তৰু দত্ত (Toru Dutt; ৪ মাৰ্চ, ১৮৫৬ – ৩০ আগষ্ট ১৮৭৭) হ'ল ভাৰতীয় উপমহাদেশৰ এগৰাকী বঙালী অনুবাদক আৰু কবি। স্বাধীনতাৰ আগৰ ব্ৰিটিছ ভাৰতত প্ৰচলিত ইংৰাজী আৰু ফৰাছী ভাষাত তেওঁ লিখা-মেলা কৰিছিল।১ হেনৰী লুই ভিভিয়ান ডেৰোজিঅ (১৮০৯-৩১), মনমোহন ঘোষ (১৮৬৯–১৯২৪) আৰু সৰোজিনী নাইডু (১৮৭৯-১৯৪৯)ৰ সৈতে তৰু দত্ত 'ভাৰত-এংলিয়ান' সাহিত্যৰ অন্যতম প্ৰতিষ্ঠাপক ব্যক্তি।২ দত্তক ইংৰাজী ভাষাত প্ৰকাশিত তেওঁৰ কবিতাৰ সংকলন 'আ শ্বেফ গ্লেনেড ইন ফ্ৰেঞ্চ ফিল্ডচ্' (১৮৭৭) আৰু 'এন্চিয়েণ্ট বেলাডছ এণ্ড লিজেণ্ডছ অৱ হিন্দুস্তান' (১৮৮২) আৰু ফৰাচী ভাষাত প্ৰকাশিত তেওঁৰ উপন্যাসৰ 'লা জাৰ্নেল ডি মাডেমোইচেল ডি'আৰভাৰ্ছ' (১৮৭৯) বাবে জনা যায়। তেওঁৰ কবিতাবোৰ নিঃসঙ্গতা, দেশভক্তি আৰু নষ্টালজিয়াৰ ভিত্তিত ৰচিত। ২১ বছৰ বয়সতে দত্তৰ মৃত্যু হৈছিল, যিয়ে কবি জন কীটছৰ সৈতে তেওঁক তুলনা কৰিবলৈ প্ৰভাৱিত কৰে।৩

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
খ্ৰীষ্টধৰ্মলৈ সলনি হোৱা কলিকতাৰ এটা বঙালী পৰিয়ালত ১৮৫৬ চনৰ ৪ মাৰ্চ তাৰিখে তৰু দত্তৰ জন্ম হৈছিল। তেওঁৰ দেউতাক গোৱিন্দ চন্দ্ৰ দত্ত এজন লেখক আৰু মাক ক্ষেত্ৰমণি দত্ত ৰামবাগান দত্ত পৰিয়ালৰ জীয়ৰী।৪ দত্ত পৰিয়াল হৈছে খ্ৰীষ্টান মিছনেৰী সকলৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হোৱা কলিকতাৰ প্ৰথম পৰিয়ালবোৰৰ ভিতৰৰ এটা।৪ তৰু দত্তৰ ককাক ৰসময় দত্ত আৰু দেউতাক গোৱিন্দ দত্ত, দুয়োজনেই ঔপনিৱেশিক চৰকাৰৰ অধীনত গুৰুত্বপূৰ্ণ পদবীত মকৰল আছিল।৪ তেওঁৰ সম্পৰ্কীয় ভাতৃ ৰমেশ চন্দ্ৰ দত্ত এজন লেখক আৰু ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আছিল। দত্তৰ ছয় বছৰ বয়সত তেওঁৰ দেউতাকে ১৮৬২ চন খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে।৪ তেওঁৰ মাকে প্ৰথমে ধৰ্ম পৰিৱৰ্তনৰ বিষয়ত বিৰোধ প্ৰদৰ্শন কৰিছিল যদিও পিছলৈ তেৱোঁ এই ধৰ্মৰ অনুশীলন কৰে।৪ দত্তৰ মাক-দেউতাক দুয়োৰে লিখা প্ৰকাশ হৈছিল। দেউতাকে কবিতা লিখিছিল আৰু মাকে ধৰ্ম সম্পৰ্কীয় মনোগ্ৰাফ বাঙালী ভাষালৈ অনুবাদ কৰিছিল।৪
ভগ্নী অৰু আৰু ভাতৃ অব্জুৰ পাছতে তৰু আছিল দত্ত পৰিয়ালৰ তৃতীয় আৰু নুমলীয়া সন্তান।৪ তৰু আৰু তেওঁৰ ভাই-ভনীসকলে তেওঁলোকৰ শৈশৱৰ বেছিভাগ সময় কলিকতাত অতিবাহিত কৰিছিল, মহানগৰীৰ এখন ঘৰ আৰু মহানগৰীৰ উপকণ্ঠ অঞ্চলত অৱস্থিত বাউগমাৰীৰ এটা বাগিচা ঘৰৰ মাজত তেওঁলোকৰ সময়বোৰ পাৰ হৈছিল।৪ দেউতাক আৰু ভাৰতীয় খ্ৰীষ্টান শিক্ষক বাবু চাহিব সুন্দৰ বেনাৰ্জীয়ে দত্তক ঘৰতে পঢ়ুৱাইছিল। তেওঁ ফৰাছী আৰু ইংৰাজী ভাষা শিকিছিল আৰু পিছলৈ তেওঁৰ মাতৃভাষা বঙালীৰ সমান্তৰালকৈ সংস্কৃত ভাষাও শিকিছিল।৪ তেওঁ ভাৰতীয় পৌৰাণিক কাহিনীসমূহ মাকৰপৰা শিকিছিল।৪
১৮৬৫ চনত, ১৪ বছৰ বয়সত তেওঁৰ ভাতৃ অব্জুৰ টিউবাৰকলচিচ হৈ মৃত্যু হয়।
ইউৰোপত
১৮৬৯ চনত, তেৰ বছৰ বয়সত দত্তৰ পৰিয়াল ভাৰত এৰি ইউৰোপলৈ যায়। সাগৰেৰে ইউৰোপ ভ্ৰমণ কৰা প্ৰথম বঙালী ছোৱালীবোৰৰ মাজত দত্ত আৰু তেওঁৰ ভগ্নীও অন্যতম। তেওঁলোক ইটালী আৰু জাৰ্মানীলৈও গৈছিল।৪ পৰিয়ালটোৱে চাৰি বছৰ ইউৰোপত বসবাস কৰে, এবছৰ ফ্ৰান্স আৰু চাৰি বছৰ ইংলেণ্ডত থাকে।৪ তেওঁলোকে ১৮৬৯ চনৰপৰা ১৮৭০ চনলৈ প্ৰথমে ফ্ৰান্সত আৰু পেৰিচত বাস কৰে।৪ ফ্ৰান্সত থাকোঁতে দত্তই এখন আৱাসিক স্কুলত পঢ়িছিল।৪ ১৮৭০ চনত পৰিয়ালটো অনশ্ল স্কোৱেৰ, ব্ৰমট'ন, লণ্ডনত আছিল; য'ত দত্তই সংগীত অধ্যয়ন কৰিছিল।৪ ১৯৮৭১ চনত তেওঁলোক কেমব্ৰিজলৈ গৈছিল, য'ত তেওঁলোক ১৮৭৩ চনলৈকে বাস কৰিছিল।৪
১৮৭২ চনত কেমব্ৰিজ বিশ্ববিদ্যালয়ে 'হায়াৰ লেকচাৰ ফ'ৰ ৱমেন' নামেৰে এলানি বক্তৃতামালা আগবঢ়াইছিল, য'ত তৰু দত্ত তেওঁৰ ভগ্নী অৰুৰ সৈতে উপস্থিত আছিল।৪৫
পৰিয়ালটোৱে ১৮৭৩ চনত কেমব্ৰিজ এৰে, ১৮৭৩ চনৰ এপ্ৰিলৰপৰা নৱেম্বৰ মাহলৈ চেইণ্ট লিঅ'নাৰ্ড, চাচেক্সত থাকি তেওঁলোক কলিকতালৈ ঘূৰি আহে।৪
গ্ৰন্থপঞ্জী
- 'আ শ্বেফ গ্লেনেড ইন ফ্ৰেঞ্চ ফিল্ডচ্' (১৮৭৭)
- 'এন্চিয়েণ্ট বালাডছ এণ্ড লিজেণ্ডছ অৱ হিন্দুস্তান' (১৮৮২)
- 'লা জাৰ্নেল ডি মাডেমোইচেল ডি'আৰভাৰ্ছ' (১৮৭৯)
তথ্যসূত্ৰ
- ↑ Gosse, Edmund (1913). "Toru Dutt." In: Critical Kit-kats. London: William Heinemann, pp. 197–212
- ↑ Birch. (2009). Anglo-Indian Literature. The Oxford Companion to English Literature. Oxford UP
- ↑ Chapman, Alison. (September 2014). Internationalising the Sonnet: Toru Dutts "Sonnet – Baugmaree". Victorian Literature and Culture. পৃ. 595–608
- ↑ Lokugé, Chandani. (2019-09-12). Dutt, Toru (1856–1877), Indian poet, translator, and novelist. Oxford Dictionary of National Biography. Oxford University Press. ISBN 978-0-19-861412-8
- ↑ আৰ্কাইভ কপি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তৰু দত্ত” প্ৰবন্ধৰ সংশোধন ৫৯১৯৭২ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।