ৰমিলা থাপাৰ (Romila Thapar; জন্ম: ৩০ নৱেম্বৰ, ১৯৩১) হ'ল এগৰাকী ভাৰতীয় ইতিহাসবিদ। তেওঁৰ অধ্যয়নৰ মুখ্য ক্ষেত্ৰ হৈছে প্ৰাচীন ভাৰতৰ ইতিহাস, য'ত তেওঁ আগৰেপৰা প্ৰতিষ্ঠিত।১ থাপাৰ নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাচীন ইতিহাস বিভাগৰ অধ্যাপক, এমিৰিটা।
থাপাৰৰ বিশেষ অৱদান হৈছে, উত্তৰ ভাৰতত খ্ৰীষ্টপূৰ্ব প্ৰথম সহস্ৰাব্দৰ মাজভাগত হোৱা পৰিৱৰ্তন বুজিবলৈ সামাজিক-ঐতিহাসিক পদ্ধতিৰ ব্যৱহাৰ। বংশ-আধাৰিত ইন্দো-আৰ্য পশুপালক গোটবোৰ গঙ্গা নদীৰ সমভূমিলৈ স্থানান্তৰিত হোৱাৰ লগে লগে,কিদৰে তেওঁলোকে জাতি-আধাৰিত ৰাজ্যবোৰৰ প্ৰাথমিক ৰূপ সৃষ্টি কৰিছিল, এই বিষয়ে তেওঁৰ লেখনিত পোৱা যায়। ২
থাপাৰে চিকাগো বিশ্ববিদ্যালয়, অক্সফৰ্ড বিশ্ববিদ্যালয়, ইনষ্টিটিউট নেচনেল ডেচ লাঙ্গুইছ এট চিভিলাইজ অৰিয়েণ্টেলচ, পেৰিছ, এডিনবাৰ্গ বিশ্ববিদ্যালয়, কলিকতা বিশ্ববিদ্যালয় হায়দৰাবাদ বিশ্ববিদ্যালয়, ব্ৰাউন বিশ্ববিদ্যালয়, আৰু প্ৰিটোৰিয়া বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট লাভ কৰিছিল।
থাপাৰ লণ্ডনৰ স্কুল অফ অৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজৰ এগৰাকী সন্মানীয় ফেলো, য'ত তেওঁ ১৯৫৮ চনত পিএইচডি ডিগ্ৰী লাভ কৰিছিল, আৰু আমেৰিকান একাডেমী অফ আৰ্টছ এণ্ড চাইন্সেছৰ বিদেশী সন্মানীয় সদস্য হিচাপেও খিতাপ লাভ কৰিছিল। ২০০৮ চনত, ৰমিলা থাপাৰে মানৱবিজ্ঞান আৰু সামাজিক বিজ্ঞানত জীৱনজোৰা প্ৰাপ্তিৰ বাবে ইউএছ লাইব্ৰেৰী অফ কংগ্ৰেছৰ ক্লুজ পুৰস্কাৰ লাভ কৰিছিল।৩
তথ্যসূত্ৰ
- ↑ Peterson, Indira Viswanathan. (2019). Encyclopedia of Historians and Historical Writing. Taylor & Francis: Routledge. পৃ. 1202–. ISBN 978-1-136-78764-5 Quotr: "The pre-eminent interpreter of ancient Indian history today. ... "
- ↑ Peterson, Indira Viswanathan. (2019). Encyclopedia of Historians and Historical Writing. Taylor & Francis: Routledge. পৃ. 1202–. ISBN 978-1-136-78764-5 Quote: "Among the major historians of ancient India in recent times, Thapar's emphasis on social history differentiates her approach from that of the cultural historian A. L. Basham, while her rejection of ideological frames of reference sets her work apart from that of the Marxist scholar D. D. Kosambi."
- ↑ Garreau, Joel. (3 December 2008). Historians Peter Robert Lamont Brown and Romila Thapar to Share 2008 Kluge Prize. washingtonpost.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰমিলা থাপাৰ” প্ৰবন্ধৰ সংশোধন ৩৯৪৫০২ (২ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।