ৰাভুৰি ভৰদ্বাজ (రావూరి భరద్వాజ) এগৰাকী প্ৰথিতযশা তেলুগু ঔপন্যাসিক, চুটিগল্প লেখক, কবি আৰু সমালোচক। তেলুগু সাহিত্য জগতলৈ আগবঢ়োৱা তেওঁৰ অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক ২০১২ বৰ্ষৰ দেশৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়।১
জন্ম আৰু শিক্ষা-দীক্ষা
ৰাভুৰি ভৰদ্বাজৰ জন্ম হয় ১৯২৭ চনৰ ৫ জুলাই তাৰিখে হাইদৰাবাদৰ মগলুৰুত। সাহিত্য চৰ্চাৰ বাবে যে কোনো উচ্চ শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই, ৰাভুৰি ভৰদ্বাজ এই কথাষাৰৰ প্ৰমাণ। তেওঁ মাত্ৰ অষ্টম শ্ৰেণীলৈকেহে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছে। কিন্ত্ত তেওঁৰ সাহিত্য কৰ্ম অন্ধ্ৰপ্ৰদেশৰ স্নাতক তথা স্নাতকোত্তৰ পৰ্যায়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। ৰাভুৰি ভৰদ্বাজক বৰ্তমানলৈকে অন্ধ্ৰ বিশ্ববিদ্যালয়, জৱাহৰলাল নেহৰু টেকন’লজিকেল ইউনিভাৰ্চিটি আৰু নাগাৰ্জুনা বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হৈছে।
সাহিত্য কৰ্ম
ৰাভুৰি ভৰদ্বাজ তেলুগু সাহিত্যৰ ৩৭খন চুটি গল্পৰ পুথি, ১৭খন উপন্যাসকে ধৰি বহু অনবদ্য সাহিত্য কৰ্মৰ স্ৰষ্টা।১ ১৯৪৬ চনত মাত্ৰ সোতৰ বছৰ বয়সত তেলুগু আলোচনী ‘জমিন ৰায়টু’ৰ জৰিয়তে সাহিত্য চৰ্চা আৰম্ভ কৰে। ১৯৫৯ চনত তেওঁ ‘অল ইণ্ডিয়া ৰেডিঅ’ৰ চিত্ৰ্নাট্যকাৰ হিচাপে যোগদান কৰে। তাৰ পূৰ্বে তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এগৰাকী টেকনিচিয়ান হিচাপেও কাম কৰিছিল। ১৯৪৮ চনত তেওঁ দীনবন্ধু নামৰ অলোচনীখনৰ লগত জড়িত হয়। পৰৱৰ্তী কালত ‘জ্যোতি’,সমীক্ষা,অভিসাৰিকা, চিত্ৰসীমা আৰু যুৱ আলোচনীৰ সম্পাদনাৰ সৈতেও তেওঁ জড়িত হৈ পৰে। ৰাভুৰি ভৰদ্বাজৰ উল্লেখনীয় সৃষ্টিৰাজি হ’ল-
- পাকুড়ু ৰাল্লু
- জীৱন সমৰম
- কাদম্বৰী
- ইনুপু
- তেৰা ভেনুকা
- কৌমুদী ইত্যাদি।২
লাভ কৰা বঁটা-বাহন:
তেলুগু সাহিত্যলৈ ৰাভুৰি ভৰদ্বাজে আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁক এতিয়ালৈ বহুটো সন্মানেৰে বিভূষিত কৰা হৈছে। সেই সমূহ হ’ল-
- ৰাজ্যিক সাহিত্য অকাডেমি পুৰস্কাৰ (১৯৬৮ আৰু ১৯৮৩ বৰ্ষৰ বাবে দুবাৰ)
- সাহিত্য অকাডেমি বঁটা (১৯৮৩ বৰ্ষৰ)
- গোপীচান্দ সাহিত্য বঁটা (১৯৬৮)
- ৰাজলক্ষ্মী বঁটা (১৯৮৭)
- জ্ঞানপীঠ বঁটা (৪৮ সংখ্যক, ২০১২)৩
- ছোভিয়েট লেণ্ড নেহৰু বঁটা
- তেলুগু অকাডেমি বঁটা
- বাল সাহিত্য বঁটা
মৃত্যু
২০১৩ চনৰ ১৮ অক্টোবৰ তাৰিখে ৮৬ বছৰ বয়সত সাহিত্যিকজনৰ হায়দৰাবাদত পৰলোক প্ৰাপ্তি ঘটে।
উৎস
- 60 years and after: about Dr. Ravuri Bharadwaja, Purush, s.n., 1987
- Telugulō smr̥ti sāhityaṃ-Bharadvāja racanalu: siddhānta vyāsaṃ, Vai. E. Viśālākṣmi, Śrīsatyasāyi Pracuraṇalu, 1998
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (April 17, 2013). Ravuri gets Jnanpith Award. The Hindu
- ↑ জ্ঞানপীঠ বঁটাপ্ৰাপক ৰাভুৰি ভৰদ্বাজ, দীপাংকৰ কৌশিক, পূৰ্বাচল, আমাৰ অসম, ২৮ এপ্ৰিল,২০১৩
- ↑ Special Correspondent. (2013-04-17). Ravuri gets Jnanpith Award. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাভুৰি ভৰদ্বাজ” প্ৰবন্ধৰ সংশোধন ৩০৪৬৮৮ (২৩ অক্টোবৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।