আয়না ( Aaina ) ১৯৭৪ চনত কে বালাচন্দৰৰ ৰচিত আৰু পৰিচালিত ভাৰতীয় হিন্দী ভাষাৰ এখন নাট্যধৰ্মী ছবি। তামিল ছবি আৰংগেট্ৰামৰ (১৯৭৩) পুনৰ্নিৰ্মাণ এই ছবিখনত মুমতাজে মুখ্য চৰিত্ৰত আৰু এ কে হেংগল, নিৰুপা ৰয়, ললিতা পাৱাৰ, জয়াসুধা আৰু মদন পুৰীয়ে সহযোগী চৰিত্ৰত অভিনয় কৰিছে। ছবিখনত ৰাজেশ খান্নাক এটা বিশেষ ভূমিকাত দেখা যায়। কাহিনীত এগৰাকী ব্ৰাহ্মণ ছোৱালীয়ে কেনেকৈ নিজৰ বৃহৎ পৰিয়াল পোহপাল দিবলৈ যৌনকৰ্মী হয়গৈ, তাক বৰ্ণনা কৰা হৈছে।১
অভিনয়
- মুমতাজ
- এ কে হেংগল
- নিৰুপা ৰায়
- ৰীতা ভাদুৰী
- আদিল আমন
- য়াচমিন
- ললিতা পাৱাৰ
- মনমোহন কৃষ্ণ
- মদন পুৰী
- জগগীপ ২
- ৰাজেশ খান্না
নিৰ্মাণ
আইনা হৈছে প্ৰমিলা, কমল হাছান আৰু শিৱকুমাৰে অভিনয় কৰা তামিল ছবি অৰংগেত্ৰমৰ পুনৰ্নিৰ্মাণ, যিখন ছবি একেজন পৰিচালকে পৰিচালনা কৰিছিল।৩ এইখনেই আছিল প্ৰথম হিন্দী ছবি য'ত কমল হাছানে টাইটেল কাৰ্ডত নামোল্লেখ নকৰাকৈ অভিনয় কৰিছিল আৰু তেওঁ ছবিখনৰ সহকাৰী নৃত্য পৰিচালক হিচাপেও কাম কৰিছিল।৪৫ বিয়াৰ পূৰ্বে নায়িকা হিচাপে মুমতাজৰ এইখনেই আছিল শেষ ছবি। পিছলৈ তেওঁ আন্ধিয়াঁ (১৯৯০) ছবিৰে পুনৰ চলচ্চিত্ৰ জগতলৈ উভতি আহে।৬
তথ্যসূত্ৰ
- ↑ Srinivasan, S. (11 July 2011). K. Balachander: The Middle-Class Maestro. Forbes India
- ↑ (9 July 2020). Jagdeep's Funeral Details: Legendary Comedian to be Buried at South Bombay Cemetery Around 11:30am. india.com
- ↑ (1 January 2020). #Remake K. Balachander remade his..
- ↑ (18 December 2014). Kamal Haasan: My best roles came from Balachandersaab. Rediff.com
- ↑ (29 January 2021). ஜெமினிகணேசன் உதவியால் எனக்கு வாய்ப்பு கிடைத்தது - கமலஹாசன் வெளியிட்ட தகவல். Maalai Malar
- ↑ (18 September 2017). I don't want to play Shah Rukh Khan's mom or Akshay Kumar's aunt- Mumtaz. Filmfare
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আয়না (১৯৭৪ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৯০০৫৫ (১০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।