ভাৰতৰ পৰ্যটনস্থলী
৯৩ প্ৰবন্ধ
-
সুৰু উপত্যকা
সুৰু উপত্যকা হৈছে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ কাৰ্গিল জিলাৰ এখন উপত্যকা। ইয়াৰ পানী সিন্ধু নদীৰ উপনৈ সুৰু নদীৰদ্বাৰা নিষ্কাশন কৰা হয়। এই উপত্যকাৰ আটাইতকৈ উল্লেখযোগ্য চহৰখন হৈছে ছাংকু। এই উপত্যকাত ঘোঁৰা, য়াক আদি জীৱ-জন্তু পোৱা যায়। শীতকালত সুৰু উপত্যকাত প্ৰচণ্ড বৰফ আৰু হিমস্খলন হয়।
-
সূৰ্য্য মন্দিৰ, মধেৰা
মধেৰাৰ সূৰ্য্য মন্দিৰ ভাৰতৰ গুজৰাটৰ মেহছানা জিলাৰ মধেৰা গাঁৱত অৱস্থিত সৌৰ দেৱতা সূৰ্য্যৰ প্ৰতি উৎসৰ্গিত হিন্দু মন্দিৰ। পুষ্পৱতী নদীৰ পাৰত অৱস্থিত এই মন্দিৰটো ১০২৬-২৭ খ্ৰীষ্টাব্দৰ পিছত চালুক্য বংশৰ প্ৰথম ভীমৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল।
-
হয়চালৰ পবিত্ৰ সংহতি
হয়চালৰ পবিত্ৰ সংহতি ভাৰতৰ কৰ্ণাটক ৰাজ্যত অৱস্থিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতিপ্ৰাপ্ত দক্ষিণ ভাৰতৰ তিনিটা হয়চাল শৈলীৰ মন্দিৰৰ এটা গোট বা সংহতি। সোমনাথপুৰ, বেলুৰ আৰু হালেবিডুৰ এই মন্দিৰসমূহ হয়চাল সাম্ৰাজ্যৰ অধীনত দ্বাদশ আৰু ত্ৰয়োদশ শতিকাৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল।
-
হাৱা মহল
হাৱা মহল ভাৰতৰ ৰাজস্থানৰ জয়পুৰ চহৰৰ এখন ৰাজপ্ৰসাদ। ৰঙা আৰু গোলাপী বেলেগ বেলেগ বেলেগ বেলেগ বেলেগ শিলেৰে নিৰ্মিত এইখন জয়পুৰৰ চিটি পেলেচৰ কাষতে থিয় হৈ জেনানা বা মহিলাৰ কোৱাৰ্টাৰলৈকে বিস্তৃত হৈ আছে। হাৱা মহল, যাক "বতাহৰ ৰাজপ্ৰসাদ" বুলিও কোৱা হয়, ১৭৯৯ চনত মহাৰাজা ছাৱাই প্ৰতাপ সিঙে নিৰ্মাণ কৰিছিল।
-
আমেৰ দুৰ্গ
আমেৰ দুৰ্গ বা আম্বৰ দুৰ্গ ভাৰতৰ ৰাজস্থানৰ আমেৰত অৱস্থিত এটা দুৰ্গ। আমেৰ হৈছে ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা ১১ কিলোমিটাৰ (৬.৮ মাইল) দূৰত্বত অৱস্থিত ৪ বৰ্গ কিলোমিটাৰ (১.৫ বৰ্গমাইল)। পাহাৰৰ ওপৰত অৱস্থিত এইখন জয়পুৰৰ এক প্ৰধান পৰ্যটনস্থলী। আমেৰ দুৰ্গ কলাত্মক শৈলীৰ উপাদানৰ বাবে জনাজাত।
-
ইন্দিৰা গান্ধী সোঁৱৰণী টিউলিপ উদ্যান, শ্ৰীনগৰ, কাশ্মীৰ
ইন্দিৰা গান্ধী সোঁৱৰণী টিউলিপ উদ্যান, শ্ৰীনগৰ (Indira Gandhi Memorial Tulip Garden ), যাক পূৰ্বতে ম'ডেল ফ্ল'ৰিকালচাৰ চেণ্টাৰ বুলি কোৱা হৈছিল; ভাৰতৰ শ্ৰীনগৰ, জম্মু আৰু কাশ্মীৰত থকা এখন টিউলিপ ফুলৰ উদ্যান। ৭৪ একৰ মাটি জুৰি থকা এই উদ্যানখন সমগ্ৰ এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ টিউলিপ উদ্যান।
-
উণ্ডৱল্লী গুহা
উণ্ডৱল্লী গুহা হৈছে ভাৰতৰ অন্ধ্ৰপ্ৰদেশ ৰাজ্যৰ গুণ্টুৰ জিলাত অৱস্থিত একক ভাৰতীয় শিল কাটি স্থাপত্য। বিজয়াৱাড়াৰ দক্ষিণ-পশ্চিমে এই গুহাসমূহ অৱস্থিত। ই কেন্দ্ৰীয়ভাৱে সংৰক্ষিত ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ স্মৃতিসৌধসমূহৰ ভিতৰত অন্যতম।
-
উত্তৰ-পূব ভাৰতৰ পৰ্যটনস্থলী
উত্তৰ-পূব ভাৰত ভাৰতৰ আঠখন ৰাজ্যৰে গঠিত: অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰা। এই অঞ্চলৰ পৰ্যটন ভাৰতৰ বাকী অংশতকৈ পৃথক অনন্য হিমালয়ৰ ভূ-প্ৰকৃতি আৰু সংস্কৃতিক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে।
-
উদয়গিৰি আৰু খণ্ডগিৰি গুহা
উদয়গিৰি আৰু খণ্ডগিৰি গুহা, যাক পূৰ্বতে কট্টকা গুম্ফা বা কটক গুহা বুলি কোৱা হৈছিল, ভাৰতৰ ওড়িশাৰ ভুবনেশ্বৰ চহৰৰ পৰা ৩ কিলোমিটাৰ দক্ষিণে থকা প্ৰত্নতাত্ত্বিক, ঐতিহাসিক আৰু ধৰ্মীয় গুৰুত্বৰ আংশিকভাৱে প্ৰাকৃতিক আৰু আংশিকভাৱে কৃত্ৰিম গুহা।
-
ঊনকোটি
ঊনকোটি ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ ঊনকোটি জিলাৰ কৈলাসহৰ মহকুমাত অৱস্থিত এক পুৰাতত্ত্বিক আৰু শৈৱ উপাসনাৰ স্থান। বিশাল শিলত কটা মূৰ্তি, সকাহেৰে পৰিপূৰ্ণ ই এক প্ৰাচীন উপাসনাস্থলী আৰু ত্ৰিপুৰা ৰাজ্যৰ অন্যতম মুখ্য পৰ্যটনস্থলী।
-
এডক্কল গুহা
এডক্কল গুহা হৈছে ভাৰতৰ কেৰেলাৰ ৱায়ানাদ জিলাৰ চুলথান বাথেৰীত এক দূৰৱৰ্তী স্থানত থকা দুটা প্ৰাকৃতিক গুহা। মহীশূৰৰ ওখ পৰ্বতমালাক মালাবাৰ উপকূলৰ বন্দৰসমূহৰ সৈতে সংযোগ কৰা এটা পুৰণি বাণিজ্যিক পথৰ ওচৰত অম্বুকুট্টি মালাত সমুদ্ৰপৃষ্ঠৰ পৰা ১২০০ মিটাৰ (৩৯০০ ফুট) উচ্চতাত অৱস্থিত।
-
কবীৰবড়
কবীৰবড় (ইংৰাজী: Kabirvad) হৈছে নৰ্মদা নদীৰ এটা সৰু নদী দ্বীপত অৱস্থিত এজোপা বট গছ। ই ভাৰতৰ গুজৰাটৰ ভাৰুচ জিলাত অৱস্থিত। এই গছ আৰু ঠাইখন পঞ্চদশ শতিকাৰ ৰহস্যবাদী-কবি কবীৰৰ সৈতে জড়িত, আৰু স্থানত কবীৰক উৎসৰ্গিত এটা মন্দিৰ নিৰ্মাণ কৰা হৈছে। এই ঠাইখন ধৰ্মীয় স্থানৰ লগতে জনপ্ৰিয় পৰ্যটনস্থলী।।
-
কোচবিহাৰ ৰাজপ্ৰসাদ
কোচ বিহাৰ ৰাজপ্ৰসাদ হৈছে পশ্চিমবংগৰ কোচ বেহাৰ জিলাৰ এক ঐতিহাসিক কীৰ্তিচিহ্ন। ইটালীৰ ৰেনেছাঁ শৈলীৰ স্থাপত্যৰ অনুসাৰে ইয়াৰ ডিজাইন কৰা হৈছিল আৰু ১৮৮৭ চনত, কোচ বংশৰ মহাৰাজ নৃপেন্দ্ৰ নাৰায়ণৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল। বৰ্তমান ই এক সংগ্ৰহালয়।
-
খাণ্ডেৰী দ্বীপ
খাণ্ডেৰী ভাৰতৰ মহাৰাষ্ট্ৰৰ উপকূলৰ কাষত মুম্বাইৰ দক্ষিণে অৱস্থিত এটা দুৰ্গ থকা দ্বীপ।
-
গান্ধী হিল, বিজয়বাড়া
গান্ধী হিল অথবা গান্ধী পাহাৰ (Gandhi Hill; উচ্চতা - প্ৰায় ৫০০ ফুট বা ১৫০ মিটাৰ) হৈছে বিজয়ৱাড়া ৰেল ষ্টেচনৰ পিছফালে তাৰাপেট অঞ্চলৰ বিজয়ৱাড়াত অৱস্থিত এটা পাহাৰ। এই পাহাৰত নিৰ্মিত গান্ধী স্মাৰকটো হৈছে দেশৰ ভিতৰতে প্ৰথম সাতটা স্তূপ থকা স্থাপত্য। পাহাৰটো গান্ধী নামেৰেও জনপ্ৰিয়।
-
গুলমাৰ্গ
গুলমাৰ্গ (Gulmarg) ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু আৰু কাশ্মীৰত থকা এটা পাহাৰীয়া অঞ্চল। ইয়াৰ মূল নাম আছিল গৌৰীমাৰ্গ (Gaurimarg)। ১৬শ শতাব্দীত ইউচুফ শ্বাহে ইয়াৰ নাম সলাই গুলমাৰ্গ কৰে। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে এই অঞ্চলটোক ভূ-স্বৰ্গ বোলা হয়।
-
গোৱাৰ গীৰ্জা আৰু কনভেণ্ট
গোৱাৰ গীৰ্জা আৰু কনভেণ্ট ( Churches and convents of Goa) হৈছে ভাৰতৰ গোৱা ৰাজ্যৰ গোৱা ভেলা (বা পুৰণি গোৱা)ত অৱস্থিত ধৰ্মীয় কীৰ্তিচিহ্নসমূহৰ এটা গোটক ইউনেস্কোৱে দিয়া নাম, যিবোৰক ১৯৮৬ চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল।
-
চতুৰ্ভুজ মন্দিৰ
চতুৰ্ভুজ মন্দিৰ, বিষ্ণুৰ প্ৰতি উৎসৰ্গিত ভাৰতৰ মধ্যপ্ৰদেশৰ অৰ্ছাত অৱস্থিত। চতুৰ্ভুজ নামটো 'চতুৰ' অৰ্থাৎ "চাৰি" আৰু 'ভুজ' অৰ্থাৎ "বাহু"ৰ পৰা উদ্ভৱ হৈছে, যাৰ আক্ষৰিক অৰ্থ হৈছে "চাৰিটা বাহু থকা" আৰু ই বিষ্ণুৰ অৱতাৰ ৰামক বুজায়।মন্দিৰটোৰ বহুমহলীয়া জটিল গঠন আছে যিয়ে এটা মন্দিৰ, দুৰ্গ আৰু ৰাজপ্ৰসাদৰ…
-
জল মহল
জলমহল ভাৰতৰ ৰাজস্থান ৰাজ্যৰ ৰাজধানী জয়পুৰ চহৰৰ মান সাগৰ হ্ৰদৰ মাজভাগত থকা এটা ৰাজপ্ৰসাদ। এই ৰাজপ্ৰসাদটো প্ৰথমে ১৬৯৯ চনৰ আশে-পাশে নিৰ্মাণ কৰা হৈছিল; পিছলৈ ১৮ শতিকাৰ আৰম্ভণিতে আমেৰৰ মহাৰাজ দ্বিতীয় জয় সিংহই এই অট্টালিকা আৰু ইয়াৰ চাৰিওফালে থকা হ্ৰদটো সংস্কাৰ আৰু বৃদ্ধি কৰে।
-
জিঞ্জি দুৰ্গ
জিঞ্জি দুৰ্গ বা চেঞ্জি দুৰ্গ (Gingee Fort or Senji Fort; চেঞ্জী, চাঞ্চি, জিনজি বা চেঞ্চি বুলিও জনাজাত) হৈছে ভাৰতৰ তামিলনাডুৰ জীয়াই থকা দুৰ্গসমূহৰ ভিতৰত অন্যতম। ইয়াক জনপ্ৰিয়ভাৱে 'দক্ষিণ ভাৰতৰ গ্ৰেট ৱাল' বুলি জনা যায়।
-
দাৰ্জিলিং ৰ'পৱে
দাৰ্জিলিং ৰ'পৱে (Darjeeling Ropeway ) পশ্চিমবংগৰ দাৰ্জিলিঙত আছে। ই ৰঞ্জিত ভেলী ৰ'পৱে নামেৰেও জনাজাত। ই ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি আৰু এছিয়াৰ আটাইতকৈ দীঘল ৰ'পৱে। এই ৰ'পৱেটো দাৰ্জিলিং চহৰৰ উত্তৰ দিশৰপৰা ৰম্মন নদীৰ পাৰত অৱস্থিত চিংলা বজাৰলৈ বিস্তৃত। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৫ কি: মি:।
-
ধ্যান বুদ্ধ মূৰ্তি
ধ্যান বুদ্ধ ভাৰতৰ অন্ধ্ৰ প্ৰদেশৰ অমৰাৱতীত অৱস্থিত ধ্যান ভংগীমাত বহি থকা গৌতম বুদ্ধৰ প্ৰতিমূৰ্তি। ২০১৫ চনত সম্পূৰ্ণ হোৱা এই মূৰ্তিটো ১২৫ ফুট (৩৮ মিটাৰ) ওখ আৰু ই কৃষ্ণ নদীৰ পাৰৰ ৪.৫ একৰ ঠাই সামৰি লৈছে।
-
পদুম মন্দিৰ
পদুম মন্দিৰ (Lotus Temple), লোটাছ মন্দিৰ বা লোটাছ টেম্পল হৈছে ভাৰতৰ দিল্লীৰ নতুন দিল্লীৰ কলকাজীত অৱস্থিত বাহাই উপাসনা গৃহ। ১৯৮৬ চনৰ ডিচেম্বৰ মাহত সম্পূৰ্ণ হোৱা এই উপাসনা গৃহটো পদুমৰ দৰে আকৃতিৰ বাবে ই চহৰখনৰ এক বিশিষ্ট আকৰ্ষণৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে।
-
বিশাল বটবৃক্ষ
বিশাল বটবৃক্ষ বা দা গ্ৰেট বেন্যান (The Great Banyan) ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ শিৱপুৰৰ আচাৰ্য জগদীশ চন্দ্ৰ বসু ভাৰতীয় উদ্ভিদ উদ্যানত অৱস্থিত আনুমানিক ২৭০ বছৰ পুৰণি বট গছ।
-
বিশ্বাস স্বৰূপম
শিৱৰ মূৰ্তি, যাক বিশ্বাসৰ মূৰ্তি বা বিশ্বাস স্বৰূপম বুলি জনা যায়, ভাৰতৰ ৰাজস্থানৰ নাথদ্বাৰাত নিৰ্মিত হিন্দু দেৱতা শিৱৰ এটা প্ৰতিমূৰ্তি। মূৰ্তি-নিৰ্মাতা নৰেশ কুমাৱাটে এই ভাস্কৰ্য নিৰ্মাণ কৰি ২০২২ চনৰ ২৯ অক্টোবৰত মুকলি কৰা এই প্ৰতিমূৰ্তিটো বিশ্বৰ আটাইতকৈ ওখ শিৱৰ মূৰ্তি।
-
ভাৰতৰ ৰামচাৰ ক্ষেত্ৰসমূহৰ তালিকা
ভাৰতত বৰ্তমান ৮৫ টা ৰামচাৰ ক্ষেত্ৰ আছে। এইবোৰ ৰামচাৰ সন্মিলনৰ অধীনত "আন্তৰ্জাতিক গুৰুত্ব"ৰ আৰ্দ্ৰভূমি হিচাপে স্বীকৃতিপ্ৰাপ্ত। ১৯৭১ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে ইৰানৰ ৰামচৰ চহৰত অনুষ্ঠিত ‘ৰামচৰ সন্মিলন’ৰ যোগেদি বিশ্বজুৰি আৰ্দ্ৰভূমিসমূহৰ সংৰক্ষণৰ আইন প্ৰণয়ন কৰা হয়।
-
মাত্তুৰ
মাত্তুৰ (ইংৰাজী: Mattur or Mathur) ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ শিৱাম'গা নগৰৰ ওচৰৰ এখন গাঁও। এই গাঁওখনৰ অধিবাসীসকলে তেওঁলোকৰ দৈনিক কথোপকথনৰ বাবে সংস্কৃত ভাষা ব্যৱহাৰ কৰে। মাত্তুৰত এটা ৰাম মন্দিৰ, এটা শিৱালয়, সোমেশ্বৰ মন্দিৰ আৰু লক্ষ্মীকেশৱ মন্দিৰ আছে।
-
মায়'ডিয়া গিৰিপথ
মায়'ডিয়া গিৰিপথ হৈছে অৰুণাচল প্ৰদেশৰ এটা উল্লেখযোগ্য গিৰিপথ আৰু ভাৰত-চীন সীমান্তৰ প্ৰৱেশদ্বাৰ। এই পথটো অৰুণাচল প্ৰদেশৰ ৰয়িঙৰ পৰা প্ৰায় ৫৬ কিলোমিটাৰ নিলগত।
-
মুম্বাইৰ ভিক্টৰীয়ান আৰু আৰ্ট ডেক' এনচেম্বেল
মুম্বাইৰ ভিক্টৰীয়ান আৰু আৰ্ট ডেক' এনচেম্বেল মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত ১৯ শতিকাৰ ভিক্টৰীয়ান নিঅ' গথিক স্থাপত্য কলাৰ ৰাজহুৱা ভৱন আৰু ২০ শতিকাৰ মুম্বাই ফৰ্টৰ আশে-পাশে থকা আৰ্ট ডেক' এনচেম্বেলৰ সংগ্ৰহ।
-
শিল্পৰমম
শিল্পৰমম ভাৰতৰ তেলংগানাৰ হায়দৰাবাদৰ মাধাপুৰত অৱস্থিত এখন কলা আৰু কৃষ্টিৰ গাঁও। পৰম্পৰাগত শিল্পকৰ্ম সংৰক্ষণৰ পৰিৱেশ সৃষ্টিৰ ধাৰণাৰে গাঁওখনৰ কল্পনা কৰা হৈছিল। ইয়াত বিভিন্ন কাৰ্যসূচীৰে জনগোষ্ঠীয় উৎসৱ অনুষ্ঠিত হয়।