আই এম ( I Am ) ২০১০ চনৰ অ’নিৰৰ পৰিচালনাত ভাৰতীয় হিন্দী ভাষাৰ চলচ্চিত্ৰ সংকলন। এইখন চাৰিখন চুটি ছবিৰ সংকলন: "ওমৰ", "আফিয়া", "অভিমন্যু", আৰু "মেঘা"। প্ৰতিখন ছবিৰ কাহিনীত এক ধৰণৰ সংশয়ে ক্ৰিয়া কৰি আছে আৰু আটাইকেইখনে বাস্তৱ জীৱনৰ কাহিনীৰ ওপৰত আধাৰিত। আই এম বিশ্বৰ ৪০০ৰো অধিক ভিন্ন ব্যক্তিৰ অনুদানৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল,১ ইয়াৰে বহুতেই ফেচবুকৰ দৰে ছ'চিয়েল নেটৱৰ্কিং চাইটৰ জৰিয়তে অনুদান আগবঢ়াইছিল।১ চাৰিটা গল্প যদিও প্ৰতিটো কাহিনীৰ লগত চৰিত্ৰবোৰ অংগাংগীভাবে জড়িত হৈ আছে। "অভিমন্যু" শিশু নিৰ্যাতনৰ ওপৰত আধাৰিত, "ওমৰ" সমকামী অধিকাৰৰ ওপৰত, "মেঘা" কাশ্মীৰী পণ্ডিত আৰু "আফিয়া"ত শুক্ৰাণু দানৰ বিষয়ে। ছবিখনত ছটা ভিন্ন ভাষা কোৱা হয়: হিন্দী, ইংৰাজী, কানাড়া, মাৰাঠী, বাংলা আৰু কাশ্মীৰী। সেয়েহ সকলো অঞ্চলতে চাব-টাইলেটৰ সৈতে আই এম মুক্তি পাইছিল।২৩
মুক্তি
নিউয়ৰ্ক চহৰৰ আই ভিউ ফিল্ম ফেষ্টিভেলত আই এমৰ বৈশ্বিক প্ৰিমিয়াৰ হৈছিল। ছবিখন কেৰালাৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ আৰু ভেংকুৱাৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ দৰে আন কেইবাটাও চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।৪৫ আই এম প্ৰথমে ভাৰত আৰু অষ্ট্ৰেলিয়াত ২০১১ চনৰ ২২ এপ্ৰিলত ছবিগৃহত মুক্তি পোৱাৰ কথা আছিল যদিও অ’নিৰে ইয়াক ২৯ এপ্ৰিললৈ সলনি কৰে।
তথ্যসূত্ৰ
- ↑ Manali Shah. (5 August 2010). Onir raises funds through Facebook. হিন্দুস্তান টাইমছ
- ↑ (27 November 2010). Independent filmmakers are wiped out in India: Onir. NDTV
- ↑ (2 June 2010). Onir in search of a fertility clinic. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (12 December 2010). FB Status: Need money, making my film. The Economic Times
- ↑ (8 April 2011). Onir postpones 'I AM' release to April 29. দ্য টাইম্ছ অৱ ইণ্ডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আই এম (২০১০ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৯৮৪৯৯ (২৭ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।