অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰতিষ্ঠা শৰ্মা

প্ৰতিষ্ঠা শৰ্মা (Pratishtha Sharma) হৈছে এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী। তেখেত আচাৰ্যা প্ৰতিষ্ঠা হিচাপে কৰ্মৰত। প্ৰতিষ্ঠা শৰ্মা এগৰাকী যোগৰ শিক্ষক আৰু প্ৰসাৰকো। তেখেতে "ভাৰত কলেজ অৱ পাৰফৰ্মিং আৰ্ট" নামৰ শিক্ষানুষ্ঠানখনি স্থাপন কৰে।

হালনাগাদ: ১২ জানুৱাৰী ২০২৬ ২৯৯ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

প্ৰতিষ্ঠা শৰ্মা (Pratishtha Sharma) হৈছে এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী। তেখেত আচাৰ্যা প্ৰতিষ্ঠা হিচাপে কৰ্মৰত।১ প্ৰতিষ্ঠা শৰ্মা এগৰাকী যোগৰ শিক্ষক আৰু প্ৰসাৰকো। তেখেতে "ভাৰত কলেজ অৱ পাৰফৰ্মিং আৰ্ট" নামৰ শিক্ষানুষ্ঠানখনি স্থাপন কৰে।

কৰ্মজীৱন

প্ৰতিষ্ঠা শৰ্মাই তেখেতৰ পিতৃ আৰু গুৰু শংকৰ আপ্টে কথক কেন্দ্ৰৰ পৰা যোগৰ শিক্ষা গ্ৰহণ কৰে। ২০০৭ চনৰ ২ অক্টোবৰত জি নেটৱৰ্কে তেখেতক "সবাতোকৈ তৰুণ যোগাচাৰ্য" আৰু "মাইণ্ড থেৰাপিষ্ট" হিচাপে ঘোষণা কৰে। তেখেতৰ যোগৰ অনুষ্ঠান হৈছে জাগো ভাৰত ধ্যান যোগ আন্দোলন। এই অনুষ্ঠানটো জি জাগৰণ চেনেলটোত দৈনিক তিনিবাৰকৈ সম্প্ৰচাৰিত হয়। আইচিচি জোহান্সবাৰ্গত তেখেতক ভাৰতৰ সাংস্কৃতিক সংলগ্নকাৰী "যোগ গুৰু" আৰু "কথক" প্ৰদৰ্শনকাৰীৰ দায়িত্ব পালন কৰে। ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰণালয়ৰ "অতুলনীয় ভাৰত" বিজ্ঞাপনধৰ্মী অভিযানটোতো তেখেতে প্ৰদৰ্শন কৰে।২৩ ছাত্ৰী হিচাপে তেখেতে গুৰু ৰাজেন্দ্ৰ গংগানীৰ দৰে কথক গুৰুৰ সান্নিধ্য লাভ কৰে।৪ গুৰু জয়কিশান মহাৰাজ আৰু গুৰু গীতাঞ্জলী লালৰ অধীনতো তেখেতে প্ৰশিক্ষণ লাভ কৰে।২৩

টেলিভিছন ব্যক্তিত্ব

প্ৰতিষ্ঠা শৰ্মাই বিভিন্ন টিভি চেনেলৰ বাবে ২১টাকৈ টিভি অনুষ্ঠান পৰিৱেশন কৰিছে। সেই চেনেলসমূহৰ ভিতৰত জি জাগৰণ চেনেল, জি নিউজ, ইণ্ডিয়া টিভি, ফ'কাছ টিভি, ইটিভি, টোটেল টিভি, ফকাছ টিভি, ইটিভি, জি নিউজ উত্তৰ প্ৰদেশ, শ্ৰী নিউজ, নক্ষত্ৰ নিউজ, এবিপি নিউজ আদি। ইয়াৰ উপৰি তেখেতে কিশোৰ অৱস্থাৰ কেতবোৰ সমস্যাৰ ভিত্তিত "দ্য বেলেঞ্চিং এক্ট উইথ প্ৰতিষ্ঠা" নামৰ অনুষ্ঠানটো প্ৰযোজনা আৰু সংৰচনা কৰে। এবিপি নিউজত সম্প্ৰচাৰিত হোৱা তেখেতৰ অনুষ্ঠান "ডো মিনিট মে যোগ" এটা জনপ্ৰিয় অনুষ্ঠান।৫ আজ টক, আইবিএন ছেভেন, নিউজ ২৪, ইণ্ডিয়া টিভিৰ দৰে চেনেলে প্ৰতিষ্ঠা শৰ্মাক বিভিন্ন বাৰ্তালাপৰ অনুষ্ঠান আৰু তৰ্কানুষ্ঠানলৈ নিমন্ত্ৰিত কৰি আহিছে।৬

লেখিকাৰ ৰূপত

প্ৰতিষ্ঠা শৰআই ভাৰতৰ জাগৰণ গ্ৰুপৰ সখী আলোচনীৰ বাবে যোগ-সম্পৰ্কীয় বিভিন্ন লেখা লিখি আহিছে।৭ ইয়াৰ উপৰি আমেৰিকাৰ তথাস্তু আলোচনীৰ বাবেও তেখেতে কিছু লেখা লিখিছে। মাত্ৰ ২৫ বছৰ বয়সতে তেখেতে জীৱনৰ প্ৰথমখন গ্ৰন্থ প্ৰকাশ কৰে। গ্ৰন্থখন প্ৰকাশ কৰিছিল মোক্ষায়তন ইণ্টাৰনেশ্যনে যোগাশ্ৰমে।৮ ইংৰাজী আৰু বাহাছা ইণ্ডোনেছিয়া ভাষাত লিখা তেখেতৰ আন এখন গ্ৰন্থ "Essential Elements of Kathak" হৈছে কথন নৃত্যৰ ওপৰত আধাৰিত। গ্ৰন্থখন জাকাৰ্টাৰ ইণ্ডিয়ান দূতাবাসে প্ৰকাশ কৰে।৯

ভাৰতবৰ্ষৰ সাংস্কৃতিক দূত

ভাৰতীয় কলা আৰু সংস্কৃতিৰ বাৰ্তা কঢ়িয়াই প্ৰতিষ্ঠা শৰ্মাই ভালেকেইখন দেশ ভ্ৰমণ কৰিছে।১০ ভাৰতীয় সংস্কৃতিৰ প্ৰসাৰৰ হকে তেখেতে ব্যক্তিগতভাৱেও কিছুমান উদ্যোগ লৈছে।১১

নৃত্য পৰিচালক আৰু প্ৰদৰ্শনকাৰী

কমেও ২৫টা নৃত্য প্ৰযোজনাত প্ৰতিষ্ঠা শৰ্মাই নৃত্য প্ৰদৰ্শন কৰিছে। সেইসমূহ নৃত্য তেখেতেই পৰিচালনাও কৰিছে। ২০১৪ চনত "ASEAN" সভাত তেখেতে ভাৰতক প্ৰতিনিধিত্ব কৰি এটা সাংস্কৃতিক কাৰ্যাৱলী উপস্থাপন কৰে। ২০১৫ চনৰ মিছ ইণ্ডিয়া ইণ্ডোনেছিয়া অনুষ্ঠানতো তেখেতে অনুষ্ঠান পৰিৱেশন কৰিছিল।১২১৩ তেখেতৰ দ্বাৰা পৰিচালিত সৰ্বাধিক জনপ্ৰিয় নৃত্যানুষ্ঠানটো হৈছে 'Krishna the perfection'। এইটো নৃত্যানুষ্ঠান হৈছে কথক নৃত্যৰ দ্বাৰা পৰিৱেশিত একধৰণৰ সাংগীতিক কাহিনী। অনুষ্ঠানটো সমগ্ৰ বিশ্বতে ১৫০বাৰতকৈও অধিক পৰিৱেশন কৰা হৈছে।১৪১৫

তথ্যসূত্ৰ

  1. ↑ (1 June 2007). Kathak dancer enthralls audience. Hindustan Times
  2. ↑ ArtScape biography
  3. ↑ Acharya Pratishtha biography. Indian Kalakar
  4. ↑ (30 September 2005). Entertainment Delhi\Dance: Curtains up. The Hindu
  5. ↑ (12 June 2017). 2 minute me Yog by ACHARYA PRATISHTHA. ABP News
  6. ↑ The balancing act with pratishtha - Zee jagran's new program - of teens, for teens.. indiantelevision.com
  7. ↑ THE Gaursons Times:- A Gaursons India Limited Publication (Fortnightly News Paper). gaursonstimes.com
  8. ↑ Acharya Pratishtha. (8 January 2013). Yoga for the busy woman
  9. ↑ Her Book launched by ambassador of India News from Jakarta clearly mentioned about book name etc/https://www.oneindia.com/international/republic-day-celebrated-with-fervour-in-jakarta-1383431.html
  10. ↑ Ministry of External affairs. (1 Mar 2010). Acharya Pratishtha visited Gulf countries for performance through ICCR
  11. ↑ ICCR, Government of India. (10 January 2015). Acharya Pratishtha Performed in international women foundation day, Jakarta
  12. ↑ Anon. (24 September 2013). चीफ कोरियोग्राफर बनी प्रतिष्ठा. Sarahanpur. Jagran – News with photo about her appointed as the chief choreographer at festival weave of friendship organized by government of India with joint venture with government of Indonesia to celebrate the year of 100th years of Indian film Industry
  13. ↑ Anon. (November 2014). Kathak Dance Performance. Newsletter November-December 2014. Indian Council for Cultural Relations. পৃ. 4 – News on government of India portal of ICCR Ministry of external affairs india news letter in which news on her when Ms. Pratishtha Sharma performed with her students for charity function by International women foundation in front of president of Indonesia Mr.Jokowi as chief Guest
  14. ↑ Anon. (1 February 2017). Krishna's Life Depicted Through Kathak. The Tribune (India) · Chandigarh · Community – News about her presentation "Krishan-the perfection" with her 14 students at the Tagore theatre, Chandigarh, India during the "Basant festival". She performed this ballet more than 100 times in many countries including around the Gulf
  15. ↑ Anon. (1 February 2017). Dance of Faith. Indian Express - Photograph with caption

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নৃত্যশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰতিষ্ঠা শৰ্মা” প্ৰবন্ধৰ সংশোধন ৫৬৯৩৪৭ (১২ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।