অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ইতি মৃণালিনী

ইতি মৃণালিনী ( An Unfinished Letter ) ২০১১ চনত বাংলা চলচ্চিত্ৰ নিৰ্মাতা অপৰ্ণা সেনৰ দ্বাৰা পৰিচালিত এখন ভাৰতীয় নাট্যধৰ্মী ছবি। সেনে ৰঞ্জন ঘোষৰ সৈতে সহযোগিতাৰে কাহিনী আৰু চিত্ৰনাট্য ৰচনা কৰিছিল। এই ছবিখনৰ প্ৰযোজক আছিল শ্ৰী ভেংকটেশ ফিল্মছ প্ৰাইভেট লিমিটেডৰ শ্ৰীকান্ত মহতা আৰু মহেন্দ্ৰ ছোনীয়ে।

হালনাগাদ: ১০ মে’ ২০২৫ ১৯৪ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ইতি মৃণালিনী ( An Unfinished Letter ) ২০১১ চনত বাংলা চলচ্চিত্ৰ নিৰ্মাতা অপৰ্ণা সেনৰ দ্বাৰা পৰিচালিত এখন ভাৰতীয় নাট্যধৰ্মী ছবি। সেনে ৰঞ্জন ঘোষৰ সৈতে সহযোগিতাৰে কাহিনী আৰু চিত্ৰনাট্য ৰচনা কৰিছিল।১ এই ছবিখনৰ প্ৰযোজক আছিল শ্ৰী ভেংকটেশ ফিল্মছ প্ৰাইভেট লিমিটেডৰ শ্ৰীকান্ত মহতা আৰু মহেন্দ্ৰ ছোনীয়ে।২ কিছুমান সমালোচকে মিষ্টাৰ আৰু মিচেছ আয়াৰ আৰু ৩৬ চৌৰিংগী লেনৰ সৈতে এইখনক তেওঁৰ শ্ৰেষ্ঠ কৰ্মসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰে।৩

এক দশকৰো অধিক ব্যৱধানৰ অন্তত এইখনেই আছিল সেন পৰিচালনা কৰা প্ৰথমখন বাংলা ছবি। তেওঁৰ পূৰ্বৰ ছবি আছিল ২০০০ চনৰ পাৰমিতাৰ এক দিন। ইতি মৃনালিনীক পৰিচালকৰ প্ৰথম মূলসুঁতিৰ উদ্যোগ হিচাপে দেখা যায়। এইখন অতীতৰ এগৰাকী বৃদ্ধ বঙালী তাৰকা অভিনেত্ৰী মৃনালিনীৰ জীৱনৰ ওপৰত কেন্দ্ৰীভূত, যিয়ে নিজৰ পাৰ হৈ অহা জীৱনটোক উভতি চায়। অপৰ্ণা সেনে বৰ্তমানৰ মৃণালিনীৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে তেওঁৰ কন্যা কংকনা সেন শৰ্মাই মৃণালিনীৰ যুৱাৱস্থা চৰিত্ৰত অভিনয় কৰিছে।[2] ছবিখনত সহযোগী চৰিত্ৰত অভিনয় কৰিছে ৰজত কাপুৰ, প্ৰিয়াংশু চেটাৰ্জী, কৌশিক সেন, লকেট চেটাৰ্জী আৰু জাৰ্মান অভিনেতা চুজেন বাৰ্নাৰ্ট। কংকণাৰ বাহিৰে সমগ্ৰ অভিনেতা-অভিনেত্ৰী অপৰ্ণা সেনৰ ছবিত নতুন।৪

এইখনে আছিল প্ৰথমবাৰৰ বাবে সেনে চিত্ৰনাট্যকাৰৰ সৈতে সহযোগিতা কৰা,১ আৰু বাংলা সংস্কৰণৰ সৈতে একেলগে হিন্দী ভাষাত ৰাষ্ট্ৰীয় পৰ্যায়ত মুক্তি পোৱা সেনৰ এইখন প্ৰথমখন ছবি। ইয়াৰ উপৰিও সেন আৰু তেওঁৰ কন্যাই প্ৰথমবাৰৰ বাবে একেটা চৰিত্ৰত অভিনয় কৰিছে।১

তথ্যসূত্ৰ

  1. ↑ Konkona plays young mom Aparna. Deccan Herald
  2. ↑ Aparna Sen's best since Mr and Mrs Iyer. India Abroad-Digital
  3. ↑ Aparna and Konkona in Iti Mrinalini. Screen
  4. ↑ Nag, Kushali. (2009-09-23). Other casts of Iti Mrinalini. The Telegraph

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰবঙালী চলচ্চিত্ৰ২০১০ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইতি মৃণালিনী” প্ৰবন্ধৰ সংশোধন ৫০৭৩৩৮ (১০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।