অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুন্দৰী কে শ্ৰীধৰণী

সুন্দৰী কে শ্ৰীধৰণী ( Sundari K. Shridharani; ৬ এপ্ৰিল ১৯২৫ – ৭ এপ্ৰিল ২০১২) ১৯৫০ চনত প্ৰতিষ্ঠা কৰা বহু কলা প্ৰতিষ্ঠান ত্ৰিবেণী কলা সংগমৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক আছিল।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ২৪৭ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

সুন্দৰী কে শ্ৰীধৰণী ( Sundari K. Shridharani; ৬ এপ্ৰিল ১৯২৫ – ৭ এপ্ৰিল ২০১২) ১৯৫০ চনত প্ৰতিষ্ঠা কৰা বহু কলা প্ৰতিষ্ঠান ত্ৰিবেণী কলা সংগমৰ প্ৰতিষ্ঠাপক আৰু পৰিচালক আছিল।

প্ৰাৰম্ভিক জীৱন

ব্ৰিটিছ ভাৰতৰ সিন্ধৰ হায়দৰাবাদত জন্মগ্ৰহণ কৰা শ্ৰীধৰণীয়ে শান্তিনিকেতনত থকাৰ সময়তে নৃত্য শিকিবলৈ আৰম্ভ কৰে। তাৰ পিছত উদয় শংকৰৰ আলমোৰাত থকা ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰত যোগদান কৰে, য’ত তেওঁ গুৰু শংকৰন নাম্বুদিৰীৰ অধীনত কথকলি আৰু গুৰু আমুবি সিঙৰ অধীনত মণিপুৰী নৃত্যৰ প্ৰশিক্ষণ লয়। তেওঁ লণ্ডনৰ জিনাৰ মাৱাৰ স্কুল অৱ ডান্স এণ্ড ড্ৰামাৰ পৰা গ্ৰীক নৃত্য শিকে।১ কবি, নাট্যকাৰ আৰু সাংবাদিক কৃষ্ণলাল শ্ৰীধৰণীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।

কৰ্মজীৱন

১৯৪৭ চনত প্ৰাগত প্ৰথম আন্তৰ্জাতিক যুৱ মহোৎসৱত তেওঁ অনুষ্ঠান পৰিৱেশন কৰে আৰু ১৯৫০ চনত তেওঁ ফুলব্ৰাইট ফেল'শ্বিপ লাভ কৰে। লগতে লছ এঞ্জেলছৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰাও বৃত্তি লাভ কৰে, যাৰ দ্বাৰা তেওঁ আমেৰিকাৰ কেইবাখনো বিশ্ববিদ্যালয় ভ্ৰমণ কৰি ভাৰতীয় নৃত্যৰ বিষয়ে বক্তৃতা-প্ৰদৰ্শন দিয়ে।২

বিয়াৰ পিছত তেওঁ দিল্লীলৈ স্থানান্তৰ হয় আৰু ১৯৫০ চনত ত্ৰিবেণী কলা সংগম আৰম্ভ কৰে। এই প্ৰতিষ্ঠানখন দিল্লীৰ কনাটপ্লেচৰ এটা কফি হাউছৰ ওপৰৰ এটা কোঠা আৰু টেৰেচৰ পৰা আৰম্ভ হৈছিল, য’ত বিখ্যাত শিল্পী কে এছ কুলকাৰ্ণীৰ অধীনত দুজন ছাত্ৰ আছিল। সোনকালেই তেওঁৰ এই প্ৰচেষ্টা দৃষ্টিগোচৰ হ’ল আৰু পণ্ডিত নেহৰুৱে তেওঁক প্ৰতিষ্ঠানটোৰ বাবে আধা একৰ মাটি আবণ্টন দিয়ে। লাহে লাহে তেওঁ এটা দল সংগঠিত কৰি কনচাৰ্টৰ আয়োজন কৰিবলৈ ধৰিলে। এনেকৈয়ে ধন সংগ্ৰহ কৰি অৱশেষত ১৯৫৭ চনৰ আশে-পাশে প্ৰতিষ্ঠানখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয় আৰু শেষত ১৯৬৩ চনৰ ৩ মাৰ্চত বৰ্তমানৰ ভৱনটো উদ্বোধন কৰা হয়।৩

সন্মান

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (3 September 2000). Prima donna. The Tribune
  2. ↑ Smt Sundari Krishnalal Shridharani. Sangeet Natak Akademi
  3. ↑ (28 August 2010). Art of aesthetics. দ্য হিন্দু

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নৃত্যশিল্পীপদ্মশ্ৰী বঁটা বিজয়ীসংগীত নাটক একাডেমী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুন্দৰী কে শ্ৰীধৰণী” প্ৰবন্ধৰ সংশোধন ৬৪০২৮২ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।