অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰ

বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰ (Birendra krishna Bhadra) (১৯০৫–১৯৯১) ভাৰতৰ কলিকতাৰ এগৰাকী ৰেডিঅ' সম্প্ৰচাৰক, নাট্যকাৰ, অভিনেতা, কথক তথা নাট পৰিচালক আছিল। তেওঁ কণ্ঠশিল্পী পংকজ মল্লিক আৰু কবি কাজী নজৰুল ইছলামৰ সমসাময়িক আছিল।

হালনাগাদ: ৮ অক্টোবৰ ২০২৪ ৬৪৬ শব্দ · ৪ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰ১ (Birendra krishna Bhadra) (১৯০৫–১৯৯১) ভাৰতৰ কলিকতাৰ এগৰাকী ৰেডিঅ' সম্প্ৰচাৰক, নাট্যকাৰ, অভিনেতা, কথক তথা নাট পৰিচালক আছিল। তেওঁ কণ্ঠশিল্পী পংকজ মল্লিক আৰু কবি কাজী নজৰুল ইছলামৰ সমসাময়িক আছিল। ১৯৩০ চনৰ পৰা আৰম্ভ হোৱা ভাৰতৰ ৰাষ্ট্ৰীয় অনাতাঁৰ সম্প্ৰচাৰ সেৱা আকাশবাণীত কেইবাবছৰো কাম কৰিছিল আৰু এই সময়ছোৱাতেই তেওঁ কেইবাখনো নাটক ৰচনা আৰু প্ৰযোজনা কৰিছিল।২

বৰ্তমান ভদ্ৰক তেওঁৰ উদ্দাত্ত কণ্ঠৰ সংস্কৃত আবৃত্তি আৰু অল ইণ্ডিয়া ৰেডিঅ’, কলকাতাৰ দ্বাৰা মহালয়াৰ দিনা পুৱতি নিশা ৪ বজাত সম্প্ৰচাৰিত, ভাৰতৰ আটাইকৈ পুৰণি অনাতাঁৰ অনুষ্ঠান, শ্লোক আৰু গীতৰ সংকলন,৩ মহিষাসুৰমৰ্দ্দিনীৰ (১৯৩১) বাবে আটাইতকৈ বেছিকৈ জনা যায়।৪ তেওঁ বাংলা থিয়েটাৰত কেইবাখনো নাটকৰ অভিনয় আৰু পৰিচালনা কৰাৰ লগতে নিষিদ্ধ ফল (১৯৫৫) ছবিখনৰ চিত্ৰনাট্যও লিখিছিল। এখন বাংলা চুটি ছবি বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰ- দি ভইছ- চিনচ্ ১৯৩৬ হালুম ডিজিটেল মিডিয়া এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ দ্বাৰা ২০১৯ চনত মুক্তি লাভ কৰিছিল।

প্ৰাথমিক জীৱন আৰু শিক্ষা

১৯০৫ চনৰ ৪ আগষ্টত ৰায় বাহাদুৰ কালীকৃষ্ণ আৰু সৰলাবালা দেৱীৰ ঔৰষত উত্তৰ কলিকতা (বৰ্তমান কলকাতা)ৰ আহিৰীটোলাৰ এটি ভাড়াঘৰত বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰই জন্মগ্ৰহণ কৰিছিল। বাংলাদেশৰ সাতক্ষীৰা জিলাৰ উথলী গাঁৱত তেওঁলোকৰ আদি নিৱাস আছিল। পিছলৈ তেওঁলোকৰ পৰিয়ালটো ৰামধন মিত্ৰ লেন-৭ত থকা, আইতাক যোগ মায়া দেৱীয়ে কিনা ঘৰটোলৈ গুচি আহে। তেওঁৰ পিতৃ কালীকৃষ্ণ ভদ্ৰ এগৰাকী বহুভাষাবিদ আছিল। তেওঁ ১৪টা ভাষা সাৱলীলভাৱে ক'ব পাৰিছিল। তেওঁ নিম্ন আদালতত দোভাষী হিচাপে কৰ্মৰত আছিল। পিছলৈ সেই সময়ৰ বাংলা সাহিত্য মহলত তেওঁ এগৰাকী পৰিচিত ব্যক্তিত্ব হৈ পৰিছিল। কালীকৃষ্ণ ভদ্ৰই তেতিয়াৰ বিখ্যাত আৰক্ষী আদালতৰ অধিবক্তা কালিচৰণ ঘোষৰ দ্বিতীয় সন্তান সৰলা বালা দেৱীক বিয়া কৰায়। ১৯২৭ চনত তেওঁ "ৰায় বাহাদুৰ" উপাধি লাভ কৰে। কালীকৃষ্ণৰ দুগৰাকী পুত্ৰ ক্ৰমে ভূপেন্দ্ৰ কৃষ্ণ ভদ্ৰ আৰু বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰ। ১৯২৬ চনত বীৰেন্দ্ৰ কৃষ্ণই ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ১৯২৮ চনত কলকাতাৰ স্কটিছ চাৰ্চ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

তেওঁ একাধিক ধ্ৰুপদী নাটকৰ অভিযোজন তথা পুনৰ্গঠন কৰি কেইবাখনো উল্লেখযোগ্য ৰেডিঅ’ নাটক প্ৰস্তুত কৰি উলিয়াইছিল। ১৯৩০ চনত অল ইণ্ডিয়া ৰেডিঅ’, কলকাতাই মহিষাসুৰমৰ্দ্দিনী নামেৰে দুঘণ্টীয়া অনুষ্ঠান এটা সম্প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে, য’ত দেৱী দুৰ্গাৰ মহিষাসুৰৰ লগত হোৱা যুদ্ধৰ বৰ্ণনা কৰা হৈছিল। এই অনুষ্ঠানৰ চিত্ৰনাট্য ৰচনা কৰিছিল বাণী কুমাৰে আৰু সংগীত পৰিচালনা কৰিছিল পংকজ কুমাৰ মল্লিকে। বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰই আবৃত্তি কৰিছিল। ১৯৩১ চনৰ মহালয়াত প্ৰথমবাৰৰ বাবে ইয়াৰ সম্প্ৰচাৰ কৰা হৈছিল। তেতিয়াৰ পৰা অল ইণ্ডিয়া ৰেডিঅ'ই প্ৰতি বছৰেই (১৯৭৬ চনক বাদ দি) মহালয়াত নিয়মীয়াকৈ এই অনুষ্ঠানৰ সম্প্ৰচাৰ কৰি আহিছে।৫ লাইভ-পাৰফৰ্মেন্স হিচাপে আৰম্ভ হোৱা এই অনুষ্ঠানটো ১৯৫২ চনৰ পৰাই ইয়াৰ পূৰ্ব-ৰেকৰ্ডিং ফৰ্মেটত সম্প্ৰচাৰ কৰা হৈছে।৬৭

ভদ্ৰই মেছ নং ৪৯কে ধৰি বহুকেইখন নাটক ৰচনা কৰিছিল। বিখ্যাত লেখক বিমল মিত্ৰৰ বিখ্যাত উপন্যাসৰ মঞ্চ অভিযোজন চাহিব বিবি গুলাম নামৰ নাটকখন তেওঁ প্ৰযোজনা তথা পৰিচালনা কৰিছিল। ১৯৫২ চনত তেওঁ বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ উপন্যাস সুবৰ্ণ গোলকৰ নাট্য ৰূপ প্ৰদান কৰে আৰু ১৯৮১ চনত একে নামেৰেই এখন চলচ্চিত্ৰও নিৰ্মিত হয়। দ্বিজেন্দ্ৰলাল ৰায়ৰ ঐতিহাসিক নাটকৰ আধাৰত নিৰ্মিত বিখ্যাত ৰেডিঅ' নাটক শ্বাহজাহানৰো প্ৰযোজনা কৰে। সেই ৰেডিঅ’ নাটকত ছবি বিশ্বাসে সম্ৰাট শ্বাহজাহানৰ চৰিত্ৰত অভিনয় কৰিছিল। জনসাধাৰণৰ মাজত ই অতিমাত্ৰা জনপ্ৰিয় হৈ পৰিছিল আৰু আজিও ইয়াক এক ধ্ৰুপদী বাংলা ৰেডিঅ’-নাটক হিচাপে গণ্য কৰা হয়। ইয়াৰ উপৰিও তেওঁ চন্দ্ৰগুপ্ত (দ্বিজেন্দ্ৰলাল ৰায়ৰ দ্বাৰা ৰচিত) আৰু প্ৰফুল্ল (গিৰীশ চন্দ্ৰ ঘোষৰ দ্বাৰা ৰচিত) আদি বহুতো সুপৰিচিত নাটক ৰেডিঅ' নাটকৰ ৰূপ দিছিল।৮

উত্তৰাধিকাৰ

এতিয়াও আকাশবাণীয়ে দুৰ্গা পূজাৰ আৰম্ভণি হিচাপে, প্ৰতিটো মহালয়াতে তেওঁ পৰিবেশন কৰা মহিষাসুৰমৰ্দিনী বজাই আহিছে।৯ তেওঁৰ আবৃত্তিৰ সংস্কৰণটি ইমানেই বেছি জনপ্ৰিয় আছিল যে ১৯৭৬ চনত তেতিয়াৰ বিখ্যাত বাঙালী অভিনেতা উত্তম কুমাৰে এই অনুষ্ঠানটিত কণ্ঠ দিছিল যদিও দৰ্শকৰ পৰা অনুকূল সঁহাৰি নোপোৱাত পুনৰ বীৰেন্দ্ৰ কৃষ্ণৰ মূল সংস্কৰণলৈকে স্থানান্তৰিত কৰা হ’ল।১০

উক্ত ঘটনাটিৰ ভিত্তিত ২০১৯ চনত পৰিচালক সৌমিক সেনে মহালয়া নামেৰে এটি বোলছবি নিৰ্মাণ কৰে।১১ ছবিখনত বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰৰ চৰিত্ৰত অভিনয় কৰে শুভাশীষ মুখোপাধ্যায়ে১২ আৰু উত্তম কুমাৰৰ চৰিত্ৰত অভিনয় কৰে যীশু সেনগুপ্তই।১৩

২০০৬ চনৰ মহালয়াৰ দিনা, প্ৰয়াত বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰৰ কন্যা সুজাতা ভদ্ৰই পিতৃৰ এই বিখ্যাত কৰ্মৰ বাবে ৰয়েল্টি হিচাপে সংগীত কোম্পানী, সাৰেগামা ইণ্ডিয়া লিমিটেডৰ পৰা ৫০,৯১৭ টকাৰ এখন চেক লাভ কৰিছিল।

সৃষ্টিকৰ্ম

  • হিতোপদেশ, প্ৰকাশক: হান্থাৱাডী প্ৰকাশন, ১৯৪৮।
  • বিশ্বৰূপ-দৰ্শন। প্ৰকাশক: কথাকলি, ১৯৬৩।
  • ৰাণা-বেৰানা, প্ৰকাশক: বিহাৰ সাহিত্য ভৱন, ১৯৬৫।
  • ব্ৰতকথা সমগ্ৰ, প্ৰকাশক: মণ্ডলা শেষ সংস্যা, ১৯৮৫।
  • শ্ৰীমদ্ভাগৱত: সম্পূৰ্ণ দ্বাদশা স্কন্ধ, উপেন্দ্ৰচন্দ্ৰ শাস্ত্ৰীৰ সৈতে। প্ৰকাশক: মণ্ডল এয়াণ্ডা সংস্যা, ১৯৯০।
  • গাৰ্ষ্টিন প্লেচ'ৰ চাহেব ভূত।

নাটক

  • ব্লেকআউট
  • সাত তুলসী ১৯৪০
  • মহিষাসুৰ বধ নামৰ বাংলা চলচ্চিত্ৰ এখনৰ চিত্ৰনাট্য লিখিছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Mahalaya 2018: Eight decades on, Bengalis continue to tune in to 'Birendra Krishna Bhadra'. The Indian Express
  2. ↑ bn:বেতাৰেৰ প্ৰাণপুৰুষ, বাঙালীৰ প্ৰাণনাথ. Anandabazar Patrika
  3. ↑ Birendra Krishna Bhadra's 86-year-old 'Mahalaya' still rules hearts. Business Standard
  4. ↑ 86 years: Meet the voice behind India's oldest radio show. Gulf News
  5. ↑ Voice from the sky. The Telegraph (Calcutta)
  6. ↑ [Birendra Krishna Bhadra: A Legend, A Nostalgia (Original in Bangla) ©Ajit Basu, Publisher:Sahayatri, 8, Patuatola Lane, Kolkata 700009.]
  7. ↑ History of first broadcast of Mahishasur Mardini
  8. ↑ bn:যা বীৰেন্দ্ৰ সৰ্বভূতেষু. Anandabazar Patrika
  9. ↑ Birendra Krishna Bhadra: Divine voice heralding Mahalaya chant for generations of Bengalis for more than 90 years
  10. ↑ Voice from the sky. The Telegraph (Calcutta)
  11. ↑ Mahalaya Movie Review. The Times of India
  12. ↑ bn:যা বীৰেন্দ্ৰ সৰ্বভূতেষু. Anandabazar Patrika
  13. ↑ Mahalaya'is a confluence of historical nostalgia and artistic excellence. United News of India

সম্পৰ্কিত শ্ৰেণী

বঙালী ব্যক্তিভাৰতীয় কণ্ঠশিল্পীভাৰতীয় সাহিত্যিকনাট্যকাৰদুৰ্গা পূজা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বীৰেন্দ্ৰ কৃষ্ণ ভদ্ৰ” প্ৰবন্ধৰ সংশোধন ৪৩৬২৩২ (৮ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।