প্ৰীতি শ্বিনয় (Preeti Shenoy) হৈছে এগৰাকী ভাৰতীয় লেখিকা। ২০০৮ চনত '34 Bubblegums and Candies' নামৰ গ্ৰন্থখনৰে লেখিকাৰ জীৱন আৰম্ভ কৰা প্ৰীতিৰ এতিয়ালৈকে তেৰখন উপন্যাস/অকাহিনীমূলক গ্ৰন্থ প্ৰকাশিত হৈছে। ইয়াৰে একাধিক গ্ৰন্থয়েই ৰাষ্ট্ৰীয় পৰ্যায়ত 'বেষ্টছেলাৰ'ৰ মৰ্যাদা লাভ কৰিছে।১ ২০১৩ চনৰ পৰা প্ৰীতি শ্বিনয়ৰ নামটো ফৰ্বছৰ এশগৰাকী প্ৰভাৱশালী চেলিব্ৰেটিৰ তালিকালৈ ক্ৰমাগতভাৱে মনোনীত হৈ আহিছে।২ প্ৰীতি ব্ৰেণ্ডছ একাডেমীৰ তৰফৰ পৰা "বৰ্ষটোৰ ভাৰতীয়" বঁটা লাভ কৰিছিল।৩ নিউ দিল্লী মেনেজমেণ্ট ইনষ্টিটিউটৰ পৰা তেখেতে বিজিনেছ এক্সিলেন্স বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।৪ ভাৰতৰ জনপ্ৰিয় সংবাদগোষ্ঠী 'ইণ্ডিয়া টুডে'য়ে প্ৰীতি শ্বিনয়ক 'সৰ্বাধিক গ্ৰন্থ বিক্ৰী হোৱা শাখাৰ একমাত্ৰ নাৰী' হিচাপে চিহ্নিত কৰিছে।৫
আনহাতে 'ডেইলি নিউজ এণ্ড এনালাইছিছ'-এ তেখেতক "তীক্ষ্ণ পৰ্যবেক্ষণশীল মনৰ গৰাকী" আখ্যা দিছে। 'দ্য টাইমছ অৱ ইণ্ডিয়া'ই তেখেতেৰ লিখনিক "মনোৰম কথনশৈলীৰে দক্ষ' বুলি অভিহিত কৰে। 'কছমোপলিটান' আলোচনীয়ে প্ৰীতি শ্বিনয়ক "ভাৰতৰ জনপ্ৰিয় লেখকসকলৰ অন্তৰ্গত" বুলি অভিহিত কৰিছে।৬ প্ৰীতি শ্বিনয় বাৰ্মিংহাম সাহিত্যিক মহোৎসৱৰ এগৰাকী কেন্দ্ৰীয় বক্তা।৭ এইখনি মহোৎসৱতে 'A Hundred Little Flames' গ্ৰন্থখনৰ বেটুপাতো মুকলি কৰা হৈছিল।৮৯
প্ৰাৰম্ভিক জীৱন
১৯৭১ চনত প্ৰীতি শ্বিনয়ৰ জন্ম হৈছিল। তেখেতে কেইবাখনো কেন্দ্ৰীয় বিদ্যালয়ত পঢ়াশুনা কৰিছিল। অৱশ্যে শৈশৱৰ কালছোৱাতেই তেখেতে কলা আৰু লেখা-মেলাৰ প্ৰতি আগ্ৰহ দেখুৱাইছিল। চিত্ৰাঙ্কনত ৰাপ থকাৰ বাবে তেখেতে কলা শাখাত এটা পাঠ্যক্ৰম গ্ৰহণ কৰে। ইউনাইটেড কিংগডম বিশ্ববিদ্যালয়ৰ পৰা প্ৰীতি শ্বিনয়ে পৰৱৰ্তী সময়ত পৰ্ট্ৰেইট পেইণ্টিঙত ডিগ্ৰী অৰ্জন কৰে। ২০০৮ চনত প্ৰকাশিত হোৱা ‘34 Bubblegums and Candies’ আছিল তেখেতৰ প্ৰথমখন গ্ৰন্থ। এইখনি গ্ৰন্থত কিছুমান বাস্তৱনিৰ্ভৰ চুটি গল্প সন্নিৱিষ্ট হৈছিল।১০
সাহিত্যিক জীৱন
থাৰ্টি ফ'ৰ বাবলগামছ এণ্ড কেণ্ডিছ (34 Bubblegums and Candies) 'থাৰ্টি ফ'ৰ বাবলগামছ এণ্ড কেণ্ডিছ' হৈছে কেইখনমান অভিজ্ঞতালব্ধ সংক্ষিপ্ত ৰচনাৰ সংকলন। গ্ৰন্থখনৰ নামটোৱে মানুহে জীৱনত অজানিতে অৱজ্ঞা কৰা সৰু-সৰু ঘটনাবোৰক প্ৰতিনিধিত্ব কৰিছে। লেখনশৈলীত হাস্যৰস বিদ্যমান। গ্ৰন্থখনত ৩৪টা বাস্তৱ-নিৰ্ভৰ অভিজ্ঞতা সন্নিৱিষ্ট হৈছে। এই গ্ৰন্থখন ২০০৮ চনত প্ৰকাশিত হৈছিল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বেষ্টছেলাৰ হিচাপে পৰিগণিত হৈছিল।১১
লাইফ ইজ হোৱাট ইউ মেক ইট (Life Is What You Make It) এইখন প্ৰীতি শ্বিনয়ৰ দ্বিতীয়খন গ্ৰন্থ। ২০১১ চনৰ ১ জানুৱাৰীত প্ৰকাশিত হোৱা এই উপন্যাসখনো শীঘ্ৰেই ৰাষ্ট্ৰীয় পৰ্যায়ত বেষ্টছেলাৰ হিচাপে বিবেচিত হয়। ২০১১ বৰ্ষৰ শীৰ্ষস্থানীয় গ্ৰন্থৰ তালিকাতো স্থানলাভ কৰা গ্ৰন্থখনক টাইমছ অৱ ইণ্ডিয়াৰ ২০১১ চনৰ বেষ্টছেলাৰ তালিকাতো দেখিবলৈ পোৱা যায়। গ্ৰন্থখনত অংকিতা নামৰ এগৰাকী ৰোগাক্ৰান্ত যুৱতীৰ জীৱন অংকিত কৰা হৈছে আৰু কিদৰে সেই যুৱতীয়ে জীৱনৰ কঠিন প্ৰত্যাহ্বানসমূহৰ মুখামুখি হয়-সেইয়া উপন্যাসখনিত উপস্থাপিত হৈছে।১০
প্ৰীতি শ্বিনয়ৰ শেহতীয়া গ্ৰন্থখন হৈছে 'দ্য মেজিক মাইণ্ডছেট'। এইখন গ্ৰন্থ ২০২১ চনৰ ছেপ্টেম্বৰ মাহত হাৰ্পাৰ কলিন্সে প্ৰকাশ কৰিছে।১২
গ্ৰন্থপুঞ্জী
প্ৰীতি শ্বিনয়ৰ গ্ৰন্থসমূহৰ নাম তলত উল্লেখ কৰা হ'ল:
- Shenoy, P. (২০০৮). 34 Bubblegums and Candies. Srishti Publishers. ISBN 978-81-88575-68-8
- Shenoy, P. (২০১১). Life is What You Make it. Srishti Publishers & Distributors. ISBN 978-93-80349-30-5
- Shenoy, P. (২০১২). Tea for Two and a Piece of Cake. Random House Publishers India Pvt. Limited. ISBN 978-81-8400-127-3
- Shenoy, P. (২০১২). The Secret Wish List. Westland Limited. ISBN 978-93-82618-18-8
- Shenoy, P. (২০১৩). The One You Cannot Have. Westland Limited. ISBN 978-93-83260-68-3
- Shenoy, P. (২০১৪). It Happens for a Reason. Westland Limited. ISBN 978-93-84030-74-2
- Shenoy, P. (২০১৫). Love, Kisses and All Things Warm. Westland Limited. ISBN 978-93-84030-97-1
- Shenoy, P. (২০১৫). Why We Love The Way We Do. Westland Limited. ISBN 978-93-85724-18-3
- Shenoy, P. (২০১৬). It's All in the Planet's. Westland Limited. ISBN 978-93-86036-45-2
- Shenoy, P. (২০১৭). A Hundred Little Flames. Westland Publications Limited. ISBN 978-93-86850-42-3
- Shenoy, P. (২০১৮). Love A Little Stronger. Srishti Publishers & Distributors. ISBN 978-93-87022-13-3
- Shenoy, P. (২০১৮). The Rule Breakers. Westland. ISBN 978-93-87578-67-8
- Shenoy, P. (২০১৯). Wake Up, Life is Calling. Srishti Publishers & Distributors. ISBN 978-93-87022-60-7
- Shenoy, P. (২০২১). The Magic Mindset: How to Find Your Happy Place. HarperCollins. ISBN 978-93-54227-73-8
তথ্যসূত্ৰ
- ↑ Nielsen India Consumer Rankings. Nielsen.com
- ↑ Forbes India Celebrity 100 Nominees List for 2015; Forbes India Blog. Forbesindia.com Forbes Celebrity 100 Nominees List 2014. Forbes India Forbes Celebrity 100 Nominees List 2013. Forbes India
- ↑ DESIblitz presents Asian Literature at Birmingham Literature Festival 2017. Business Standard
- ↑ It is written in the stars. The Hindu
- ↑ A League of Their Own. India Today
- ↑ Preeti Shenoy
- ↑ DESIblitz presents Asian Literature at Birmingham Literature Festival 2017. DESIblitz
- ↑ Author Preeti Shenoy Unveils the Cover of Her New Book A Hundred Little Flames at Birmingham Literary Festival 2017. International News and Views
- ↑ Stories Crossing Borders: An Afternoon with Preeti. The Box
- ↑ (4th May 2020). Preeti Shenoy. Authors
- ↑ (15 October 2008). Life is beautiful. The Hindu
- ↑ preetishenoy.com/book/the-magic-mindset/
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰীতি শ্বিনয়” প্ৰবন্ধৰ সংশোধন ৬৩৯৯৯৮ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।