্ৰহণ নকৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰভাৱতীক কৈছিল যে তেওঁ আগবাঢ়ক আৰু যদি প্ৰয়োজন হয়, তেন্তে অন্য কোনোবা মুখ্য অতিথিৰ দ্বাৰা কামটো কৰাই লওক।৯

স্বাধীনতা লাভৰ পিছৰচোৱা জীৱন

প্ৰভাৱতীৰে প্ৰভাৱৰ ফলতে জয়প্ৰকাশে সৰ্বোদয় আন্দোলনত জড়িত হৈ পৰিছিল আৰু পূৰ্ব আৰু মধ্য-পূৰ্ব ভাৰতৰ শান্তি প্ৰচেষ্টাত অংশ লৈছিল। তেওঁ অকলশৰীয়া আৰু পৰিত্যক্ত মহিলাসকলক গান্ধীবাদী চৰ্খা আন্দোলনত চামিল কৰিবলৈ পাটনাত মহিলা চৰ্খা সমিতি স্থাপন কৰিছিল।১০

শেষ জীৱন আৰু মৃত্যু

জীৱনৰ শেষ বছৰ কেইটা তেওঁৰ বাবে বৰ যন্ত্ৰণাদায়ক আছিল। তেওঁৰ দেহত কৰ্কট ৰোগ ধৰা পৰিছিল।২ ১৯৭৩ চনৰ ১৫ এপ্ৰিলত পাটনাত তেওঁৰ মৃত্যু হৈছিল।১

তথ্যসূত্ৰ

  1. ↑ Vaidya, Prem. Jayaprakash Narayan — Keeper of India's Conscience. LiberalsIndia.com
  2. ↑ Sandip Das. (2005). Jayaprakash Narayan: A Centenary Volume. Mittal Publications. ISBN 978-81-8324-001-7
  3. ↑ Jayakar, Pupul. (1995). Indira Gandhi, a biography. Penguin. পৃ. 51. ISBN 978-0140114621
  4. ↑ Kamala Nehru Biography - Kamala Nehru Childhood, Profile, Life, Timeline. www.iloveindia.com
  5. ↑ PeoplePill. Kamala Nehru: Wife of first Prime Minister of India (1899-1936) - Biography and Life. peoplepill.com
  6. ↑ (2010-10-24). That family feeling. Hindustan Times
  7. ↑ Das, Sandip. (2005). Jayaprakash Narayan: A Centenary Volume. Mittal Publications. ISBN 978-81-8324-001-7
  8. ↑ The children of midnight! Kamla Nehru: She was the wife of first prime minister of India! She incidentally was a Kashmiri Pandit! - YoungBites. www.youngbites.com
  9. ↑ Scarfe, Allan; Scarfe, Wendy. (1975). J. P., His Biography. Orient Blackswan. ISBN 978-81-250-1021-0
  10. ↑ WikiZero - Jayaprakash Narayan. www.wikizero.com

সম্পৰ্কিত শ্ৰেণী

বিহাৰৰ ব্যক্তিভাৰতৰ স্বাধীনতা সংগ্ৰামী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰভাৱতী দেৱী” প্ৰবন্ধৰ সংশোধন ৬০৯০৭৪ (২৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।