ইটছ এ গাৰ্ল: দ্য থ্ৰী ডেডলিয়েষ্ট ৱৰ্ডছ ইন দ্য ৱৰ্ল্ড (It's a Girl: The Three Deadliest Words in the World; অসমীয়া অনুবাদ: এইজনী এজনী ছোৱালী: পৃথিৱীৰ আটাইতকৈ ঘাটক তিনিটা শব্দ) হৈছে ২০১২ চনৰ এখন তথ্যচিত্ৰ; য’ত কন্যা শিশু হত্যা প্ৰথাৰ বিষয়ে অন্বেষণ কৰা হৈছে।১ তথ্যচিত্ৰখনৰ পৰিচালক ইভান গ্ৰে ডেভিছে২ মূলতঃ ভাৰত আৰু চীনৰ ওপৰত আলোকপাত কৰিছে।৩ ৰাষ্ট্ৰসংঘৰ এটা হিচাপ মতে বৰ্তমানলৈ ২০ কোটি পৰ্যন্ত মহিলা "নিৰুদ্দেশ" হৈছে, যাৰ অধিকাংশই ভাৰত আৰু চীনৰ।৪ ছবিখনৰ শ্বুটিঙত চাৰি বছৰ সময় লাগিছিল।৫
তথ্যচিত্ৰখন আৰম্ভণিৰ দৃশ্যটোৰ শ্বুটিং ভাৰতত কৰা হৈছে। দৃশ্যটোত দেখা গৈছে, পথাৰত থিয় হৈ থকা মহিলা এগৰাকীয়ে কৈ আছে যে তেওঁ কেবল কন্যা সন্তান হোৱা বাবেই আঠোটাকৈ নৱজাতকক ডিঙি চেপি হত্যা কৰিছে।৬ ডেভিছে প্ৰথমে যৌন সৰবৰাহৰ ওপৰত আৰু মহিলাৰ শোষণৰ বিষয়ে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰাৰ কথা ভাবিছিল। কিন্তু ভাৰতীয় মহিলাগৰাকীৰ কাহিনীটো শুনি ডেভিছে প্ৰথম পৰিকল্পনা বাতিল কৰি তাৰ পৰিৱৰ্তে একমাত্ৰ লিংগভিত্তিক হত্যাৰ ওপৰত গুৰুত্ব দি এখন তথ্যচিত্ৰ নিৰ্মাণ কৰে। ডেভিছে চীন আৰু ভাৰতৰ কন্যা শিশু হত্যাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ কাৰণ হ’ল- যৌতুকৰ দৰে ভাৰতৰ সামাজিক প্ৰথা আৰু চীনৰ এক সন্তান নীতিয়ে কন্যাশিশু হত্যাত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে।৭
ইভান গ্ৰে ডেভিছে হাৰ্ভেষ্ট মিডিয়া মিনিষ্ট্ৰীৰ বাবে কাম কৰিছিল, যিটো সংস্থাই গীৰ্জাৰ বাবে জীৱন সমৰ্থক ভিডিঅ' নিৰ্মাণ কৰে।৮
চিত্ৰায়ন
তথ্যচিত্ৰখনত ডেভিছে সমাজকৰ্মী আৰু গাঁৱৰ মহিলাসকলৰ সাক্ষাৎকাৰ লৈছিল। তেওঁ দেখা পায় যে এই প্ৰথাৰ প্ৰধান কাৰণ হৈছে দৰিদ্ৰতা। কিন্তু যিবোৰ সাংস্কৃতিক নীতি-নিয়মৰ ফলত এজন পুৰুষক মহিলাতকৈ অধিক উচ্চ স্থান দিয়া হয়, সেইবোৰেও গুৰুত্বপূৰ্ণ কাৰক হিচাপে কাম কৰে। এই সমাজবোৰত পুৰুষসকলেই পৰিয়ালৰ যোগানকাৰী; আৰু ছোৱালীবোৰক যৌতুকসহ বিয়া দিব লাগে, যিটো বহুতৰ বাবে সম্ভৱপৰ নহয়। ইয়াৰ ফলত "মৃত্যুৰ সংস্কৃতি"ৰ সৃষ্টি হয়। চীনত বলপূৰ্বক গৰ্ভপাত সাধাৰণ কথা। তথ্যচিত্ৰখনৰ এটা অংশ হৈছে, ‘এক শিশু আইন’ বলবৎ কৰা আৰক্ষীয়ে মাজেমাজে চলোৱা তালাচীৰ পৰা হাত সাৰিবলৈ পলায়ন কৰিবলগীয়া মহিলাসকলৰ বিষয়ে। মহিলাৰ অভাৱৰ বাবে চীনত মানৱ সৰবৰাহ তীব্ৰভাৱে বৃদ্ধি পাইছে। তথ্যচিত্ৰখনৰ এটা সাক্ষাৎকাৰ হৈছে এগৰাকী মহিলাৰ, যাৰ কন্যাক অপহৰণ কৰি তাৰ পিছত দাসী হিচাপে বিক্ৰী কৰা হৈছিল।৯
ডেভিছে কয় যে চীনত মহিলাক চিনেমাত জড়িত কৰোঁৱাটো যথেষ্ঠ কঠিন আছিল। ডেভিছে অৱশ্যে লি ফাং নামৰ এগৰাকী কাৰখানাৰ শ্ৰমিক মহিলাক লগ পাইছিল যিয়ে স্ব-ইচ্ছাই নিজৰ কাহিনী বিৱৰণ কৰিছিল। তৃতীয়বাৰৰ বাবে গৰ্ভৱতী হোৱাৰ কথা জানিব পাৰি আৰক্ষীয়ে তেওঁৰ ঘৰত অভিযান চলায়। তেওঁ স্বামীৰ সৈতে নিজ গাঁৱৰ পৰা পলায়ন কৰি গোপনে এজনী ছোৱালী সন্তান জন্ম দিয়ে। কিন্তু আইনৰ দৃষ্টিত তেওঁলোকৰ ছোৱালীক "অবৈধ"। সেয়েহে শিক্ষা বা স্বাস্থ্যসেৱা লাভ কৰিব নোৱাৰে, বা আইনীভাৱে কাম কৰিব নোৱাৰে।১০
ভাৰতত ডেভিছে শিশুৰোগ চিকিৎসক ডাঃ মিতু খুৰানাৰ সাক্ষাৎকাৰ লৈছিল। যেতিয়া তেওঁ গৰ্ভৱতী বুলি গম পায় তেতিয়া তেওঁৰ স্বামী আৰু শাহুৱেকে আল্ট্ৰাচাউণ্ড কৰিবলৈ বাধ্য কৰে। যৌতুক প্ৰথাৰ দৰেই ১৯৯৪ চনত চৰকাৰে ভাৰততো আইন প্ৰণয়ণ কৰি গৰ্ভস্থ সন্তানৰ লিংগ পৰীক্ষা কৰাটো অবৈধ ঘোষণা কৰে। কিয়নো এই পৰীক্ষাৰ দ্বাৰা লিঙ্গ ভিত্তিক গৰ্ভপাতৰ প্ৰৰোচিত হয়। যেতিয়া আল্ট্ৰাচাউণ্ডত খুৰানাৰ গৰ্ভত এহাল যমজ ছোৱালীৰ ভ্ৰুণ দেখা গ’ল, তেতিয়া স্বামী আৰু শাহুৱেকে তেওঁক গৰ্ভপাত কৰিবলৈ কয়। তেওঁ মানি নোলোৱাত গাৰ্হস্থ্য হিংসাৰ সন্মুখীন হয়। তেওঁ কোনোমতে পিতৃগৃহলৈ গৈ সময়তকৈ পূৰ্বেই এহাল কন্যা সন্তানৰ জন্ম দিয়ে। তাৰ পিছত তেওঁ স্বামীৰ লগতে আল্ট্ৰাচাউণ্ড কৰা হাস্পাতালখনৰ বিৰুদ্ধে আদালতত গোচৰ তৰে যদিও স্বামী আৰু হাস্পাতালৰ দোষ আদালতত সাব্যস্ত কৰিব পৰা নগ’ল।১১
অনুমান কৰা হৈছে যে চীনত মহিলাতকৈ পুৰুষৰ সংখ্যা ৩.৭ কোটি বেছি। তথ্যচিত্ৰখনত চীনত মহিলাৰ আত্মহত্যাৰ হাৰ প্ৰতিদিনে বৃদ্ধি পোৱালৈ চাই আত্মহত্যা আৰু সামাজিক প্ৰমূল্যৰ বাবে মহিলাৰ অৱনমিত স্থানৰ মাজত থকা সম্বন্ধৰ অন্বেষণ কৰা হৈছে। শেহতীয়াকৈ চীন চৰকাৰে কয় যে তেওঁলোকে এক শিশু নীতি পৰ্যায়ক্ৰমে বন্ধ কৰিবলৈ আৰম্ভ কৰিব, যিয়ে চীনত কন্যাশিশু হত্যা হ্ৰাস কৰাত সহায় কৰিব পাৰে। কিন্তু তথ্যচিত্ৰখনৰ মতে সাংস্কৃতিক প্ৰমূল্যবোধসমূহো সলনি হোৱাৰ প্ৰয়োজন, যাতে পৰিয়ালসমূহে কন্যা সন্তান জন্ম দিও সুখী হ’ব পাৰে।১২
প্ৰদৰ্শন
এই তথ্যচিত্ৰখন টৰন্টোত এম্নেষ্টী ইণ্টাৰনেশ্যনেলৰ সপ্তম এমেনেষ্টি ৰিল সজাগতা চলচ্চিত্ৰ মহোৎসৱত আৰু ব্ৰাছেলছৰ ইউৰোপীয় সংসদত প্ৰদৰ্শিত হৈছিল।[8] অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ দুখন ছাত্ৰ সমাজ- ল’য়াৰ্ছ উইদাউট বৰ্ডাৰছ আৰু উইমেন ফৰ উইমেন ইণ্টাৰনেশ্যনেলে এক্সেটাৰ কলেজৰ ছাস্কাচেৱান থিয়েটাৰত তথ্যচিত্ৰখন প্ৰদৰ্শন কৰাৰ পিছত বিষয়টোৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে ডেভিছৰ সৈতে একেলগে কাম কৰা মানৱ অধিকাৰ সাংবাদিক ৰাম মাশ্ৰুৱে প্ৰশ্নোত্তৰত অংশগ্ৰহণ কৰে।১৩
গ্ৰন্থপঞ্জী
- DeLugan, Robin Maria. (2013). Exposing Gendercide in India and China (Davis, Brown, and Denier's It's a Girl—the Three Deadliest Words in the World). Current Anthropology. University of Chicago Press. পৃ. 649–650
- Harmon, A. G. (18 October 2012). The Three Deadliest Words in the World: It's a Girl. Patheos
- Izri, Touria. (14 November 2012). It's a girl documentary explores gendercide in China and India. The Star
- Lu, Angela. (28 June 2013). Millions missing. World
- Mashru, Ram. (18 January 2012). It's a girl: The three deadliest words in the world. The Independent
- Mashru, Ram. (24 January 2013). Film Screening: 'It's A Girl: The Three Deadliest Words in the World'. University of Oxford
- Rajpal, Roma. (30 January 2013). 'It's a girl'. Deutsche Welle
- Virk, Zakaria. (15 November 2012). It's a girl – 3 deadliest words in the world. The Muslim Times
অধিক তথ্য
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইটছ এ গাৰ্ল: দ্য থ্ৰী ডেডলিয়েষ্ট ৱৰ্ডছ ইন দ্য ৱৰ্ল্ড” প্ৰবন্ধৰ সংশোধন ৫৮২১৪০ (২৫ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।