অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰবীন্দ্ৰ কেলকৰ

ৰবীন্দ্ৰ কেলকৰ(Ravindra Kelekar; জন্ম: ৭ মাৰ্চ, ১৯২৫ – ২৭ আগষ্ট, ২০১০) কোংকণী ভাষাৰ এগৰাকী প্ৰসিদ্ধ ভাৰতীয় লেখক। কোংকণী ভাষাৰ উপৰিও তেওঁ হিন্দী আৰু মাৰাঠী ভাষাতো লেখা-মেলা কৰে। তেখেত এগৰাকী গান্ধীবাদী কৰ্মী, স্বাধীনতা সেনানী আৰু কোংকণী ভাষৰ বাটকটীয়া আছিল।

হালনাগাদ: ১০ ডিচেম্বৰ ২০২৩ ১৭১ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ৰবীন্দ্ৰ কেলকৰ(Ravindra Kelekar; জন্ম: ৭ মাৰ্চ, ১৯২৫ – ২৭ আগষ্ট, ২০১০) কোংকণী ভাষাৰ এগৰাকী প্ৰসিদ্ধ ভাৰতীয় লেখক। কোংকণী ভাষাৰ উপৰিও তেওঁ হিন্দী আৰু মাৰাঠী ভাষাতো লেখা-মেলা কৰে।১ তেখেত এগৰাকী গান্ধীবাদী কৰ্মী, স্বাধীনতা সেনানী আৰু কোংকণী ভাষৰ বাটকটীয়া আছিল। তেওঁ এগৰাকী প্ৰসিদ্ধ পণ্ডিত, ভাষাবিদ আৰু সৃষ্টিশীল চিন্তা-নায়ক। কেলকৰে ভাৰতৰ স্বাধীনতা আন্দোলন, গোৱাৰ মুক্তি আন্দোলন আৰু মুম্বাইৰ সৈতে নৱ-নিৰ্মিত গোৱাক একত্ৰিত কৰাৰ বিৰুদ্ধে হোৱা আন্দোলনত ভাগ লৈছিল। কোংকণী ভাষা মণ্ডল প্ৰতিষ্ঠাত তেওঁ উল্লেখযোগ্য ভূমিকা লৈছিল, যি মণ্ডলে কোংকণী ভাষাক পূৰ্ণ বিকশিত ভাষা ৰূপে প্ৰতিষ্ঠা কৰিবলৈ আৰু ৰাজ্যিক ভাষাৰ মাৰ্যদা দিবলৈ আন্দোলন কৰিছিল।২ ১৯৮৭ চনৰ ফেব্ৰুৱাৰী মাহত, গোৱা বিধানসভাই কোংকণীক ৰাজ্যিক ভাষাৰ মৰ্যাদা দিয়ে।৩

তেওঁ এশৰো অধিক কিতাপ লিখিছে আৰু দুই দশকৰো অধিক কাল 'জাগ' আলোচনীৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছে।

২৭ আগষ্ট, শুক্ৰবাৰে; মাডগাও, গোৱাৰ এপ'ল' হস্পিটেলত ১১ বাজি ৩০ মিনিটত কেলকৰৰ মৃত্যু হয়।১৪ গোৱা চৰকাৰে কেলকৰৰ নিজা গাঁৱত ৰাষ্ট্ৰীয় মৰ্যদাৰে তেওঁ শেষকৃত্য সম্পন্ন কৰে।

কেলকৰে ২০০৮ চনত পদ্মভূষণ৫৬, কলা একাডেমীৰ গোমন্ত সাৰদা বঁটা, ১৯৭৭ চনত সাহিত্য অকাডেমি বঁটা৭, ২০০৭ চনত সাহিত্য অকাডেমি ফেলোশ্বিপ৮ আৰু ২০০৬ চনত কোংকণী ভাষাত প্ৰথমবাৰৰ বাবে প্ৰদান কৰা জ্ঞানপীঠ বঁটা ৯লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ (28 August 2010). Ravindra Kelekar passes away. The Hindu. The Hindu Group
  2. ↑ Kelekar, Ravindra; Martyres, F. J.; Saldanha, A. A. (1963). A Bibliography of Konkani Literature in Devanagari, Roman and Kannada characters. Gomant Bharati Publications
  3. ↑ (16 May 2010). Goa battles to preserve its identity. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  4. ↑ Saradesāya, Manohararāya. (2000). A history of Konkani literature: from 1500 to 1992. Sahitya Akademi. পৃ. 209. ISBN 81-7201-664-6
  5. ↑ Padma Bhushan Awardees. Know India: National portal of India. Ministry of Communications and Information Technology
  6. ↑ (23 November 2008). The man who most influenced a language. The Times of India
  7. ↑ AKADEMI AWARDS (1955-2018)
  8. ↑ (8 October 2007). Akademi confers fellowship on Ravindra Kelekar. দ্য হিন্দু
  9. ↑ Kamat, Prakash. (24 November 2008). Jnanpith for Kelekar. দ্য হিন্দু

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকপদ্মভূষণ বঁটা বিজয়ীজ্ঞানপীঠ বঁটা বিজয়ীসাহিত্য অকাডেমিৰ ফেলোশ্বিপ প্ৰাপক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰবীন্দ্ৰ কেলকৰ” প্ৰবন্ধৰ সংশোধন ৩৯৬০৬৮ (১০ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।