অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

উথিৰিপুক্কল

উথিৰিপুক্কল (ইং অন. Unstrung Flowers) ১৯৭৯ চনত নিৰ্মিত ভাৰতীয় তামিল ভাষাৰ নাট্যধৰ্মী ছবি, যাৰ ৰচনা আৰু পৰিচালনা মহেন্দ্ৰন। পুধুমাইপিথানৰ "চিত্ৰন্নাই" (সতি-সন্ততি) চুটিগল্পৰ আধাৰত নিৰ্মিত ছবিখনত বিজয়ন, অশ্বিনী আৰু মধু মালিনীয়ে অভিনয় কৰিছে।

হালনাগাদ: ১০ মে’ ২০২৫ ২১৯ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

উথিৰিপুক্কল (ইং অন. Unstrung Flowers) ১৯৭৯ চনত নিৰ্মিত ভাৰতীয় তামিল ভাষাৰ নাট্যধৰ্মী ছবি, যাৰ ৰচনা আৰু পৰিচালনা মহেন্দ্ৰন। পুধুমাইপিথানৰ "চিত্ৰন্নাই" (সতি-সন্ততি) চুটিগল্পৰ আধাৰত নিৰ্মিত ছবিখনত বিজয়ন, অশ্বিনী আৰু মধু মালিনীয়ে অভিনয় কৰিছে। ছবিখনত এজন চেডিষ্টিক পুৰুষৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে, যিয়ে নিজৰ পত্নী আৰু সন্তানকে ধৰি সকলোৰে জীৱন দুৰ্বিষহ কৰি তুলিছে।

চুটিগল্পটোৰ অভিযোজন কৰাৰ সময়ত মহেন্দ্ৰনে চিত্ৰনাট্যত বিশেষকৈ মুখ্য চৰিত্ৰটোৰ ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন সাধন কৰে। তেওঁৰ বন্ধু ৰাধা বালকৃষ্ণনে প্ৰযোজনা কৰা ছবিখনৰ ফটোগ্ৰাফী অশোক কুমাৰে আৰু প্ৰথমবাৰৰ বাবে সম্পাদনা কৰিছিল বি লেনিনে। সংগীত ইলাইয়াৰাজাৰ। অশ্বিনী, চাৰুহাছান, ভূপতি, চাৰুলতাকে ধৰি বহুতৰে বাবে এইখন আছিল অভিনয়ৰ ক্ষেত্ৰত প্ৰথম ছবি। ছবিখনৰ দৃশ্যগ্ৰহণ মূলতঃ মেট্টুপালায়ম আৰু ভেলীপালায়মৰ ওচৰৰ পালাপট্টিত কৰা হৈছিল।

১৯৭৯ চনৰ ১৯ অক্টোবৰত মুক্তি পোৱা এই ছবিখনে সমালোচনামূলক আৰু ব্যৱসায়িকভাৱে সফলতা লাভ কৰিছিল। উথিৰিপুক্কল ১৭৫ দিন ছবিগৃহত চলিছিল। মহেন্দ্ৰনে শ্ৰেষ্ঠ তামিল পৰিচালকৰ ফিল্মফেয়াৰ বঁটা আৰু এছ জানকীয়ে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰে। ২০১৩ চনত নিউজ ১৮-এ এই ছবিখনক সৰ্বকালৰ ১০০খন শ্ৰেষ্ঠ ভাৰতীয় ছবিৰ তালিকাত অন্তৰ্ভুক্ত কৰিছিল, যদিও এতিয়া উথিৰিপুক্কালৰ কোনো প্ৰিন্ট পোৱা বুলি জনা নাযায়। অৱশ্যে ছবিখন ঘৰুৱা ভিডিঅ'ত উপলব্ধ।১ ছবিখন তেলেগু ভাষাত “পাচিদি মোগ্গলু” (১৯৮০) নামেৰে পুনৰ নিৰ্মাণ কৰা হয়।২

বিষয়বস্তু

উথিৰিপুক্কালত ঘৰুৱা হিংসা, চেডিজম,৩ আৰু নাৰীবাদৰ বিষয়ে আলোচনা কৰা হৈছে।৪ ফিল্ম কম্পেনিয়নৰ ৰাম চন্দৰৰ মতে সুন্দৰৱদিৱেলুৰ চৰিত্ৰটোৱে "সকলো মানুহৰ হৃদয়ত থকা জঘন্যতাক প্ৰতিনিধিত্ব কৰে আৰু ক্লাইমেক্সত সেই দানৱটোক ধ্বংস কৰাৰ আহ্বান দিয়া হয়। ৫

তথ্যসূত্ৰ

  1. ↑ Pasidi Moggalu (1980). AP Talkies
  2. ↑ (19 October 2017). உதிரிப்பூக்கள்.. வருடங்கள் கடந்தோடினாலும் உதிராத வாசம்! #38YearsOfUthiriPookal. Ananda Vikatan
  3. ↑ Muralidharan, Kavitha. (11 August 2013). Second coming?. দ্য হিন্দু
  4. ↑ Ashok Kumar, S. R. (13 July 2007). Filmmakers' favourites. দ্য হিন্দু
  5. ↑ Baskaran, S. Theodore. (28 November 2003). A tale rooted in the soil. দ্য হিন্দু

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰতামিল চলচ্চিত্ৰ১৯৭৯ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উথিৰিপুক্কল” প্ৰবন্ধৰ সংশোধন ৫০৭৩৫২ (১০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।