মানসী প্ৰধান (Manasi Pradhan, জন্ম: ৪ অক্টোবৰ ১৯৬২) এগৰাকী ভাৰতীয় মহিলা অধিকাৰ কৰ্মী আৰু লেখিকা। তেওঁ ভাৰতত মহিলাৰ বিৰুদ্ধে হিংসা ৰক্ষা কৰাৰ এক দেশব্যাপী আন্দোলন 'অনাৰ ফৰ ৱমেন নেচনেল কেম্পেইন' অৰ্থাৎ 'মহিলাৰ সন্মানৰ বাবে ৰাষ্ট্ৰীয় অভিযান'ৰ প্ৰতিষ্ঠাপক। ১২৩৪৫৬৭ ২০১৪ চনত তেওঁক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাণী লক্ষ্মীবাঈ স্ত্ৰী শক্তি পুৰস্কাৰ প্ৰদান কৰে। মিছনেৰীজ অফ চেৰিটিৰ গোলকীয় মুৰব্বী মেৰী প্ৰেমা পাইৰিকৰ সৈতে তেওঁ ২০১১ চনত 'আউটষ্টেণ্ডিং ৱমেন এৱাৰ্ড' লাভ কৰিছিল।৮৯১০১১
আন্তৰ্জাতিক প্ৰকাশন আৰু সংগঠনে প্ৰায়ে তেওঁৰ কামক প্ৰদৰ্শিত কৰা হয়। ২০১৬ চনত নিউয়ৰ্কস্থিত বছল আলোচনীয়ে তেওঁক ২০ গৰাকী আটাইতকৈ প্ৰেৰণাদায়ক নাৰীবাদী লেখক আৰু কৰ্মীসকলৰ ভিতৰত বুলি উল্লেখ কৰিছিল। ১২ ২০১৭ চনত লছ এঞ্জেলছস্থিত ৱেলকাৰ মিডিয়া ইঙ্কে তেওঁক ১২ গৰাকী শক্তিশালী নাৰীবাদী পৰিৱৰ্তন নিৰ্মাতাৰ ভিতৰত স্থান দিয়ে।১৩ ২০১৮ চনত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ইউনিয়ন অৱ অক্সফৰ্ডই তেওঁক সংঘক সম্বোধন কৰিবলৈ আমন্ত্ৰণ জনায়।১৪১৫১৬১৭
তেওঁ নিৰ্ভয়া বাহিনী, নিৰ্ভয়া সমাৰোহ আৰু অ'ৱাইএছএছ মহিলাৰ প্ৰতিষ্ঠাপক।১৮১৯ তেওঁ ভাৰতৰ বাবে কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণপত্ৰ পৰিষদ (চেঞ্চৰ বোৰ্ড)২০ আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ তদন্ত সমিতিৰ পেনেলত সেৱা আগবঢ়াইছে।২১২২২৩২৪
উৰিষ্যাৰ এখন দূৰৱৰ্তী গাঁৱৰ দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰি তেওঁ মহিলাসকলক শিক্ষিত কৰাৰ বিৰুদ্ধে বহুলভাৱে প্ৰচলিত সামাজিক নিষিদ্ধতাৰ বিৰুদ্ধে সফলতাৰে যুঁজ দিছিল, পাহাৰীয়া অঞ্চল আৰু জলাভূমিৰ মাজত দৈনিক ১৫ কিলোমিটাৰ খোজ কাঢ়ি সমগ্ৰ অঞ্চলৰ একমাত্ৰ উচ্চ বিদ্যালয়লৈ খোজ কাঢ়ি গৈছিল আৰু তেওঁৰ গাওঁখনৰ প্ৰথম মহিলা মেট্ৰিক উত্তীৰ্ণ হিচাপে আত্মপ্ৰকাশ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁৰ অঞ্চলৰ প্ৰথম মহিলা আইন স্নাতক হৈছিল। মানসী প্ৰধানৰ জীৱন কাহিনী আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলত তথ্যচিত্ৰ হিচাপে গ্ৰহণ কৰা হৈছে।২৫২৬২৭২৮
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৬২ চনৰ ৪ অক্টোবৰ তাৰিখে ওড়িশাৰ খোৰ্ধা জিলাৰ বানপুৰ খণ্ডৰ আয়তপুৰ নামৰ এখন দূৰৱৰ্তী গাঁৱৰ এক দৰিদ্ৰ পৰিয়ালত মানসী প্ৰধানৰ জন্ম হৈছিল। তেওঁ হেমলতা প্ৰধান আৰু গোদাবৰীশ প্ৰধানৰ দুগৰাকী কন্যা আৰু পুত্ৰৰ ভিতৰত জ্যেষ্ঠ সন্তান আছিল। তেওঁৰ দেউতাক এজন খেতিয়ক আছিল।২৯
সেইসময়ত বানপুৰৰ বেছিভাগ গ্ৰাম্য অঞ্চলত স্ত্ৰী শিক্ষাক নিষিদ্ধ বুলি গণ্য কৰা হৈছিল। ছোৱালীসকলক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িবলৈ খুব কম অনুমতি দিয়া হৈছিল। তেওঁ গাঁওখনৰ পৰা পঢ়া-শুনা শীঘ্ৰে শেষ কৰাৰ বাবে তীব্ৰ চাপ অনুভৱ কৰিছিল। তদুপৰি ওচৰৰ অঞ্চলবোৰত কোনো উচ্চতৰ মাধ্যমিক বিদ্যালয় নাছিল।৩০
তেওঁ দৈনিক ১৫ কিলোমিটাৰ খোজ কাঢ়ি পাহাৰীয়া অঞ্চল আৰু জলাভূমিৰ মাজেৰে সমগ্ৰ অঞ্চলৰ একমাত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ গৈছিল। তেওঁ তেওঁৰ গাঁৱত হাইস্কুল শিক্ষান্তত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথম মহিলা হিচাপে পৰিগণিত হৈছিল।৮৩১
গাম্ভাৰীমুণ্ডাৰ পতিতপাবন উচ্চ বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত তেওঁৰ পৰিয়ালে মানসীৰ উচ্চ শিক্ষাৰ বাবে পুৰীলৈ স্থানান্তৰিত হয়। গাঁৱৰ খেতিপথাৰৰ পৰা পোৱা সামান্য উপাৰ্জনৰ সৈতে মানসীৰ শিক্ষা বজাই ৰখা কঠিন হৈ পৰিছিল। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতে তেওঁ নিজে পৰিয়াল আৰু পঢ়া-শুনাত সহায় কৰিবলৈ কাম কৰিব লগা হৈছিল। তেওঁ উৎকল বিশ্ববিদ্যালয়ৰ অন্তৰ্গত চৰকাৰী মহিলা মহাবিদ্যালয়, পুৰীৰৰ পৰা অৰ্থনীতিত স্নাতক আৰু একে বিশ্ববিদ্যালয়ৰ পৰা ওড়িয়া সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল কৰিছিল। তেওঁ পুৰীৰ জি. এম. আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰীও লাভ কৰিছিল।৩২৩৩৩৪
কৰ্মজীৱন
তেওঁ ওড়িশা চৰকাৰৰ বিত্ত বিভাগ আৰু অন্ধ্ৰ বেংকৰ সৈতে অলপ সময়ৰ বাবে কাম কৰিছিল। পিছলৈ তেওঁ নিজৰ আবেগ অনুসৰণ কৰিবলৈ চাকৰি এৰি দিছিল। ১৯৮৩ চনৰ অক্টোবৰ মাহত ২১ বছৰ বয়সত তেওঁ নিজৰ মুদ্ৰণ ব্যৱসায় আৰু এখন সাহিত্য আলোচনী আৰম্ভ কৰে। কেইবছৰমানৰ ভিতৰতে তেওঁ ব্যৱসায় দ্ৰুতগতিত বৃদ্ধি পাইছিল। ইয়াৰ ফলত তেওঁ সেইসময়ৰ কেইগৰাকীমান সফল মহিলা উদ্যোগীৰ শাৰীত প্ৰতিষ্ঠিত হৈছিল।৩২৩৫৩৬
প্ৰদান কৰা মুহূৰ্ত]]
সক্ৰিয়তা
১৯৮৭ চনত তেওঁ অ'ৱাইএছএছ ৱমেন প্ৰতিষ্ঠা কৰে। ইয়াৰ প্ৰাৰম্ভিক উদ্দেশ্য আছিল ছাত্ৰীসকলক উচ্চ শিক্ষা প্ৰাপ্ত কৰাত সহায় কৰা আৰু তেওঁলোকক সমাজত ভৱিষ্যতৰ নেত্ৰী হিচাপে বিকশিত কৰা। অ'ৱাইএছএছ ৱমনে নেতৃত্ব কৰ্মশালা, শিক্ষা আৰু বৃত্তিমূলক প্ৰশিক্ষণ শিবিৰ, আইনী সজাগতা আৰু আত্ম-প্ৰতিৰক্ষা শিবিৰআয়োজন কৰি আহিছে। ই হাজাৰ হাজাৰ যুৱতীক তেওঁলোকৰ নিৰ্বাচিত ক্ষেত্ৰত সম্ভাৱ্য নেত্ৰী হিচাপে লালন-পালন কৰি আহিছে।৩৭
ওপৰোক্তবোৰৰ উপৰিও, সংগঠনটোৱে অসংখ্য কাৰ্যকলাপ আৰু অনুষ্ঠান হাতত লয় আৰু মহিলাসকলক সৱলীকৰণত অগ্ৰণী অৱদানৰ বাবে ব্যাপকভাৱে কৃতিত্ব দিয়া হয়। সংগঠনটোৱে মহিলাৰ সন্মানৰ বাবে ৰাষ্ট্ৰীয় অভিযানৰো নেতৃত্ব বহন কৰি আছে।৩৮
মহিলাৰ সন্মানৰ বাবে ৰাষ্ট্ৰীয় অভিযান
২০০৯ চনৰ নৱেম্বৰ মাহত তেওঁ ভাৰতত মহিলাৰ বিৰুদ্ধে হোৱা হিংসাৰ ৰক্ষাৰ উদ্দেশ্যে দেশজুৰি এক আন্দোলন 'অনাৰ ফৰ ৱমেন নেচনেল কেম্পেইন' আৰম্ভ কৰে। এই আন্দোলনটোৱে মহিলাৰ অত্যাচাৰৰ বিৰুদ্ধে দেশবাসীক উৎসাহিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।৩৯৪০ এই আন্দোলনত ভাৰতত মহিলাৰ বিৰুদ্ধে হিংসাৰ বিপদৰ বিৰুদ্ধে যুঁজিবলৈ এক বহুমুখী ৰণনীতি ব্যৱহাৰ কৰা হৈছে। ই মহিলাৰ ওপৰত অত্যাচাৰৰ বিৰুদ্ধে যুঁজিবলৈ আইনী আৰু প্ৰতিষ্ঠানগত ব্যৱস্থাৰ ওপৰত সজাগতা বৃদ্ধি কৰিবলৈ বহুতো নীতি ব্যৱহাৰ কৰে। মহিলাৰ অধিকাৰ দোকান, মহিলাৰ অধিকাৰ উৎসৱ, মহিলাৰ অধিকাৰ সভা, মহিলাৰ অধিকাৰ সাহিত্য, দৃশ্য-শ্ৰাব্য প্ৰদৰ্শন, পথনাটক ইত্যাদি মহিলাৰ সন্মানৰ বাবে ৰাষ্ট্ৰীয় অভিযানৰ আনুষংগিক অংশ।৪১ আনহাতে ই জনমত সংগ্ৰহ কৰি আৰু মহিলাৰ বিৰুদ্ধে হিংসা নিয়ন্ত্ৰণ ৰখাৰ বাবে প্ৰতিষ্ঠানগত পৰিৱৰ্তন আৰু সংশোধনমূলক ব্যৱস্থাৰ বাবে নিৰন্তৰ প্ৰচাৰ চলাই চৰকাৰৰ ওপৰত চাপ সৃষ্টি কৰি আহিছে।৪২
২০১৩ চনত সমগ্ৰ ভাৰতৰ অংশীদাৰসকলক অন্তৰ্ভুক্ত কৰি কেইবাটাও ৰাষ্ট্ৰীয় আলোচনাচক্ৰ, কৰ্মশালা আৰু পৰামৰ্শৰ সৈতে জড়িত চাৰি বছৰৰ দীঘলীয়া মন্থনৰ পিছত, আন্দোলনটোৱে মহিলাৰ বিৰুদ্ধে হিংসা সমাপ্ত কৰাৰ বাবে ইয়াৰ যুঁজৰ এক বিতং খচৰা প্ৰস্তুত কৰে। একেবছৰে ই নিৰ্ভয়া সমাৰোহ অনুষ্ঠিত কৰিছিল। ২০১৪ চনত আন্দোলনটোৱে ভাৰতৰ সকলো ৰাজ্য চৰকাৰৰ বাবে চাৰি দফা চাৰ্টাৰ অফ ডিমাণ্ড বা ন্যায্য দাবীৰ তালিকা মুকলি কৰে। একে বছৰতে ই নিৰ্ভয়া বাহিনী আৰম্ভ কৰে। এই বাহিনীত সমগ্ৰ ভাৰতৰ ১০,০০০ৰো অধিক স্বেচ্ছাসেৱক আছে। তেওঁলোকে জনমত সংগ্ৰহ কৰি ইয়াৰ চাৰি দফা দাবীৰ কাৰ্যকৰীকৰণৰ বাবে এক নিৰন্তৰ অভিযানত লিপ্ত হয়।৪৩
চাৰি দফাযুক্ত ন্যায্যদাবীৰ তালিকা
২০১৪ চনত মানসী প্ৰধানৰ নেতৃত্বত মহিলাৰ সন্মানৰ বাবে ৰাষ্ট্ৰীয় অভিযানে ভাৰতৰ সকলো ৰাজ্য চৰকাৰৰ বাবে চাৰি দফাৰ চাৰ্টাৰ মুকলি কৰে। এই দাবীৰ তালিকাখনে আন্দোলনৰ এক আধাৰশিলা গঠন কৰিছে আৰু কেইবাখনো ৰাজ্য চৰকাৰক উপযুক্ত সংশোধন কৰিবলৈ প্ৰেৰণা দিছে। সেই চাৰিটা দাবী হৈছে:
- সুৰাৰ ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ কৰা
- শৈক্ষিক পাঠ্যক্ৰমৰ অংশ হিচাপে মহিলাসকলৰ বাবে আত্ম-প্ৰতিৰক্ষা প্ৰশিক্ষণ দিয়া
- প্ৰতিখন জিলাত মহিলা সুৰক্ষাৰ বাবে বিশেষ সুৰক্ষা বাহিনী গঠন কৰা
- ফাষ্ট-ট্ৰেক আদালত আৰু প্ৰতিখন জিলাত মহিলাৰ বিৰুদ্ধে অপৰাধৰ বাবে বিশেষ অনুসন্ধান আৰু মোকৰ্দমা শাখা স্থাপন কৰা৪২৪৪
সাহিত্যকৰ্ম
মানসী প্ৰধান এজন প্ৰশংসিত লেখক আৰু কবি। তেওঁৰ চতুৰ্থখন কিতাপ 'উৰ্মি-ও-উচ্চৱাছ' আঠটা প্ৰধান ভাষালৈ অনুবাদ কৰা হৈছে।২০৪৫৪৬
তথ্যসূত্ৰ
- ↑ (8 March 2014). President Confers Stree Shakti Puruskar on International Women's Day. Press Information Bureau, Government of India
- ↑ (24 November 2016). Manasi among World's top feminists. The Pioneer
- ↑ (2017-02-09). These women's rights activists inspire us to fight for equality. One.org, Washington, DC
- ↑ Manasi Pradhan wins Rani Laxmibai Puraskar
- ↑ Delhi gangrape victim continues to embolden Indian women - Matters India
- ↑ (2013-04-26). At Chilika meet, rural women vow to fight against violence. Daily Pioneer. Dailypioneer.com
- ↑ Vu Thu Ha. (29 September 2017). World needs empowered women more than ever. Vietnem News
- ↑ (7 March 2014). Rani Laxmibai Stree Shakti Puraskar for Manasi Pradhan. Statesman
- ↑ NameBright - Coming Soon
- ↑ (5 March 2017). Women Reformers: Breaching Bastions. Sulabh International
- ↑ (8 March 2018). Giving Wings to Fly. Hindustan Times. Hindustan Times Newspaper Ltd
- ↑ Miller, E. Ce. (14 November 2016). 20 Feminist Authors And Activists Who Will Inspire You To Get Out There And Fight. Bustle magazine, BDG Media Inc., New York City
- ↑ Ivashchenko, Ekaterina. (6 July 2017). Women's Power: 12 Feminists Any Changemaker Should Know. Welker Media Inc., Los Angeles
- ↑ (11 April 2018). Manasi Pradhan to be a Guest Speaker at Oxford Union. SheThePeople.TV
- ↑ (10 April 2018). Activist at Oxford Union. The Telegraph
- ↑ (6 June 2018). Manasi Pradhan. The Oxford Union, Oxford, United Kingdom
- ↑ (9 April 2018). Manasi Pradhan invited to speak at the Oxford Union. The Pioneer
- ↑ Stree Shakti Puraskar
- ↑ (21 April 2014). Change in both men, women's mindsets needed'. Daily Pioneer
- ↑ (2010-08-20). I & B Ministry appoints Manasi Pradhan as Censor Board advisory member - Trade News. BollywoodTrade.com
- ↑ (12 November 2013). Women's Panel to probe teacher's murder. NDTV
- ↑ (2 February 2014). Chilika circuit not safe for women, says NCW. Times of India
- ↑ (8 December 2013). Serious loopholes in Women Security
- ↑ (20 September 2012). NCW for Judicial Probe into Woman Constable Assault. Outlook India. news.outlookindia.com
- ↑ Tyagi, Dev. (2017-11-20). Manasi Pradhan: Meet One of India's Finest Unsung Women Heroes. Rapidleaks
- ↑ (13 March 2018). Standing up for Women. Orissa Post. Dharitri Newspaper Group
- ↑ (23 February 2018). Manasi Pradhan to get the Women of Wonder award. Khouj.com. Khouj News
- ↑ (10 February 2018). Women Role Models. Handwork of India
- ↑ महिला हिंसा के खिलाफ आवाज़ उठाती मानसी प्रधान. Lok Bharat Media Network
- ↑ Story of Manasi Pradhan. First Stone Foundation
- ↑ Manasi Pradhan – The Social Reformer. JanManch TV
- ↑ Manasi Pradhan wins Rani Laxmibai Puraskar. Orissa Post
- ↑ An interview with Manasi Pradhan. The YP Foundation
- ↑ Manasi Pradhan biography. www.notedlife.com
- ↑ 5 Most Inspiring Women Social Workers around the World. Women’s Day
- ↑ Women Entrepreneur contribution to Indian Economy. DVS International Journal of Multi-Disciplinary Research, ISSN No.2454-7522, Issue: 08 Vol:02, No.4 April–June 2017
- ↑ (4 July 2014). Women's Rights Stall at Puri. The Pioneer
- ↑ (26 June 2013). Roadmap drawn for rural women empowerment
- ↑ (13 April 2015). Three strategies to cut violence against women. The Pioneer
- ↑ Manasi Pradhan. The Hindu
- ↑ (26 April 2013). Rural women vow to fight against violence. The Pioneer
- ↑ Three-pronged Strategy to Curb Crime Against Women. The Indian Express
- ↑ (21 December 2013). Nirbhaya Vahini to fight violence against women. The Pioneer
- ↑ (5 March 2018). The Most Courageous Act done to bring Change in India. The Open Page
- ↑ (20 August 2010). Manasi Pradhan is advisory panel member of Censor Board. IndianTelevision.com
- ↑ (15 September 2016). Manasi Pradhan: Odisha's daughter
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানসী প্ৰধান” প্ৰবন্ধৰ সংশোধন ৬১৬১০৩ (৭ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।