মাইলাপুৰ গৌৰী আম্মাল ( Mylapore Gowri Ammal; ১৮৯২–১৯৭১) ভাৰতৰ এগৰাকী ভাৰতনাট্যম নৃত্যশিল্পী আছিল। তেওঁক মাইলাপুৰ গৌৰী আম্মা নামেৰেও জনা যায়। তেওঁ মাইলাপুৰৰ কপালেশ্বৰ মন্দিৰত নৰ্তকী আছিল। ১৯৫৯ চনত তেওঁ সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত কৰা হয়।
জীৱনী
১৮৯২ চনত, তামিলনাডুৰ মাইলাপুৰৰ এটা দেৱদাসী পৰিয়ালত গৌৰী আম্মালৰ জন্ম হৈছিল।১ তাইৰ মাক দোৰাইকন্নু আম্মালও আছিল এগৰাকী নৰ্তকী। মাক আৰু নেল্লুৰু মুনুস্বামী নট্টুৱনাৰৰ পৰা তেওঁ নৃত্য শিকিছিল। মন্দিৰৰ নৰ্তকী পৰিয়ালত জন্মগ্ৰহণ কৰা গৌৰী আম্মা মাইলাপুৰৰ কপালেশ্বৰ মন্দিৰত সেৱা আগবঢ়োৱা শেষ ব্যক্তি আছিল।[3] কপালেশ্বৰ মন্দিৰৰ ফালৰ পৰা দিয়া সৰু ঘৰ এটাত তেওঁ বাস কৰিছিল, যেতিয়ালৈকে মন্দিৰত নৃত্য নিষিদ্ধ কৰা আইন প্ৰণয়ন হোৱা নাছিল।২ নিজৰ সংৰক্ষকতা আৰু ঘৰ হেৰুৱাই গোটেই জীৱন যুৰি তেওঁ নৃত্য শিকাই ব্যতীত কৰিছিল।
১৯৭১ চনৰ ২২ জানুৱাৰীত তেওঁৰ মৃত্যু হয়।৩
সন্মান
- ১৯৫৯: ভাৰতনাট্যম শাখাত সংগীত নাটক একাডেমী বঁটা।
তথ্যসূত্ৰ
- ↑ Viswanathan, Lakshmi. (2021-08-26). Gowri Ammal's place in the annals. The Hindu
- ↑ (2021-01-21). From the Archives (January 22, 1971): Mylapore Gowri Amma. The Hindu
- ↑ (2023-09-10). There's more to mylai than kapali. www.dtnext.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাইলাপুৰ গৌৰী আম্মাল” প্ৰবন্ধৰ সংশোধন ৪৮৯৬৩২ (৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।