আয়েশা চৌধুৰী (২৭ মাৰ্চ ১৯৯৬ – ২৪ জানুৱাৰী ২০১৫)১ আছিল এগৰাকী তৰুণ ভাৰতীয় লেখিকা আৰু প্ৰেৰণাদায়ী বক্তা। তেওঁ ইংক আৰু টেডৰ মঞ্চত একাধিক অনুপ্ৰেৰণাদায়ী বক্তৃতা প্ৰদান কৰি দৰ্শকৰ পৰা প্ৰশংসা আৰু সমাদৰ লাভ কৰিছিল।২ তেওঁ লিখা গ্ৰন্থখনৰ নাম হৈছে My Little Epiphanies, যিখন গ্ৰন্থ তেওঁৰ মৃত্যুৰ আগমুহূৰ্তত প্ৰকাশিত হৈছিল।৩
জীৱন
আয়েশাৰ দেউতাক নীৰেন চৌধুৰী আছিল YUM ব্ৰেণ্ডৰ দক্ষিণ-এছীয় পৰিচালনা ক্ষেত্ৰৰ অধ্যক্ষ। আনহাতে আয়েশাৰ মাতৃ অদিতি আছিল মানসিক স্বাস্থ্যৰ সুৰক্ষা কৰ্মী। আয়েশাৰ ককায়েকৰ নাম ঈছান চৌধুৰী। আয়েশাই একধৰণৰ অনাক্ৰম্য শাৰীৰিক বিশৃংখলাজনিত ক্ৰূটি অৰ্থাৎ SCID (Severe Combined Immuno-Deficiency)ৰ সৈতে জন্মলাভ কৰিছিল।৪ আয়েশাৰ বয়স মাথোন ছমাহ হওঁতেই, তাই অস্থি মজ্জা প্ৰত্যাৰোপণ(Bone Marrow Transplant) কৰিবলগা হৈছিল।৫ সেই প্ৰত্যাৰোপণৰ পাৰ্শ্বক্ৰিয়াৰ বাবে আয়েশা পুনৰ এক জটিল শাৰীৰিক ৰোগৰ মুখামুখি হৈছিল। যাৰ নাম আছিল পাল্মনাৰি ফাইব্ৰ'ছিছ। ৰোগটোৰ ফলত আয়েশাৰ হাওঁফাওঁ কঠিন হৈ পৰিছিল।৬ এই নতুন ৰোগটোৱে আয়েশাক সাধাৰণভাৱে উশাহ-নিশাহ লোৱাত যথেষ্ট বাধাপ্ৰদান কৰিছিল। আয়েশাৰ মাতৃয়ে কোৱা মতে "২০১০ চনৰ জানুৱাৰীত আয়েশা পাল্মনাৰি ফাইব্ৰ'ছিছ ৰোগত আক্ৰান্ত হৈছিল। সেইসময়ত তাইৰ হাওঁফাওঁৰ ক্ষমতা ৩৫% লৈ হ্ৰাস পাইছিল। সেইবাবে তাই ভালদৰে খোজ কঢ়াত আৰু খটখটিৰে উঠা-নমা কৰোঁতে অসুবিধা পাইছিল। তাইৰ সোনকাল ভাগৰ লাগিছিল। " ৭
অনুপ্ৰেৰণাদায়ী বক্তৃতা আৰু ইংক সন্মিলন

যেতিয়া আয়েশাই চৌধ্য বছৰ বয়সত প্ৰেৰণাদায়ী বক্তা হ'বলৈ মাকৰ আগত সন্মতি প্ৰকাশ কৰিছিল, তেতিয়া মাতৃ অদিতি চৌধুৰী আশ্চৰ্যান্বিত হৈছিল। "মই ভাবোঁ যে মই কৰিব নোৱাৰোঁ, আৰু সেইকাৰণেই মই এইটো কৰিব লাগিব। " মাকৰ মতে, সেইটোৱেই আয়েশাৰ জীৱনৰ এক টাৰ্ণি পইণ্ট হৈ পৰিছিল। বন্ধুমহলত আনদৃত হৈও, কম বয়সতে এক দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হৈও আয়েশাই আশাবাদ আৰু মনোবল হেৰুৱাই পেলোৱা নাছিল। ছবি আৰু লিখা-মেলাৰ মাজত প্ৰশান্তি লাভ কৰা আয়েশাই অজস্ৰ মানুহৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছিল।৮
পোন্ধৰ বছৰ বয়সৰ পৰা আয়েশাই অনুপ্ৰেৰণাদায়ী বক্তৃতা প্ৰদান কৰিবলৈ আৰম্ভ কৰে। ইংকৰ এগৰাকী সদস্য(Fellow) হিচাপে নিৰ্বাচিত হোৱা আয়েশাই ২০১১ আৰু ২০১৩ চনৰ ইংকৰ মঞ্চত বক্তৃতা প্ৰদান কৰে।৯ ইয়াৰোপৰি ২০১৩ চনৰ পুণেত অনুষ্ঠিত হোৱা TEDxৰ এক বক্তৃতানুষ্ঠানতো আয়েশাই নিজৰ বক্তব্য ৰাখে।
ইংক সন্মিলনত আয়েশাই প্ৰদান কৰা প্ৰথমটো বক্তৃতাৰ শীৰ্ষক আছিল "Singing in the life boat"(জীৱন-নৌকাত গীত)। ২০১১ চনত জয়পুৰত আয়েশাই এই বক্তৃতাটো প্ৰদান কৰিছিল। এক জটিল ৰোগৰ লগত সহবাস কৰিও আয়েশাই কিদৰে জীৱনটো উপভোগ কৰিছে, কিদৰে নিজৰ প্ৰিয় কামবোৰ কৰি আছে-সেই বিষয়ে তেওঁ নিজৰ দৃষ্টিকোণ ব্যাখ্যা কৰে। আয়েশাই কয় যে-"প্ৰতিটো মুহূৰ্ত তুমি আচলতে দুবাৰকৈ যাপন কৰা। এবাৰ তুমি সেই মুহূৰ্তটো তোমাৰ মনত যাপন কৰা; আৰু দ্বিতীয়বাৰ তেতিয়া, যেতিয়া তুমি সেই মুহূৰ্তটো বাস্তৱিকতে যাপন কৰা। " (You live every moment twice, once in your mind and once when you actually live it.) বক্তৃতাৰ শেষত উপস্থিত দৰ্শকসকলে থিয় হৈ আয়েশাক উদগণি জনায়।১০
আয়েশাৰ দ্বিতীয়টো বক্তৃতা আছিল সুখ সম্বন্ধীয়। যাৰ শীৰ্ষক আছিল "Finding Happiness"( সুখৰ সন্ধান)। ২০১৩ চনত কেৰেলাৰ কোচীত অনুষ্ঠিত হোৱা ইংক সন্মিলনত আয়েশাই উক্ত বক্তৃতাটো প্ৰদান কৰিছিল। নিজৰ সংকটপূৰ্ণ জটিল জীৱনত পোন্ধৰবছৰীয়া আয়েশাই কিদৰে সুখৰ সন্ধান কৰে আৰু কিদৰে অন্তহীন যন্ত্ৰণাৰ মাজতো হাঁহি থাকিবলৈ উৎসাহবোধ কৰে-সেই বিষয়ে বক্তৃতাটোত আয়েশাই আলোকপাত কৰে।১১
আনহাতে পুণেৰ TEDxৰ মঞ্চত আয়েশাই প্ৰদান কৰা বক্তৃতাটোৰ বিষয় আছিল -"Being Happy and living at the moment." (সুখী হোৱা আৰু বৰ্তমানত জীৱন যাপন কৰা)।১২
আয়েশাৰ ব্ল'গ
আয়েশাৰ এটা ব্ল'গো আছিল, যাৰ নাম aishasart.weebly.com.১৩১৪
মাই লিটল এপিফেনিছ
জীৱনৰ অন্তিম পাঁচটা মাহত শয্যাশায়ী হৈ থকা অৱস্থাত আয়েশাই নিজা চিন্তা আৰু অনুভৱৰে মাই লিটল এপিফেনিচ (My Little Epiphanies) নামৰ কিতাপখন লিখি উলিয়ায়। কিতাপখনত সন্নিৱিষ্ট জীৱন-সম্বন্ধীয় গভীৰ পৰ্যবেক্ষণে চিত্ৰনিৰ্মাতা ডেনি বয়ল,শেখৰ কাপুৰ, গীতিকাৰ স্বানন্দ কিৰকিৰেকে ধৰি পৃথিৱীৰ বিভিন্ন পাঠকৰ মন জয় কৰে।১৫ প্ৰায় ৫০০০ শব্দৰে সমৃদ্ধ কিতাপখন ২০১৫ চনৰ ২৪ জানুৱাৰীত প্ৰকাশিত হয়। কিতাপখন প্ৰকাশিত হোৱাৰ কেইটামান ঘণ্টাৰ পাছতেই আয়েশাই মৃত্যক সাবটি লয়।১৬
চলচ্চিত্ৰত আয়েশাৰ জীৱন
আয়েশাৰ জীৱন-কাহিনীৰ আধাৰত নিৰ্মিত দ্যা স্কাই ইজ পিংক নামৰ হিন্দী ছবিখন ২০১৯ চনৰ ১১ অক্টোবৰত দেশৰ ছবিগৃহত মুক্তি লাভ কৰিলে। ছবিখনৰ পৰিচালক সোণালী বোস। অভিনয় কৰিছে প্ৰিয়ংকা চোপ্ৰা, ফাৰহান আখতাৰ আৰু জাইৰা ৱাছিমৰ দৰে তাৰকাসকলে। ১৭১৮১৯
মৃত্যু
২০১৫ চনৰ ২৪ জানুৱাৰী তাৰিখে আয়েশাৰ মৃত্যু ঘটে। মৃত্যুৰ সময়ত আয়েশাৰ বয়স আছিল ওঠৰ।২০
বাহ্যিক সংযোগ
- টেড এক্সৰ বক্তৃতা
- আয়েশাই ইংক সন্মিলনত প্ৰদান কৰা সুখ সম্বন্ধীয় বক্তৃতা
- আয়েশাই ইংক সন্মিলনত প্ৰদান কৰা প্ৰথমটো বক্তৃতা
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Mother reflects on Aisha's inspiring life in Gurgaon | Gurgaon News - Times of India. The Times of India
- ↑ economictimes.indiatimes.com/magazines/panache/h
- ↑ Pendrive: Remembering Aisha Chaudhary. The Indian Express
- ↑ economictimes.indiatimes.com/magazines/panache/h
- ↑ DelhiJuly 9, India Today Web Desk New; July 9, 2018UPDATED; Ist, 2018 15:07. Priyanka Chopra in The Sky Is Pink: Who is Aisha Chaudhary, the girl the film is based on?. India Today
- ↑ The Girl Who Just Won't Give Up - The New Indian Express
- ↑ www.thebetterindia.com/152972/priyanka-chopra-th
- ↑ www.thebetterindia.com/152972/priyanka-chopra-th
- ↑ Singing in the life boat. inktalks.com
- ↑ আৰ্কাইভ কপি
- ↑ আৰ্কাইভ কপি
- ↑ www.youtube.com/watch?v=ENTf10L1jt0
- ↑ The Girl Who Just Won't Give Up. The New Indian Express
- ↑ Redirecting. tedxtalks.ted.com
- ↑ timesofindia.indiatimes.com/city/delhi/Notes-on-
- ↑ www.thebetterindia.com/150788/rajesh-khanna-guru
- ↑ Priyanka Chopra in The Sky Is Pink: Who is Aisha Chaudhary, the girl the film is based on?. India Today
- ↑ (21 February 2019). Priyanka Chopra's The Sky Is Pink gets a release date
- ↑ Priyanka Chopra shares the latest still from 'The Sky Is Pink' featuring Farhan Akhtar - Times of India. The Times of India
- ↑ timesofindia.indiatimes.com/city/delhi/Notes-on-
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আয়েশা চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৪০৩৭৮৬ (২৮ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।