অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

টুইংকল খান্না

টুইংকল খান্না (Twinkle Khanna; জন্ম-নাম: টিনা যতীন খান্না; জন্ম: ২৯ ডিচেম্বৰ, ১৯৭৩) এগৰাকী ভাৰতীয় লেখক, বাতৰি কাকতৰ স্তম্ভলেখক, ইণ্টেৰিঅ'ৰ ডিজাইনাৰ, চলচ্চিত্ৰ প্ৰযোজক আৰু হিন্দী চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। ২০১৫ চনত, তেওঁৰ প্ৰথমখন নন-ফিকচন কিতাপ মিচেচ ফানিব’নচ্‌ প্ৰকাশ হয়।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৩৬১ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

টুইংকল খান্না (Twinkle Khanna; জন্ম-নাম: টিনা যতীন খান্না; জন্ম: ২৯ ডিচেম্বৰ, ১৯৭৩) এগৰাকী ভাৰতীয় লেখক, বাতৰি কাকতৰ স্তম্ভলেখক, ইণ্টেৰিঅ'ৰ ডিজাইনাৰ, চলচ্চিত্ৰ প্ৰযোজক আৰু হিন্দী চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। ২০১৫ চনত, তেওঁৰ প্ৰথমখন নন-ফিকচন কিতাপ মিচেচ ফানিব’নচ্‌ প্ৰকাশ হয়। প্ৰকাশৰ পিছতে কিতাপখনে সৰ্বাধিক বিক্ৰীৰ অভিলেখ কৰে১আৰু খান্না সেই বছৰৰ সৰ্বাধিক কিতাপ বিক্ৰী হোৱা মহিলা লেখকৰ তালিকাভুক্ত হয়। ২৩

তেওঁৰ দ্বিতীয় খন কিতাপ, দ্য লেজেণ্ড অৱ লক্ষ্মী প্ৰসাদ এখন চুটি গল্প সংকলন। ইয়াৰে এটা গল্প সামাজিক উদ্যোগী অৰুণাচলম মুৰুগানান্থমৰ ওপৰত আধাৰিত আছিল আৰু পিছত এই কাহিনীৰ ভিত্তিত ‘পেড-মেন’ শীৰ্ষক এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়। ঋতুস্ৰাৱ বিষয়ক প্ৰচলিত অন্ধবিশ্বাসমূহ ‘পেড-মেনে’ সুন্দৰকৈ সমাজৰ চকুত দাঙি ধৰিছিল আৰু এইসমূহৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।৪৫চলচ্চিত্ৰখনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল আৰু ইয়াক খান্নাৰ প্ৰযোজনা গৃহ ‘মিচেচ ফানিব’নচ্‌ মুভিজ’ৰ অধীনত নিৰ্মাণ কৰা হৈছিল; যিটো ২০১৬ চনত স্থাপন কৰা হৈছিল।৬৭

‘নাইলচেন বুকস্কেন ইণ্ডিয়া’ৰ মতে, টুইংকল খান্নাৰ আটাইতকৈ শেহতীয়া কিতাপ আৰু প্ৰথমখন উপন্যাস পায়জামাচ আৰ ফৰগিভিং(২০১৮)য়ে তেওঁক ২০১৮ চনত ভাৰতত সৰ্বাধিক বিক্ৰী হোৱা মহিলা লেখক ৰূপে পৰিচিতি প্ৰদান কৰিছে।৮৯১০১১ ২০১৯ চনত খান্নাই মহিলাসকলৰ বাবে দ্বিভাষিক ডিজিটেল মিডিয়া প্লেটফৰ্ম ‘টুইক ইণ্ডিয়া’ মুকলি কৰে।১২১৩

পৰিয়াল আৰু শিক্ষা

১৯৭৪ চনৰ ২৯ ডিচেম্বৰ তাৰিখে মুম্বাইত টুইংকল খান্নাৰ জন্ম হয়। হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনেতা ৰাজেশ খান্না আৰু ডিম্পল কপাড়িয়াৰ তেওঁ প্ৰথম সন্তান। তেওঁৰ ককাক চুন্নীভাই কাপাডিয়া এজন গুজৰাটী ব্যৱসায়ী আছিল আৰু তেওঁৰ দেউতাক ৰাজেশ খান্নাই পঞ্জাৱৰ অমৃতসৰৰ ৰেল ঠিকাদাৰৰ এটা পঞ্জাৱী ক্ষত্ৰী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।১৪১৫১৬ মাকৰ ফালৰপৰা টুইংকল এগৰাকী অভিনেত্ৰী আৰু পোছাক ডিজাইনাৰ চিম্পল কাপাডিয়াৰ ভতিজী যাক তেওঁ খুব ভালপায়।১৭ তেওঁৰ ভগ্নী ৰিংকী খান্না আৰু সম্পৰ্কীয় ভাতৃ কৰণ কাপাডিয়াইও চলচ্চিত্ৰত অভিনয় কৰে।১৮১৯

খান্নাই পঞ্চগনিৰ ‘নিউ এৰা হাই স্কুল’ আৰু ‘নাৰ্চি মনজী কলেজ অফ কমাৰ্চ এণ্ড ইকনমিক্স’ত পঢ়িছিল।২০২১ দ্বাদশ শ্ৰেণী শেষ কৰাৰ পিছত, তেওঁ চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাৰ আগ্ৰহেৰে প্ৰৱেশ পৰীক্ষা দিছিল যদিও তাৰ পৰিৱৰ্তে মাক দেউতাকৰ জোৰত চলচ্চিত্ৰ উদ্যোগত যোগদান কৰে।২১২২টুইংকল খান্নাই ১৯৯৫ চনত ৰাজকুমাৰ সন্তোষীৰ ৰোমাণ্টিক চিনেমা বৰসাতত ববি দেউলৰ বিপৰীতে পৰ্দাত আত্মপ্ৰকাশ কৰিছিল।২৩

স্বীকৃতি

  1. শ্ৰেষ্ঠা নৱাগতা অভিনেত্ৰীৰ ফিল্ম্ফেয়াৰ বঁটা (১৯৯৬) (মিচেচ ফানিব’নচ্‌)
  2. আউটলুক চ'ছিয়েল মিডিয়া এৱাৰ্ড (২০১৬)
  3. ক্ৰছ্বৰ্ড পপুলাৰ নন-ফিকচন এৱাৰ্ড (২০১৬)
  4. ইণ্ডিয়া টুডে ৱুইমেন ৰাইটাৰ অৱ দ্য ইয়েৰ (২০১৭) (দ্য লেজেণ্ড অৱ লক্ষ্মী প্ৰসাদ)
  5. বেংগালুৰু সাহিত্য উৎসৱত- পপুলাৰ চইজ এৱাৰ্ড (২০১৭) (দ্য লেজেণ্ড অৱ লক্ষ্মী প্ৰসাদ)
  6. ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (সামাজিক সমস্যাৰ ওপৰত শ্ৰেষ্ঠ চলচ্চিত্ৰ) (পেড-মেন)
  7. ক্ৰছ্বৰ্ড বুক এৱাৰ্ড (পপুলাৰ) কল্পসাহিত্যৰ বাবে (২০১৯) (পায়জামাচ আৰ ফৰগিভিং)

তথ্যসূত্ৰ

  1. ↑ Alves, Glynda. Twinkle Khanna's book 'Mrs Funnybones' declared a bestseller
  2. ↑ Choudhury, Sonya Dutta. (19 March 2017). Twinkle Khanna, Amish Tripathi: The storytellers. mint
  3. ↑ Mrs Funnybones sold over 100,000 copies!
  4. ↑ (10 August 2019). National Awards 2019: Padman wins Best Film on Social Issue; Akshay Kumar, Twinkle Khanna react. Firstpost
  5. ↑ (11 August 2019). Twinkle Khanna on Producing National Award-Winning Film PadMan: Was Dissuaded From Making a Film on Pads. India.com
  6. ↑ Twinkle Khanna launches production house, Mrs Funnybones Movies. Mumbai Mirror
  7. ↑ (14 December 2016). Twinkle Khanna turns producer with R Balki's next; launches Mrs Funnybones. Firstpost
  8. ↑ (27 December 2018). Twinkle Khanna on being a best-selling author, her latest book, MeToo and more. Hindustan Times
  9. ↑ Pyjamas are Forgiving – Over 100k Copies Sold. Outlook India
  10. ↑ (12 July 2019). Pyjamas are Forgiving – Over 100k Copies Sold. Business Standard
  11. ↑ Pyjamas are Forgiving – Over 100k Copies Sold. ANI News
  12. ↑ Mathur, Nandita. (30 September 2019). Twinkle Khanna launches Tweak, a bilingual digital media platform for women. mint
  13. ↑ Twinkle Khanna launches her digital platform, Tweak India. Vogue India
  14. ↑ (4 December 2019). Twinkle Khanna shares throwback picture with grandmother Betty Kapadia, see it here. হিন্দুস্তান টাইমছ
  15. ↑ Gupta, Trisha. (20 October 2014). A star fell from heaven. Mumbai Mirror
  16. ↑ (18 July 2012). Rajesh Khanna passes away. The Tribune. Indo-Asian News Service
  17. ↑ (25 November 2009). Akki, Twinkle to support Simple's son. হিন্দুস্তান টাইমছ
  18. ↑ Sharma, Garima. (9 October 2013). Rinke Khanna becomes a mummy again. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  19. ↑ Lohana, Avinash. (29 December 2017). Karan Kapadia: I Feel Extremely Lucky to Have Two Moms. Mumbai Mirror
  20. ↑ Halim, Moeena. (19 December 016). Twinkle 'Funnybones' Khanna: The author who puts a bit of herself in her characters. India Today
  21. ↑ Kulkarni, Ronjita. (10 September 2015). I pretend I was never in the movies!. Rediff
  22. ↑ Basu, Nilanjana. (1 December 2017). What Dimple Kapadia Told Twinkle Khanna When She Was A 'Plump Nerd'. NDTV
  23. ↑ (23 October 1994). More on Amitabh. Stabroek News. পৃ. 28

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টুইংকল খান্না” প্ৰবন্ধৰ সংশোধন ৬৩৭১৯৭ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।