অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰঘুবীৰ চৌধাৰী

ৰঘুবীৰ চৌধাৰী (Raghuveer Chaudhari) গুজৰাটৰ এজন ঔপন্যাসিক, কবি আৰু সমালোচক। তেওঁ সন্দেশ, জন্মভূমি, দিব্য ভাস্কৰ আদি বহুতো কাকতত স্তম্ভ-লেখক ৰূপেও কাম কৰে। ১৯৯৮ চনত তেওঁ গুজৰাট বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰিছিল।

হালনাগাদ: ১২ জুন ২০২৬ ২৫২ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ৰঘুবীৰ চৌধাৰী (Raghuveer Chaudhari) গুজৰাটৰ এজন ঔপন্যাসিক, কবি আৰু সমালোচক। তেওঁ সন্দেশ, জন্মভূমি, দিব্য ভাস্কৰ আদি বহুতো কাকতত স্তম্ভ-লেখক ৰূপেও কাম কৰে। ১৯৯৮ চনত তেওঁ গুজৰাট বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰিছিল। গুজৰাটী ভাষা সাহিত্যলৈ তেওঁৰ অৱদান অপৰিসীম, কিন্তু তথাপি মাজে-মধ্যে তেওঁ হিন্দী ভাষাতো লেখা-মেলা কৰে।১ তেওঁ ১৯৭৭ চনত সাহিত্য অকাডেমি বঁটা আৰু ২০১৫ চনত ভাৰতৰ সৰ্বোচ্চ সাহিত্য সম্মান জ্ঞানপীঠ বঁটা লাভ কৰে। ২০১৯ চনত গুজৰাট বিশ্ববিদ্যালয়ে তেওঁক ডি লিট উপাধি প্ৰদান কৰে।

ৰঘুবীৰ চৌধাৰীয়ে কবিতা অৰু উপন্যাসে লেখাৰে সাহিত্যিক জীৱন আৰম্ভ কৰে আৰু পিছলৈ সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত খোজ পেলায়। তেওঁ আশীখনতকৈও অধিক কিতাপ লিখিছে আৰু অসংখ্য স্বীকৃতি লাভ কৰিছে। বিভিন্ন সাহিত্য প্ৰতিষ্ঠানৰ হৈও তেওঁ কাম কৰে।

১৯৩৮ চনৰ ৫ ডিচেম্বৰ তাৰিখে গুজৰাট গান্ধীনগৰৰ এটি কৃষক পৰিয়ালত ৰঘুবীৰ চৌধাৰীৰ জন্ম হৈছিল। ডালচিন আৰু জীৱিবেন আছিল তেওঁৰ মাক-দেউতাক। গুজৰাটৰ মানসাৰপৰা তেওঁ স্কুলীয়া শিক্ষা সাং কৰিছিল। ১৯৬০ চনত তেওঁ স্নাতক আৰু ১৯৬২ চনত, গুজৰাট বিশ্ববিদ্যালয়ৰপৰা হিন্দী ভাষা-সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৭৯ চনত তেওঁ এই বিশ্ববিদ্যালয়ৰপৰাই হিন্দী আৰু গুজৰাটী ভাষাৰ মৌখিক শিপা সন্ধানৰ তুলনাত্মক অধ্যয়নৰ বাবে ডক্টৰেট ডিগ্ৰী লাভ কৰে।২

তেওঁ ১৯৭০ চনৰ নৱনিৰ্মাণ আন্দোলনত ভাগ লৈছিল আৰু 'ইমাৰ্জেন্সি'ৰ বিৰোধিতা কৰিছিল।১৩৪৫

১৯৭৭ চনত তেওঁ গুজৰাট বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰূপে চাকৰিত যোগদান কৰে আৰু ১৯৯৮ চনত হিন্দী বিভাগৰ মুৰব্বী ৰূপে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। ১৯৯৮ চনৰপৰা ২০০২ চনলৈ তেওঁ সাহিত্য অকাডেমিৰ কাৰ্যনিৰ্বাহ পৰিষদৰ সদস্য আছিল। ২০০২ৰপৰা ২০০৪ চন পৰ্যন্ত তেওঁ প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ সদস্য আৰু ২৫তম ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱৰ জুৰিৰ সদস্য আছিল।

অৱসৰৰ পাছত তেওঁ বাপুপুৰালৈ উভতি যায় আৰু কৃষিকৰ্মত হাত দিয়ে। তেওঁ গুজৰাট সাহিত্য পৰিষদৰ সভাপতি আছিল আৰু বৰ্তমান এই পৰিষদৰ তেওঁ ট্ৰাষ্টি।১৩৪৫

তথ্যসূত্ৰ

  1. ↑ Kartik Chandra Dutt. (1 January 1999). Who's who of Indian Writers, 1999: A-M. Sahitya Akademi. পৃ. 237. ISBN 978-81-260-0873-5
  2. ↑ Mehta, Dhirendra. (November 2018). ગુજરાતી સાહિત્યનો ઇતિહાસ (૧૯૩૬થી ૧૯૫૦): સ્વાતંત્ર્યોત્તર યુગ-૨. K. L. Study Center, Gujarati Sahitya Parishad. পৃ. 11. ISBN 978-81-939074-1-2
  3. ↑ Maharashtra (India). (1971). Maharashtra State Gazetteers: General Series. Directorate of Government Print., Stationery and Publications. পৃ. 405–406
  4. ↑ Raghuvir Chaudhary. Gujarati Sahitya Parishad
  5. ↑ Raghuveer Chaudhari. Rangdwar Prakashan

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকজ্ঞানপীঠ বঁটা বিজয়ীগুজৰাটী ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ীসাহিত্য অকাডেমিৰ ফেলোশ্বিপ প্ৰাপক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঘুবীৰ চৌধাৰী” প্ৰবন্ধৰ সংশোধন ৬১১৯৪২ (১২ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।