হিৰোইন ( Heroine ) ২০১২ চনৰ, মধুৰ ভাণ্ডাৰকাৰৰ পৰিচালিত আৰু ৰচিত এখন ভাৰতীয় হিন্দী ভাষাৰ নাট্যধৰ্মী ছবি। ভাণ্ডাৰকাৰ ছবিখনৰ সহ-প্ৰযোজকো। বৰ্তমান কেৰিয়াৰৰ অৱনতি ঘটা, এসময়ৰ সফল চলচ্চিত্ৰ অভিনেত্ৰী এগৰাকীৰ জীৱনক কেন্দ্ৰ কৰি হিৰোইনৰ ছবিৰ কাহিনী আগবাঢ়িছে। ছবিৰ নায়িকা কৰীনা কাপুৰ। অন্য মূল চৰিত্ৰত আছে অৰ্জুন ৰামপাল আৰু ৰনদীপ হুদা। ইয়াৰ উপৰিও সহযোগী চৰিত্ৰত অভিনয় কৰিছে শ্বাহানা গোস্বামী, ৰাকেশ বাপত, দিব্যা দত্ত, হেলেন, শিল্পী শৰ্মা, মুগ্ধা গডছে আৰু লিলেটে ডুবেই।
কাপুৰৰ ৩২তম জন্মদিনৰ লগত সংগতি ৰাখি ২০১২ চনৰ ২১ ছেপ্টেম্বৰত ২০০০ খন পৰ্দাত হিৰোইন মুক্তি পায়। ছবিখনে সমালোচকৰ মিশ্ৰিত-ইতিবাচক মতামত পায় যদিও কাপুৰৰ অভিনয়ে ব্যাপক প্ৰশংসা লাভ কৰে আৰু ছবিখনত কৰা তেওঁৰ অভিনয়ক অন্যতম শ্ৰেষ্ঠ অভিনয় বুলি গণ্য কৰা হয়। কাপুৰে ৫৮তম ফিল্মফেয়াৰ বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ মনোনয়ন পায়।১
বক্স অফিচ
ঘৰুৱাভাৱে ছবিখনে মুক্তিৰ দিনটোত ৬.৮২ কোটি টকা (৭ লাখ ৮০,০০০ মাৰ্কিন ডলাৰ) উপাৰ্জন কৰে।২ সপ্তাহৰ শেষৰ ফালে হিৰোইনৰ গড় আয় ২১.২৬ কোটি টকা (২.৪ মিলিয়ন মাৰ্কিন ডলাৰ)।৩ ছবিখনে প্ৰথম সপ্তাহত ৩০.০৯ কোটি টকা (৩.৪ মিলিয়ন মাৰ্কিন ডলাৰ) সংগ্ৰহ কৰিছিল।৪
তথ্যসূত্ৰ
- ↑ Kareena Kapoor Khan's best roles till date
- ↑ Heroine First Day Business. Box Office India
- ↑ Boxofficeindia.com. Box Office India
- ↑ Heroine Week One Territorial Breakdown. Box Office India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিৰোইন (২০১২ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬৩৭৮৫৯ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।