ৰাজেন্দ্ৰ কেশৱলাল শ্বাহ (( Rajendra Keshavlal Shah; জন্ম: ২৮ জানুৱাৰী, ১৯১৩ – ২ জানুৱাৰী, ২০১০) এগৰাকী গুজৰাটী ভাষাৰ ভাৰতীয় গীতিকবি। কাপৰৱাণিত জন্ম হোৱা এই কবিগৰাকীয়ে ২০খনতকৈও অধিক কবিতা আৰু গীতৰ পুথি ৰচনা কৰিছে। ঘাইকৈ প্ৰাকৃতিক সৌন্দৰ্য, দেশৰ মানুহ আৰু মাছুৱৈ সম্প্ৰদায়ৰ ব্যৱহাৰিক জীৱনেই হৈছে তেওঁৰ গীত আৰু কবিতাৰ মূল বিষয়। তেওঁ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ লিখন শৈলীৰে প্ৰভাৱিত হৈছিল। ৰাজেন্দ্ৰ শ্বাহক গুজৰাটী সাহিত্যৰ উত্তৰ গান্ধীয়ান যুগৰ পণ্ডিতসকলৰ এজন বুলি গণ্য কৰা হয়। ১
সংক্ষিপ্ত জীৱনী
১৯৩০ চনত, লোণ আইন অমান্য আন্দোলনত অংশ গ্ৰহণ কৰি ফাটেকলৈ যোৱাৰ বাবে ৰাজেন্দ্ৰ শ্বাহৰ পঢ়া-শুনা অনিয়মীয়া হয় আৰু ১৯৩১ চনত তেওঁ মঞ্জুলা আগৰৱালৰ পাণি গ্ৰহণ কৰে। ২পিছত, ১৯৩৪ চনত, তেওঁ বৰোডাৰ মহাৰাজা শিৱাজীৰাও বিশ্ববিদ্যালয়ৰপৰা দৰ্শন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে আৰু আহমেদাবাদত শিক্ষকৰূপে স্কুলীয়া ছাত্ৰসকলক পাঠদান কৰিবলৈ আৰম্ভ কৰে। ৩
২০১০ চনৰ ২ জানুৱাৰী মুম্বাইত তেওঁৰ মৃত্যু হয়।৪
গ্ৰন্থপঞ্জী
কাব্য সংকলন
- ধ্বনি (১৯৫১)
- আন্দোলন (১৯৫২)
- শ্ৰুতি (১৯৫৭)
- ম'ৰপিঞ্চ (১৯৫৯)
- শান্ত কোলাহল (১৯৬২)
- চিত্ৰন (১৯৬৭)
- ক্ষণ যে চিৰন্তন (১৯৬৮)
- Vishadne Saad (১৯৬৮)
- মধ্যমা (১৯৭৮)
- ইক্ষণা (১৯৭৯)
- Udgiti (১৯৭৯)
- পত্ৰলেখা (১৯৮১)
- প্ৰসংগ সপ্তক (১৯৮২)
- দ্বশোপম (১৯৮৩)
- পাঁচ পৰ্ব (১৯৮৩)
- ৱিভবন (১৯৮৩)
- চন্দন ৱিনি এণ্ড অনামিক (১৯৮৭)
- আৰণ্যক (১৯৯২)৫
- স্মৃতিসংবেদনা (১৯৯৮)
- বিৰহমাধুৰী (১৯৯৯)
- Vrajvaikunthe (২০০২)
- হা হু ....সাক্ষী ছু' (২০০৩)
- Premno Paryay (২০০৪)
- আ গগন (২০০৫)
বঁটা আৰু স্বীকৃতি
তেওঁ ১৯৪৭ চনত ‘কুমাৰ চন্দ্ৰক’ আৰু ১৯৫৬ চনত ‘ৰঞ্জিতৰাম সুৱৰ্ণ চন্দ্ৰক’ লাভ কৰে। 'শান্ত কোলাহল' কাব্য গ্ৰন্থৰ বাবে তেওঁ ১৯৬৩ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।৬ তেওঁ গুজৰাটী সাহিত্য পৰিষদে ১৯৮০ চনত প্ৰদান কৰা অৰুবিন্দু সুৱৰ্ণ চন্দ্ৰক (Aurobindo Suvarna Chandrak), ১৯৯২ চনৰ সাহিত্য গৌৰৱ পুৰস্কাৰ আৰু ১৯৯৯ চনৰ নৰসিংহ মেহতা বঁটা প্ৰাপক। শ্বাহে ২০০১ চনত ভাৰতৰ সৰ্বোচ্চ সাহিত্য পুৰস্কাৰ জ্ঞানপীঠ বঁটা লাভ কৰে।
তথ্যসূত্ৰ
- ↑ Mehta, Deepak B. (August 2003). In love with the world. Frontline
- ↑ Meet the Author: Rajendra Shah. সাহিত্য অকাডেমি
- ↑ Suguna Ramanathan and Rita Kothari. (1998). Modern Gujarati Poetry: A Selection. সাহিত্য অকাডেমি. পৃ. 85. ISBN 81-260-0294-8
- ↑ (2010-01-03). Gujarati poet Rajendra Shah(97) passes away. DeshGujarat News from Gujarat
- ↑ (18 July 2003). Third Gujarati to win Jnanpith. দ্য হিন্দু
- ↑ Jani, Jyotish. (1992). Shant Kolahal. Encyclopaedia of Indian Literature. সাহিত্য অকাডেমি. পৃ. 3972
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজেন্দ্ৰ কেশৱলাল শ্বাহ” প্ৰবন্ধৰ সংশোধন ৬৩৭৯৫০ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।