শ্ৰীলাল শুক্লা (Shrilal Shukla; জন্ম: ৩১ ডিচেম্বৰ, ১৯২৫ – ২৮ অক্টোবৰ, ২০১১১)) এজন হিন্দী ভাষাৰ লেখক, যাক তেওঁৰ ব্যংগ লেখাৰ বাবে জনা যায়। তেওঁ উত্তৰ প্ৰদেশ চৰকাৰৰ এজন পিচিএচ (প্ৰিন্সিপাল চিভিল চাৰ্ভিছ) বিষয়া ৰূপে কৰ্মৰত আছিল, পিছত তেওঁ আই এ এছ লাভ কৰে। তেওঁ ৰাগ দৰবাৰী, মকান, চুনি ঘাটি কা সূৰজ, পেহলা পড়াৱ আৰু বিশ্ৰামপুৰ কা সন্ত আদিকে ধৰি প্ৰায় পঁচিশখন কিতাপ লিখিছে।২ ৰাগ দৰবাৰী হ'ল তেওঁৰ বহুপঠিত আৰু আটাইতকৈ জনপ্ৰিয় কিতাপ। কিতাপখন ইংৰাজী আৰু আন ১৫টা ভাৰতীয় ভাষালৈ অনূদিত হৈছে। এই কিতাপখনৰ কাহিনীৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা এখন দূৰদৰ্শন ধাৰাবাহিক ১৯৮০ চনত কেইবামাহো ধৰি ৰাষ্ট্ৰীয় চেনেলত চলিছিল। হিন্দুস্তান আলোচনীত তেওঁ লিখা এখন ডিটেকটিভ্ উপন্যাস ধাৰাবাহিককৈ প্ৰকাশ হৈছিল।
২০১১ চনত, শুক্লাই ভাৰতৰ সৰ্বোচ্চ সাহিত্যিক সম্মান জ্ঞানপীঠ বঁটা লাভ কৰে। তেওঁ লাভ কৰা প্ৰথমটো মুখ্য বঁটা আছিল সাহিত্য অকাডেমি বঁটা। ১৯৬৯ চনত ৰাগ দৰবাৰীৰ বাবে তেওঁ এই বঁটা লাভ কৰিছিল। ১৯৯৯ চনত তেওঁ তেওঁৰ উপন্যাস বিশ্ৰামপুৰ কা সন্তৰ বাবে ব্যাস পুৰস্কাৰ২৩ আৰু ২০০৮ চনত ভাৰতীয় সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক পদ্মভূষণ প্ৰদান কৰা হয়।৪
তথ্যসূত্ৰ
- ↑ Noted Hindi Novelist and Satirist Shrilal Shukla Passed Away. Jagranjosh.com
- ↑ Vyas Samman 1999
- ↑ (15 December 1999). Vyas Samman for Shreelal Shukla. The Tribune
- ↑ Padma Bhushan Official listings ভাৰত চৰকাৰ website
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰীলাল শুক্লা” প্ৰবন্ধৰ সংশোধন ৬২৬৩১৬ (১১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।