অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ফায়াৰ (১৯৯৬ চলচ্চিত্ৰ)

ফায়াৰ ( Fire) দীপা মেহতা ৰচিত আৰু পৰিচালিত ১৯৯৬ চনৰ এখন ভাৰত-কানাডিয়ান ইৰ’টিক ৰোমান্টিক নাট্যধৰ্মী ছবি। ইয়াক শাবানা আজমী আৰু নন্দিতা দাসে অভিনয় কৰিছে। মেহতাৰ এলিমেণ্টছ ত্ৰিল’জীৰ এইখন প্ৰথম ছবি; পৰৱৰ্তী ছবি দুখন হ’ল আৰ্থ (১৯৯৮) আৰু ৱাটাৰ (২০০৫)।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১৯০ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ফায়াৰ ( Fire) দীপা মেহতা ৰচিত আৰু পৰিচালিত ১৯৯৬ চনৰ এখন ভাৰত-কানাডিয়ান ইৰ’টিক ৰোমান্টিক নাট্যধৰ্মী ছবি। ইয়াক শাবানা আজমী আৰু নন্দিতা দাসে অভিনয় কৰিছে। মেহতাৰ এলিমেণ্টছ ত্ৰিল’জীৰ এইখন প্ৰথম ছবি; পৰৱৰ্তী ছবি দুখন হ’ল আৰ্থ (১৯৯৮) আৰু ৱাটাৰ (২০০৫)।

ফায়াৰ ১৯৪২ চনৰ ইছমত চুগটাইৰ কাহিনী "লিহাফ"ৰ ওপৰত শিথিলভাৱে আধাৰিত।১ এইখন সমকামী সম্পৰ্ক স্পষ্টভাৱে দেখুওৱা প্ৰথম মূলসুঁতিৰ বলীউডৰ ছবিসমূহৰ ভিতৰত অন্যতম আৰু সমলৈংগিক সম্বন্ধ দেখুওৱা প্ৰথম ছবি।২৩ ১৯৯৮ চনত ভাৰতত মুক্তি পোৱাৰ পিছত বহু কেইটা সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে, যাৰ ফলত সমকামিতা আৰু বাক স্বাধীনতাৰ দৰে বিষয়ক কেন্দ্ৰ কৰি ৰাজহুৱা আলোচনাৰ ঢৌ আৰম্ভ হয়।৪৫

প্ৰতিক্ৰিয়া

১৯৯৮ চনৰ মে' মাহত ভাৰতৰ চলচ্চিত্ৰ প্ৰমাণীকৰণ ব'ৰ্ডে (চেণ্ট্ৰেল ব'ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেচন) প্ৰাপ্তবয়স্ক ৰেটিং দি কোনো কাটকুট নকৰাকৈ গৃহীত কৰে; একমাত্ৰ চৰ্ত আছিল সীতাৰ চৰিত্ৰটোৰ নাম নীতালৈ সলনি কৰা।[9] ব'ৰ্ডে ভাৰতীয় মহিলাসকলৰ বাবে কাহিনীটোৰ গুৰুত্ব আছে বুলি কোৱাৰ ভিত্তিত এই সিদ্ধান্ত লয়।৬ ১৯৯৮ চনৰ ১৩ নৱেম্বৰত প্ৰথম প্ৰদৰ্শিত হোৱা এই ছবিখন সমগ্ৰ ভাৰতৰ প্ৰায়বোৰ মহানগৰৰ ৪২ টা ছবিগৃহত প্ৰায় তিনি সপ্তাহ ধৰি হাউচফুল চলিছিল।৭

২ ডিচেম্বৰত ২০০ৰো অধিক শিৱ সেনাই মুম্বাইৰ উপনগৰ গোৰেগাঁৱৰ চিনেমেক্স থিয়েটাৰত আক্ৰমণ চলায়,[12] ছবিগৃহটোৰ কাঁচোবৰ ভাঙি পোষ্টাৰ জ্বলাই দিয়ে আৰু শ্লোগান দিয়ে।৮৯ তেওঁলোকে ছবিগৃহসমূহক চিনেমা চোৱা লোকসকলক টিকট ঘূৰাই দিবলৈ বাধ্য কৰাইছিল।

তথ্যসূত্ৰ

  1. ↑ Gopinath, Gayatri. (2005). Impossible Desires. Duke University press. ISBN 9780822386537
  2. ↑ Choudhury, Aishwarya. (25 November 2015). So, This Is What Went into The Making of Bollywood's First-Ever Lesbian Kiss Back in The '90s. ScoopWhoop
  3. ↑ Darren, Alison. (2000). Lesbian Film Guide. Cassell. পৃ. 74–75. ISBN 030433376X
  4. ↑ North, Madline. (10 December 1998). Women: Fighting Fire; Last week, activists ran riot at a cinema in Delhi in protest at the screening of Fire, a film about lesbians. Shabana Azmi a member of both India's parliament and the film's cast, explains why it should be shown. The Guardian (London)
  5. ↑ Gopinath, Gayatri. (2005). Impossible desires: Queer diasporas and south asian public cultures. Duke University Press. পৃ. 131. ISBN 0822335018
  6. ↑ (19 December 1998). City Theatre Puts Lid on 'Fire' again. The Times of India
  7. ↑ Bearak, Barry. (1998-12-24). New Delhi Journal; A Lesbian Idyll, and the Movie Theaters Surrender. The New York Times
  8. ↑ (1998-12-04). Rediff on the NeT: The fire against 'Fire' spreads to Surat. Rediff.com
  9. ↑ Jain, Madhu; Raval, Sheela. (21 December 1998). Ire over Fire. ইণ্ডিয়া টুডে

সম্পৰ্কিত শ্ৰেণী

ইংৰাজী চলচ্চিত্ৰভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফায়াৰ (১৯৯৬ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৭৪০০ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।