অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মঞ্জুলা ৰামস্বামী

মঞ্জুলা ৰামস্বামী ( Manjula Ramaswamy ) তামিলনাডুৰ থাঞ্জাৱুৰৰ এগৰাকী ভাৰতনাট্যম নৃত্যশিল্পী আৰু নৃত্য শিক্ষয়িত্ৰী। পিতৃৰ সৈতে মিলি তেওঁ হায়দৰাবাদত শ্ৰীৰাম নাটক নিকেতন নামৰ নৃত্য একাডেমী আৰম্ভ কৰে।

হালনাগাদ: ১১ জুন ২০২৫ ১৬০ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

মঞ্জুলা ৰামস্বামী ( Manjula Ramaswamy ) তামিলনাডুৰ থাঞ্জাৱুৰৰ এগৰাকী ভাৰতনাট্যম নৃত্যশিল্পী আৰু নৃত্য শিক্ষয়িত্ৰী। পিতৃৰ সৈতে মিলি তেওঁ হায়দৰাবাদত শ্ৰীৰাম নাটক নিকেতন নামৰ নৃত্য একাডেমী আৰম্ভ কৰে। অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ পৰা উগাদী পুৰস্কাৰ আৰু সংগীত নাটক একাডেমী বঁটাকে ধৰি বহু বঁটা আৰু সন্মান লাভ কৰে।

জীৱন

১৯৫৮ চনৰ ২৮ মাৰ্চত তামিলনাডুৰ থাঞ্জাভুৰ জিলাৰ বিছমনপেত্তাই গাঁৱত মঞ্জুলাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আৰু মাতৃ আছিল ভাৰতনাট্যম নৃত্যশিল্পী তথা নৃত্য শিক্ষক ভি. ৰামমূৰ্তি আৰু ৰাজলক্ষ্মী ৰামমূৰ্তি। আঠ বছৰ বয়সৰ পৰাই পিতৃৰ অধীনত নৃত্য শিকিবলৈ আৰম্ভ কৰে। নৃত্য অধ্যয়নৰ বাবে হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত যোগদান কৰে আৰু ভাৰতনাট্যমত স্বৰ্ণ পদক লাভ কৰি শিক্ষা সম্পূৰ্ণ কৰে।১

মঞ্জুলাই ২১ বছৰ বয়সত ৰামস্বামী আয়াৰক বিয়া কৰায় আৰু এই দম্পতীৰ দুগৰাকী কন্যা সন্তান আছে।২ তেওঁ এতিয়া হায়দৰাবাদত থাকে।৩

কৰ্মজীৱন

মঞ্জুলাই পিতৃৰ সৈতে একেলগে হায়দৰাবাদত শ্ৰীৰাম নাটক নিকেতন নামৰ নৃত্য একাডেমী আৰম্ভ কৰে।৪৫ এতিয়া তেওঁ প্ৰতিষ্ঠানটোৰ পৰিচালক। ভাৰতনাট্যমৰ শিক্ষয়িত্ৰী হিচাপে তেওঁ ৩০০০ তকৈ অধিক ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দিছে।৬

মঞ্জুলা ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ এগৰাকী সূচীবদ্ধ ভাৰতনাট্যম শিল্পী।৭

সন্মান

তথ্যসূত্ৰ

  1. ↑ Sangeet Natak Akademi Award 2022 and 2023. Press information bureau, Government of India
  2. ↑ (2021-05-21). Manjula Teacher Holds Special Place In Students Hearts - Natyahasini
  3. ↑ Mary, S. B. Vijaya. (2024-03-13). Manjula Ramaswamy conferred with the Sangeet Natak Akademi award. The Hindu
  4. ↑ J, Bansari trivedi. (2018-12-20). For her dance is divine. Deccan Chronicle
  5. ↑ Mary, S. B. Vijaya. (2017-10-04). Sri Rama Nataka Niketan and the classical G-7. The Hindu
  6. ↑ Sharma, Swati. (2012-12-01). Jamming with bhajans. The New Indian Express
  7. ↑ Manjula Ramaswamy · Official website of Indian Council for Cultural Relations, Government of India. www.iccr.gov.in

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নৃত্যশিল্পীসংগীত নাটক একাডেমী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মঞ্জুলা ৰামস্বামী” প্ৰবন্ধৰ সংশোধন ৫১৭১৮৮ (১১ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।