ফিজা (Fiza) ২০০০ চনৰ হিন্দী ভাষাৰ এখন ক্ৰাইম থ্ৰিলাৰ ছবি। ছবিৰ কাহিনী আৰু পৰিচালনা খালিদ মহম্মদৰ। ইয়াত কৰিশ্মা কাপুৰে নাম ভূমিকাত অভিনয় কৰিছে।১ লগতে ঋত্বিক ৰোশনে তেওঁৰ উগ্ৰবাদী ভাতৃ আৰু জয়া বচ্চনে তেওঁলোকৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে।২ প্ৰদীপ গুহই ভাৰতীয় মুদ্ৰাৰ ৫৫ মিলিয়ন টকা বাজেটত নিৰ্মাণ কৰা এই ছবিখন ২০০০ চনৰ ৮ ছেপ্টেম্বৰত বিশ্বজুৰি বিভিন্ন চিত্ৰগৃহত মুক্তি লাভ কৰে।৩
মুক্তিৰ লগে লগে ফিজাই সাকাৰাত্মক সমীক্ষা লাভ কৰে। ছবিখন কাহিনী আৰু সংগীতৰ লগতে অভিনেতা-অভিনেত্ৰীসকলেও উচ্চ প্ৰশংসিত হয়।৪ বক্স অফিচত সফলতা লাভ কৰা ছবিখনে বিশ্বজুৰি ৩২২ মিলিয়ন টকা (৭.১৭ মিলিয়ন মাৰ্কিন ডলাৰ) উপাৰ্জন কৰে।৫ ৪৬তম ফিল্মফেয়াৰ বঁটাত ফিজাই ৭টা মনোনয়ন লাভ কৰাৰ লগতে কৰিশ্মা কাপুৰে শ্ৰেষ্ঠ অভিনেত্ৰী আৰু জয়া বচ্চনে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।
প্লট
১৯৯৩ চনৰ বম্বে দাঙ্গাৰ সময়ত ফিজাৰ (কৰিছমা কাপুৰ) ভাতৃ অমন (ঋত্বিক ৰোশন) নিৰুদ্দেশ হয়। ফিজা আৰু অমনৰ মাক নিশাতবীয়ে (জয়া বচ্চন) এদিন সি ঘূৰি আহিব বুলি আশাত বন্দী হৈ আছে। কিন্তু নিৰুদ্দেশৰ ছবছৰৰ পাছতো যেতিয়া ভায়েক ঘূৰি নাহিল, তেতিয়া ফিজাই নিজে ভায়েকক বিচাৰি যাবলৈ সংকল্প লয়। তাৰবাবে ফিজাই আইন, সংবাদ মাধ্যম, আনকি ৰাজনীতিকৰো ওচৰ চাপে; যাৰ ফলত তাই বিভিন্ন চৰিত্ৰ আৰু পৰিস্থিতিৰ সংস্পৰ্শলৈ আহে।
যেতিয়া তাই ভায়েকক বিচাৰি পায়, তেতিয়া তেওঁৰ বেয়া লাগে, যেতিয়া তাই দেখে যে সি এটা সন্ত্ৰাসবাদী গোটত যোগদান কৰিছে। তাই তাক ঘৰলৈ আহিবলৈ বাধ্য কৰায় আৰু অৱশেষত সি মাকৰ লগত পুনৰ মিলিত হয়। অৱশ্যে তাৰ আনুগত্য আৰু বিচাৰধাৰাই তাক মুৰাদ খান (মনোজ বাজপেয়ী) নেতৃত্বাধীন সন্ত্ৰাসবাদী কাৰ্যকলাপলৈ পুনৰ ঘূৰি যোৱাৰ প্ৰৰোচিত কৰে। ফিজাক হাৰাশাস্তি কৰা দুজন মানুহৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত অমনে সন্ত্ৰাসবাদী জালিকাৰ সৈতে থকা নিজৰ সম্পৰ্কৰ কথা নিজৰ ভগ্নী, মাতৃ আৰু আৰক্ষীৰ আগত প্ৰকাশ কৰে। দুখ আৰু হতাশাত মাকে অৱশেষত আত্মহত্যা কৰিবলৈ বাধ্য হয়।
ফিজাই অনিৰুদ্ধ ৰায়ৰ (বিক্ৰম ছালুজা) সহায়ত আৰু এবাৰ ভায়েকক বিচাৰিবলৈ চেষ্টা কৰে।
অমনক দুজন শক্তিশালী ৰাজনীতিবিদক হত্যা কৰাৰ মিছনলৈ পঠিওৱা হয়; যেতিয়া সি ৰাজনীতিক দুজনক হত্যা কৰাত সফল হয়, তেতিয়া তাৰ নিজৰে সন্ত্ৰাসবাদী গোটটোৱে তাক হত্যা কৰিবলৈ চেষ্টা চলায়। সি পলায়ন কৰে আৰু ফিজাই তাৰ পিছে পিছে যায়। দুয়ো মুখামুখি হয় আৰু আৰক্ষীয়ে সিহঁতৰ ওচৰ চপাৰ লগেলগে অমনে ফিজাক তাক হত্যা কৰিবলৈ কয়। তাক সন্মানজনক ভাবে বিদায় দিয়াৰ শেষ উপায় হিচাপে ফিজাই নিজৰ ভায়েকক হত্যা কৰে।
সন্মান
৪৬তম ফিল্মফেয়াৰ বঁটা (২০০০)৬৭
- শ্ৰেষ্ঠ অভিনেতা- ঋত্বিক ৰোছন
- শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী- জয়া বচ্চন
বেংগল জাৰ্ণলিষ্টচ্ এচোছিয়েচন বঁটা৮
- শ্ৰেষ্ঠ পৰিচালক (হিন্দী)- খালিদ মহম্মদ
- শ্ৰেষ্ঠ অভিনেতা (হিন্দী)- ঋত্বিক ৰোচন
- শ্ৰেষ্ঠ অভিনেত্ৰী (হিন্দী)- কৰিশ্মা কাপুৰ
- শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী (হিন্দী)- জয়া বচ্চন
বাহ্যিক সংযোগ
ফিজা’’’ (Fiza) ২০০০ চনৰ হিন্দী ভাষাৰ এখন ক্ৰাইম থ্ৰিলাৰ ছবি। ছবিৰ কাহিনী আৰু পৰিচালনা খালিদ মহম্মদৰ। ইয়াত কৰিশ্মা কাপুৰে নাম ভূমিকাত অভিনয় কৰিছে।৯ লগতে ঋত্বিক ৰোশনে তেওঁৰ উগ্ৰবাদী ভাতৃ আৰু জয়া বচ্চনে তেওঁলোকৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে।১০ প্ৰদীপ গুহই ভাৰতীয় মুদ্ৰাৰ ৫৫ মিলিয়ন টকা বাজেটত নিৰ্মাণ কৰা এই ছবিখন ২০০০ চনৰ ৮ ছেপ্টেম্বৰত বিশ্বজুৰি বিভিন্ন চিত্ৰগৃহত মুক্তি লাভ কৰে।১১
মুক্তিৰ লগে লগে ফিজাই সাকাৰাত্মক সমীক্ষা লাভ কৰে। ছবিখন কাহিনী আৰু সংগীতৰ লগতে অভিনেতা-অভিনেত্ৰীসকলেও উচ্চ প্ৰশংসিত হয়।৪ বক্স অফিচত সফলতা লাভ কৰা ছবিখনে বিশ্বজুৰি ৩২২ মিলিয়ন টকা (৭.১৭ মিলিয়ন মাৰ্কিন ডলাৰ) উপাৰ্জন কৰে।১২ ৪৬তম ফিল্মফেয়াৰ বঁটাত ফিজাই ৭টা মনোনয়ন লাভ কৰাৰ লগতে কৰিশ্মা কাপুৰে শ্ৰেষ্ঠ অভিনেত্ৰী আৰু জয়া বচ্চনে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।
প্লট
১৯৯৩ চনৰ বম্বে দাঙ্গাৰ সময়ত ফিজাৰ (কৰিছমা কাপুৰ) ভাতৃ অমন (ঋত্বিক ৰোশন) নিৰুদ্দেশ হয়। ফিজা আৰু অমনৰ মাক নিশাতবীয়ে (জয়া বচ্চন) এদিন সি ঘূৰি আহিব বুলি আশাত বন্দী হৈ আছে। কিন্তু নিৰুদ্দেশৰ ছবছৰৰ পাছতো যেতিয়া ভায়েক ঘূৰি নাহিল, তেতিয়া ফিজাই নিজে ভায়েকক বিচাৰি যাবলৈ সংকল্প লয়। তাৰবাবে ফিজাই আইন, সংবাদ মাধ্যম, আনকি ৰাজনীতিকৰো ওচৰ চাপে; যাৰ ফলত তাই বিভিন্ন চৰিত্ৰ আৰু পৰিস্থিতিৰ সংস্পৰ্শলৈ আহে।
যেতিয়া তাই ভায়েকক বিচাৰি পায়, তেতিয়া তেওঁৰ বেয়া লাগে, যেতিয়া তাই দেখে যে সি এটা সন্ত্ৰাসবাদী গোটত যোগদান কৰিছে। তাই তাক ঘৰলৈ আহিবলৈ বাধ্য কৰায় আৰু অৱশেষত সি মাকৰ লগত পুনৰ মিলিত হয়। অৱশ্যে তাৰ আনুগত্য আৰু বিচাৰধাৰাই তাক মুৰাদ খান (মনোজ বাজপেয়ী) নেতৃত্বাধীন সন্ত্ৰাসবাদী কাৰ্যকলাপলৈ পুনৰ ঘূৰি যোৱাৰ প্ৰৰোচিত কৰে। ফিজাক হাৰাশাস্তি কৰা দুজন মানুহৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত অমনে সন্ত্ৰাসবাদী জালিকাৰ সৈতে থকা নিজৰ সম্পৰ্কৰ কথা নিজৰ ভগ্নী, মাতৃ আৰু আৰক্ষীৰ আগত প্ৰকাশ কৰে। দুখ আৰু হতাশাত মাকে অৱশেষত আত্মহত্যা কৰিবলৈ বাধ্য হয়।
ফিজাই অনিৰুদ্ধ ৰায়ৰ (বিক্ৰম ছালুজা) সহায়ত আৰু এবাৰ ভায়েকক বিচাৰিবলৈ চেষ্টা কৰে,।
অমনক দুজন শক্তিশালী ৰাজনীতিবিদক হত্যা কৰাৰ মিছনলৈ পঠিওৱা হয়; যেতিয়া সি ৰাজনীতিক দুজনক হত্যা কৰাত সফল হয়, তেতিয়া তাৰ নিজৰে সন্ত্ৰাসবাদী গোটটোৱে তাক হত্যা কৰিবলৈ চেষ্টা চলায়। সি পলায়ন কৰে আৰু ফিজাই তাৰ পিছে পিছে যায়। দুয়ো মুখামুখি হয় আৰু আৰক্ষীয়ে সিহঁতৰ ওচৰ চপাৰ লগেলগে অমনে ফিজাক তাক হত্যা কৰিবলৈ কয়। তাক সন্মানজনক ভাবে বিদায় দিয়াৰ শেষ উপায় হিচাপে ফিজাই নিজৰ ভায়েকক হত্যা কৰে।
সন্মান
৪৬তম ফিল্মফেয়াৰ বঁটা (২০০০)১৩১৪
- শ্ৰেষ্ঠ অভিনেতা- ঋত্বিক ৰোছন
- শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী- জয়া বচ্চন
বেংগল জাৰ্ণলিষ্টচ্ এচোছিয়েচন বঁটা১৫
- শ্ৰেষ্ঠ পৰিচালক (হিন্দী)- খালিদ মহম্মদ
- শ্ৰেষ্ঠ অভিনেতা (হিন্দী)- ঋত্বিক ৰোচন
- শ্ৰেষ্ঠ অভিনেত্ৰী (হিন্দী)- কৰিশ্মা কাপুৰ
- শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী (হিন্দী)- জয়া বচ্চন
তথ্যসূত্ৰ
- ↑ Iqbal, Murtuza. (2019-06-25). Birthday Special: Top performances of Karisma Kapoor. EasternEye
- ↑ (2017-06-25). Happy birthday Karisma Kapoor: Raja Babu to Fiza, 10 films which show how she carved a niche for herself in Bollywood. The Indian Express
- ↑ (25 June 2018). From Zubeidaa to Fiza, a look at Karisma Kapoor's iconic performances on her 44th birthday. Firstpost
- ↑ Fiza - Movie. Box Office India
- ↑ Greatest Women Oriented Bollywood Movies – Skin, Hair, Weight Loss, Health, Beauty and Fitness Blog. entertainment.expertscolumn.com
- ↑ 46th Filmfare Awards 2001 Nominations. Indian Times. The Times Group
- ↑ Dhirad, Sandeep. (2006). Filmfare Nominees and Winners. Filmfare. পৃ. 107–109
- ↑ 69th & 70th Annual Hero Honda Bengal Film Journalists' Association Awards 2007

উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফিজা” প্ৰবন্ধৰ সংশোধন ৬১৫০৩৫ (৩০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।