অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সবিতা শাস্ত্ৰী

সবিতা শাস্ত্ৰী (Savitha Sastry) হৈছে এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু কৰিঅ'গ্ৰাফাৰ। তেখেতক ভাৰতনাট্যমৰ এগৰাকী শীৰ্ষস্থানীয় শিল্পী হিচাপে গণ্য কৰা হয়। ভাৰতনাট্যমৰ পৰম্পৰাগত শৈলী আৰু উপস্থাপনক লৈ তেওঁ কেতবোৰ সম্পৰীক্ষা কৰিছে। তাৰ বাবে উপন্যাস, গল্পৰ বিষয়বস্তুনিৰ্ভৰ পৰিৱেশনশৈলীৰ সহায় লৈছে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩৯১ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

সবিতা শাস্ত্ৰী (Savitha Sastry) হৈছে এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু কৰিঅ'গ্ৰাফাৰ। তেখেতক ভাৰতনাট্যমৰ এগৰাকী শীৰ্ষস্থানীয় শিল্পী হিচাপে গণ্য কৰা হয়। ভাৰতনাট্যমৰ পৰম্পৰাগত শৈলী আৰু উপস্থাপনক লৈ তেওঁ কেতবোৰ সম্পৰীক্ষা কৰিছে। তাৰ বাবে উপন্যাস, গল্পৰ বিষয়বস্তুনিৰ্ভৰ পৰিৱেশনশৈলীৰ সহায় লৈছে।১২৩৪ সমালোচকৰ মতে, তেখেতৰ উদ্ভাৱনসমূহ 'যুগান্তকাৰী'।৫ একাংশৰ মতে, সবিতা শাস্ত্ৰী "ৰেনেছাঁৰ স্থপতিবিদ";৬ যিসমূহ উদ্ভাৱন ৰুক্মিণী দেৱী অৰুণদলেৰ সময়ত দেখিবলৈ পোৱা গৈছিল।৭৮

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

সবিতা সুব্ৰমণিয়ামৰ জন্ম হৈছিল হায়দৰবাদত। পৰৱৰ্তী সময়ত তেখেতে মুম্বাইত জীৱন যাপন কৰে। মুম্বাইত কিছু কাল অতিবাহিত কৰাৰ পাছত তেওঁলোকৰ পৰিয়ালটোৱে নিজৰ স্বৰাজ্য চেন্নাইলৈ যায়। ৰাজাৰাজেশ্বৰী ভাৰত নাট্য কলা মন্দিৰ, মুম্বাইত তেখেতে গুৰু মহালিংগম পিল্লাইৰ অধীনত ভাৰতনাট্যমৰ প্ৰশিক্ষণ লয়। ইয়াৰ পিচত তেখেতে আদ্যৰ কে. লক্ষ্মণ আৰু ধনঞ্জায়ানছৰ পৰা নৃত্য শিকে। চেন্নাইত থকা পিএছ ছিনিয়ৰ ছেকেণ্ডৰী বিদ্যালয়ৰ পৰা তেখেতে পঢ়াশালীয়া শিক্ষা সমাপ্ত কৰে। চেন্নাইৰে ষ্টেলা মেৰিছ কলেজৰ পৰা তেখেতে স্নাতক ডিগ্ৰী অৰ্জন কৰে।

১৯৮৬ চনত নিজৰ গুৰু আদ্যৰ কে.লক্ষ্মণৰ প্ৰযোজনাত মুক্তি লাভ কৰা তামিল ছবি আনন্দা তাণ্ডৱামত শীৰ্ষ নৃত্যশিল্পী হিচাপে নিয়োজিত হয়।৯ আমেৰিকাৰ পৰা স্নায়ুবিজ্ঞান বিষয়ত মেজৰসহ তেখেতে স্নাতকোত্তৰ শিক্ষাগ্ৰহণ কৰে।

ভাৰতনাট্যম

১৯৮০, ১৯৯০ চনত আৰু শতিকাৰ প্ৰথমটো দশকত সবিতা শাস্ত্ৰীয়ে পৰম্পৰাগত শৈলীৰ ভাৰতনাট্যম পৰিৱেশন কৰিছিল। তেখেতে Krishna: The Supreme Mystic আৰু পুৰুষাৰ্থ নামেৰে দুটি নৃত্যানুষ্ঠান এইখিনি সময়ৰ ভিতৰতে পৰিৱেশন কৰে।১০ ভাৰতনাট্যমৰ নৃত্যশিল্পী এগৰাকীৰ বিশিষ্টতাত থাকিবলগীয়া ভংগীমা আৰু কলা-কৌশল প্ৰদান কৰিব পৰাকৈ তেখেতৰ কাৰিকৰীগত দক্ষতা আছে বুলি ভবা হয়।১১ ছিডনীৰ সমালোচক হংসা ভেংকটৰ মতে,-"Savitha's crisp nritta (pure dance), clean lines and flawless aramandi was a breath of fresh air, and truly inspirational for students of dance."১২ ছান ফ্ৰান্সিকো থলুৱা নৃত্য মহোৎসৱৰ নিৰ্বাচনী মঞ্চই সবিতা শাস্ত্ৰীৰ নৃত্যক "জীৱনলৈ সঞ্চাৰিত হোৱা মন্দিৰৰ ভাস্কৰ্য" বুলি মন্তব্য কৰে।১০

উল্লেখনীয় কৰ্ম

২০০৯ চন পৰ্যন্ত শাস্ত্ৰীয়ে পৰম্পৰাগত "মৰ্গম" পৰিৱেশন কৰাৰ পৰা বিৰত হয় আৰু বিষয়বস্তু বা থিম-নিৰ্ভৰ প্ৰযোজনাৰ প্ৰতি আগ্ৰহান্বিত হয়।১৩১৪ তেখেতৰ একাংশ উল্লেখনীয় প্ৰযোজনা হৈছে-Music Within (২০১০), Soul Cages (২০১২),১৫১৬১৭১৮১৯২০২১ The Prophet: Destiny. Divinity. Doubt২২ আৰু Chains: Love Stories of Shadows (২০১৫)।

সবিতা শাস্ত্ৰীৰ এক প্ৰযোজনা 'Chains: Love Stories of Shadows'ৰ মুহূৰ্ত,২০১৫ চনৰ মুম্বাইস্থিত ভাৰতীয় পৰিৱেশ্য কলাৰ ৰাষ্ট্ৰীয় কেন্দ্ৰত।
সবিতা শাস্ত্ৰীৰ এক প্ৰযোজনা 'Chains: Love Stories of Shadows'ৰ মুহূৰ্ত,২০১৫ চনৰ মুম্বাইস্থিত ভাৰতীয় পৰিৱেশ্য কলাৰ ৰাষ্ট্ৰীয় কেন্দ্ৰত।ছবি: Sxa93 · CC BY-SA 4.0

শাস্ত্ৰীক কেৱল কৌশলৰ বাবেই নহয়, ভাৰতনাট্যমত প্ৰদৰ্শন কৰা উদ্ভাৱনমূলক নৃত্য অভিযোজনৰ বাবেও প্ৰশংসা কৰা হয়। ইয়াৰ জৰিয়তে তেখেতে নৃত্যবিধক বৃহত্তৰ দৰ্শকসমাজৰ মাজত উপস্থাপন কৰিব পাৰিছে।১০

নৃত্য থিয়েটাৰৰ প্ৰযোজনা

  • Purushartha (২০০২)
  • Sacrifice (২০০৩)
  • Krishna – The Supreme Mystic (২০০৬)
  • Music Within (২০১০)
  • Soul Cages: The story of Life, Death & Beyond (২০১২)
  • Yudh – Three Perspectives, One Truth (২০১৩)
  • The Prophet: Destiny. Divinity. Doubt (২০১৩)
  • Chains: Love Stories of Shadows (২০১৫)
  • In God's Country (২০১৫)
  • Music Within - the Group Presentation (২০২০)

তথ্যচিত্ৰ

  • Elysian Pursuits: The Journey of Savitha Sastry (২০১৫)
  • Sex, Death & the Gods - a BBC documentary (২০১১)

নৃত্যভিত্তিক ছবি

  • Chains: Live in Concert (২০১৮)
  • Yudh: The Dance Film (২০১৯)
  • Prophet: The film (২০১৯)
  • The Descent (২০১৯)
  • Awakening (২০২০)
  • Aparajita (২০২০)
  • Colors - Green (২০২০)

তথ্যসূত্ৰ

  1. ↑ Praveen, Priyanka. (6 August 2012). Breaking free from the mould. Deccan Chronicle
  2. ↑ Singh, Nonika. (15 July 2012). Like a Free Bird. The Tribune.
  3. ↑ Yasin, Fozia. (27 January 2013). Modern Classics. The Asian Age.
  4. ↑ Vincent, Anusha. (5 March 2013). Natya goes beyond borders. Deccan Chronicle.
  5. ↑ Walia, Yamini. (12 February, 2015). The Classical Storyteller. Afternoon Despatch & Courier
  6. ↑ Chatterjee, Anannya. (31 January, 2015). Tussle between personal choice and societal expectations is constant. Absolute India
  7. ↑ Vishwanath, Narayana. (9 March 2015). Telling the tale of Womanhood. Indian Express
  8. ↑ Dhamija, Ashok. (20 January, 2015). Dance Performance by Savitha Sastry. NewsBand Navi Mumbai
  9. ↑ Viswanathan, Lakshmi. (1 December 2003). Inimitable Dance Guru. The Hindu.
  10. ↑ About Savitha, savithasastry.com; accessed 28 June 2017
  11. ↑ Suri, Sathish.Profile, Narthaki.com; accessed 25 September 2011
  12. ↑ Venkat, Hamsa, "A Queen of Mime", Sydhwaney.com, 11 March 2011
  13. ↑ Das, Priya. "A Quiet Dance of the Soul", India Currents, 29 November 2010
  14. ↑ Bal, Harish. "Festival Rhythms", The Hindu, 13 October 2011
  15. ↑ Subramanya, Mysore V."Music & Dance Reviews", Deccan Herald, 11 April 2013
  16. ↑ Sharma, SD. "Savitha Sastry leaves Chandigarh Audience awestruck", Hindustan Times (July 2012)
  17. ↑ Kumar, Ranee. "Enchanting Treatment", The Hindu, 10 August 2012
  18. ↑ Singh, Ayesha. "Soul Cages – A renaissance in Bharatanatyam", Sunday Standard, 9 December 2012
  19. ↑ Mendoza, Conan."The Drama of Dance", Deccan Chronicle, 3 April 2013
  20. ↑ Reviews on YUDH – the dance drama ballet by Savitha Sastry, IndiaStudyChannel, 26 April 2013
  21. ↑ Pattabhiraman, Arundhati. "Creativity Unlimited", Deccan Herald], 10 March 2013
  22. ↑ "Around Town", Indian Express, 19 November 2013

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নৃত্যশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সবিতা শাস্ত্ৰী” প্ৰবন্ধৰ সংশোধন ৩৮৩০৬৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।