অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বাড়ীৱালী

বাড়ীৱালী ( Land Lady ) ঋতুপৰ্ণ ঘোষৰ পৰিচালনাত ২০০০ চনত মুক্তি পোৱা পশ্চিম বংগৰ পৰা নিৰ্মিত এখন বাংলা ছবি। ছবিখনত অভিনয় কৰিছে কিৰন খেৰ, ৰূপা গাংগুলী, আৰু চিৰঞ্জীত চক্ৰৱৰ্তীয়ে।

হালনাগাদ: ১৯ এপ্ৰিল ২০২৫ ২৬৩ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

বাড়ীৱালী ( Land Lady ) ঋতুপৰ্ণ ঘোষৰ পৰিচালনাত ২০০০ চনত মুক্তি পোৱা পশ্চিম বংগৰ পৰা নিৰ্মিত এখন বাংলা ছবি। ছবিখনত অভিনয় কৰিছে কিৰন খেৰ,১ ৰূপা গাংগুলী, আৰু চিৰঞ্জীত চক্ৰৱৰ্তীয়ে।

কাহিনীৰ সাৰাংশ

ছবিখনৰ কেন্দ্ৰীয় চৰিত্ৰ বনলতা (কিৰন খেৰ) বিয়াৰ দুদিন পূৰ্বে হ’বলগীয়া স্বামী সৰ্প দংশনত মৃত্যু হোৱাৰ পিছৰে পৰা অকলশৰীয়া জীৱন কটাবলগীয়া হৈছে। ঘৰত তেওঁৰ সংগী হ’ল তেওঁৰ লিগিৰি মালতী (সুদীপ্তা চক্ৰৱৰ্তী) আৰু প্ৰসন্ন। এই বিশাল হাউলীৰ নিসংগতাৰ লগত তেওঁ অভ্যস্ত হৈ পৰিছে। একেবাৰে প্ৰয়োজনীয় নহ’লে তেওঁ ঘৰৰ পৰা বাহিৰলৈ নাযায়। হঠাৎ এজন চলচ্চিত্ৰ পৰিচালকে (চিৰঞ্জীত চক্ৰৱৰ্তী) ঘৰৰ এটা অংশ ভাড়াত লৈ নিজৰ ছবিৰ শ্বুটিং কৰিব বিচাৰে। বনলতাই প্ৰথমে আপত্তি কৰে যদিও পিছত মান্তি হয়। ছবিখনৰ সুদৰ্শন পৰিচালক দীপাংকৰ, ছবিখনৰ নায়িকা সুদেষ্ণা (ৰূপা গাংগুলী), আৰু বহু অভিনেতা, অভিনেত্ৰী আৰু কলা-কুশলীৰে ঘৰটো ব্যস্ত হৈ পৰিছে। বনলতাই জানিছিল যে দীপাংকৰৰ বিয়া হৈছে, আৰু সুদেষ্ণাৰ সৈতে তেওঁৰ পূৰ্বৰ প্ৰেমৰ সম্পৰ্কৰ কথাও তেওঁৰ অজানা নাছিল। তৎসত্ত্বেও আদবয়সীয়া বনলতা দীপাংকৰৰ প্ৰতি আগ্ৰহী, এনে লাগে যেন তেওঁ এনেকুৱা এজন পুৰুষৰ বাবে অপেক্ষা কৰি আছিল। এই আগ্ৰহৰ সুযোগ লৈ দীপাংকৰে বনলতাক তেওঁৰ ছবিখনত এটা সৰু চৰিত্ৰত অভিনয় কৰিবলৈ অনুৰোধ জনায়। শ্বুটিৎ শেষ হোৱাৰ পিছত সকলোৱে গুচি গ’ল। বনলতাৰ নিসংগতা আৰু যেন গভীৰ হয়। তেওঁ ইখনৰ পিছত সিখন চিঠি পঠিয়াবলৈ ধৰিলে। কিন্তু দীপাংকৰে বনলতাৰ চিঠিখনৰ কোনো উত্তৰ নিদিয়ে। মুক্তিৰ পাছত ছবিখন চাবলৈ যোৱাৰ আগমুহূৰ্তত তেওঁ গম পায় যে তেওঁ অভিনয় কৰা চৰিত্ৰটো ছবিখনৰ পৰা কৰ্তন কৰা হৈছে। ২

বিতৰ্ক

বঙালী অভিনেত্ৰী ৰীতা কৈৰালে ৩ ২০১৭ চনৰ এটা টিভি শ্ব’ত দাবী কৰিছিল যে, তেওঁক সংবাদ মাধ্যমৰ আগত অৱগত নকৰিবলৈ কোৱা হৈছিল, যে তেওঁ অভিনেত্ৰী কিৰন খেৰৰ কণ্ঠ ডাব কৰিছে। ছবিখনৰ বাবে ৰাষ্ট্ৰীয় বঁটাৰ মনোনয়নত তেওঁৰ অৱদান ঘোষণা কৰা হোৱা নাছিল। ৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Rajadhyaksha, Radha. (2016-04-10). Recognising 'behind the voice actors'. The Hindu. thehindu.com
  2. ↑ (1964-01-20). Movies | Movie Times | Tickets | Movies Now Playing | Moviefone.com. Movies.aol.com
  3. ↑ Rajadhyaksha, Radha. (2016-04-10). Recognising 'behind the voice actors'. The Hindu. thehindu.com
  4. ↑ (2017-06-29). When Anupam Kher threatened to ruin the career of an actor. nationalheraldindia.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰবঙালী চলচ্চিত্ৰ২০০০ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাড়ীৱালী” প্ৰবন্ধৰ সংশোধন ৫০৩৯২১ (১৯ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।