সুকুমাৰী (Sukumari) ঢাকাৰ নবাব পৰিয়ালে নিৰ্মাণ কৰা, ১৯২৯ চনৰ এখন চুটি ছবি। সুকুমাৰী ব্ৰিটিছ ভাৰতৰ ঢাকাত (বৰ্তমান বাংলাদেশ) নিৰ্মিত প্ৰথমখন ছবি। নবাব পৰিয়ালৰ উৎসাহত অনুপ্ৰাণিত হৈ অম্বুজা প্ৰসন্ন গুপ্তাই ১৯২৭ চনত এই পৰীক্ষামূলক চুটি নিৰ্বাক ছবিখন পৰিচালনা কৰে।১২ অভিনেতা আৰু ক্ৰুসকল আটাইকেইজন ঢাকাৰ বাসিন্দা আছিল, আৰু সেইটোৱেই আছিল তেওঁলোকৰ চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰথম অভিজ্ঞতা। ফলস্বৰূপে এই ছবিখনৰ প্ৰযোজক, পৰিচালক, অভিনেতা আৰু সমগ্ৰ দলটোক ঢাকাত আৰু এইদৰে বাংলাদেশতো চলচ্চিত্ৰ নিৰ্মাণৰ পথ প্ৰদৰ্শক বুলি গণ্য কৰা হয়।৩
ছবিখনৰ মাত্ৰ এটা ৰীলহে নিৰ্মাণ কৰা হৈছিল। দুৰ্ভাগ্যজনকভাৱে ছবিখন ৰাজহুৱা ভাবে কেতিয়াও প্ৰদৰ্শননহ’ল। কিন্তু কেইটামান ব্যক্তিগত প্ৰদৰ্শন হৈছিল।৪
কেৱল সুকুমাৰীৰ এখন স্থিৰচিত্ৰহে বাংলাদেশ ফিল্ম আৰ্কাইভে সংৰক্ষিত কৰিছে।৫
উত্তৰাধিকাৰ
ছবিখন সফলতাৰে নিৰ্মাণ কৰাৰ পিছত ছবিখনৰ সৈতে জড়িত ঢাকাৰ নবাব পৰিয়ালৰ কিছুমান সাংস্কৃতিক মনোভাৱৰ যুৱ ব্যক্তিয়ে ঢাকাত প্ৰথমখন ছবি নিৰ্মাণৰ উদ্যোগ লৈ ঢাকা ইষ্ট বেংগল চিনেমেট’গ্ৰাফ ছ’চাইটি নামৰ এটা সংস্থা স্থাপন কৰে, যিটো বাংলাদেশৰ প্ৰথমখন ছবি নিৰ্মাণকাৰী সংস্থা আছিল। তেওঁলোকৰ প্ৰচেষ্টাৰ ফলত ঢাকাৰ আধাৰত নিৰ্মিত প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি দ্য লাষ্ট কিছ পিছলৈ নিৰ্মাণ কৰা হয়৬ আৰু ১৯৩১ চনত মুক্তি পায়। ইয়াক ঢাকাৰ নবাব পৰিয়ালেও প্ৰস্তুত কৰিছিল।৭৮৯
তথ্যসূত্ৰ
- ↑ (2014-06-19). মনে আছে কি?. Prothom Alo
- ↑ বাংলাদেশেৰ চলচ্চিত্ৰ নিয়ে কিছু জানা কথা, Tapan Bagchi
- ↑ ঢাকাই চলচ্চিত্ৰেৰ শুৰুৰ সময়
- ↑ Huq, Sabiha; Mukherjee, Srideep. (21 January 2020). Guns in Bangla cinema across borders: perspectives on cultural evolution. Palgrave Communications. পৃ. 1–12
- ↑ Dhaka Nawab Family and Film. nawabbari.com. Nawab Bari
- ↑ Did you know? First Pakistani silent movie makes it to international film fests. The Express Tribune
- ↑ Dhaka Nawab Family and Film. nawabbari.com. Nawab Bari
- ↑ Did you know? First Pakistani silent movie makes it to international film fests. The Express Tribune
- ↑ Sharma, Anukrati. (5 August 2019). Sustainable Tourism Development: Futuristic Approaches. CRC Press. পৃ. 117. ISBN 978-0-429-67478-5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুকুমাৰী (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৬২৪০৮৩ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।