ভাৰতী শিৱাজী (Bharati Shivaji) হ'ল মোহিনীঅট্টমৰ ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী,১ কৰিঅ'গ্ৰাফাৰ আৰু লেখক। প্ৰদৰ্শন, গৱেষণা আৰু প্ৰচাৰৰ মাধ্যমেৰে কলাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভাৰতী শিৱাজীক জনা যায়।২ তেওঁ 'চেণ্টাৰ ফ'ৰ মোহিনীঅট্টম'ৰ প্ৰতিষ্ঠাপক। এই নৃত্য প্ৰতিষ্ঠানটোৱে মোহিনীঅট্টম নৃত্যৰ প্ৰচাৰ কৰে।৩ শিৱাজী 'আৰ্ট অৱ মোহিনীঅট্টম'৪ আৰু 'মোহিনীঅট্টম'৫ নামৰ দুখন কিতাপৰো সহ-লেখক। তেওঁ সংগীত নাটক একাডেমী বঁটা৬ আৰু সাহিত্য কলা পৰিষদ সন্মান৭ লাভ কৰিছে। শাস্ত্ৰীয় নৃত্যৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক ২০০৪ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী প্ৰদান কৰে।৮
জীৱনী
“ভাৰতৰ আঠটা শাস্ত্ৰীয় নৃত্যৰ এটি মোহিনীঅট্টম বুলি সংগীত নাটক একাডেমীয়ে স্বীকৃতি দিছে। মোহিনীঅট্টম শব্দটো মোহিনী (অৰ্থাৎ এগৰাকী মহিলা যি দৰ্শকক আকৰ্ষিত কৰে) আৰু অট্টম (অৰ্থাৎ সুন্দৰ আৰু আকৰ্ষক শৰীৰ সঞ্চালন) পৰা আহিছে। 'মোহিনীঅট্টম' শব্দৰ অৰ্থ হ'ল 'জাদুকৰণীৰ নৃত্য'।”৯
তামিলনাডুৰ তঞ্জাৱুৰ জিলাৰ মন্দিৰ চহৰ কুম্ভকোণমত ১৯৪৮ চনত ভাৰতী শিৱাজীৰ জন্ম হয়।১০ তেওঁ ললিতা শাস্ত্ৰীৰ ওচৰত ভাৰতনাট্যমৰ প্ৰাৰম্ভিক শিক্ষা১১ আৰু কেলুচৰণ মহাপাত্ৰৰ অধীনত ওড়িছী নৃত্যৰ১২ প্ৰশিক্ষণ লৈছিল। শেষত নামকৰা সমাজ সংস্কাৰক কমলাদেৱী চট্টোপাধ্যায়ৰ পৰামৰ্শ মতে ভাৰতীয়ে কেৰালাৰ পৰম্পৰাগত নৃত্য মোহিনীঅট্টমৰ ওপৰত গৱেষণা কৰে।৭ সংগীত নাটক একাডেমীৰপৰা ফেল'শ্বিপ লাভ কৰাৰ পাছত তেওঁ কেৰালালৈ যায় আৰু কেৰালাৰ মন্দিৰ কলাৰ বিশেষজ্ঞ আৰু সংগীত নাটক একাডেমীৰ ভাইচ চেয়াৰমেন কৱলম নাৰায়ণ পানিকৰৰ অধীনত গৱেষণা কৰে।১৩ ভাৰতনাট্যম আৰু ওডিচিৰপৰা ধ্যান আঁতৰাই১১ তেওঁ ৰাধা মাৰাৰ, কলামণ্ডলম সত্যভামা আৰু কলামণ্ডলম কল্যাণীকুত্তি আম্মা৩ৰ তলত মোহিনীঅট্টম শিকে। কলামণ্ডলম কল্যাণীকুত্তি আম্মা মোহিনীঅট্টমৰ মাতৃ ৰূপে জনবিদিত।১৪
উত্তৰাধিকাৰ
দিল্লীলৈ আহি শিৱাজীয়ে চেণ্টাৰ অৱ মোহিনীঅট্টম প্ৰতিষ্ঠা কৰে। এই প্ৰতিষ্ঠানটো মোহিনীঅট্টমৰ বাবে সমৰ্পিত আৰু এই শৈলী আগবঢ়াই লৈ যাবলৈ বদ্ধপৰিকৰ।
বঁটা আৰু সন্মান
১৯৯৯-২০০০ চনত শিৱাজীয়ে সংগীত নাটক একাডেমী বঁটা লাভ কৰে।৬ চাৰি বছৰৰ পাছত, ২০০৪ চনত ভাৰতৰ গণতন্ত্ৰ দিৱসৰ সন্মানৰ তালিকাত চতুৰ্থ সৰ্ব্বোচ অসামৰিক বঁটা পদ্মশ্ৰী প্ৰদানৰ বাবে ভাৰত চৰকাৰে তেওঁৰ নাম অন্তৰ্ভুক্ত কৰে।৮ তেওঁ 'সাহিত্য কলা পৰিষদ সন্মান', কেৰালাৰ কুনচান নাম্বিয়াৰ স্মাৰক ন্যাসৰ 'লাস্য লক্ষ্মী' উপাধি আৰু চেন্নাইৰ কৃষ্ণ গণ সভাই প্ৰদান কৰা 'নৃত্য চূড়ামণি' অভিধা লাভ কৰে।১৫ ২০১৭ চনত কেৰালা চৰকাৰে তেওঁলৈ 'নিশাগন্ধী' পুৰস্কাৰ আগবঢ়ায়।১৬
শিৱাজীৰ কলা আৰু মোহিনীঅট্টমৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুগৰাকী চিত্ৰ নিৰ্মাতাই 'বিয়ণ্ড গ্ৰেচ' নামৰ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল, য'ত শিৱাজীৰ জী বিজয়ালক্ষ্মীক চিত্ৰিত কৰা হৈছে।১৭
গ্ৰন্থপঞ্জী
- ভাৰতী শিৱাজী, অভিনাশ পৰিচা. (১৯৮৬). আৰ্ট অৱ মোহিনীঅট্টম. লেন্সাৰ, ভাৰত. ISBN 978-8170620037
- ভাৰতী শিৱাজী, বিজয়ালক্ষ্মী. (২০০৩). মোহিনীঅট্টম. ৱিচডম ট্ৰী. ISBN 9788186685365
তথ্যসূত্ৰ
- ↑ (2015). Heritage Club IIT Roorkee. Heritage Club IIT Roorkee
- ↑ (2015). Mohiniyattam (Bharati Shivaji and Vijayalakshmi). Exotic India Art
- ↑ (2015). Classical Dancers of India. Classical dancers
- ↑ Bharati Shivaji, Avinash Pasricha. (1986). Art of Mohiniyattam. Lancer, India. পৃ. 107. ISBN 978-8170620037
- ↑ Bharati Shivaji, Vijayalakshmi. (2003). Mohiniyattam. Wisdom Tree. ISBN 9788186685365
- ↑ (2015). Sangeet Natak Akademi Puraskar. Sangeet Natak Akademi
- ↑ (2015). Padmashri Bharati Shivaji. Thiraseela
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
- ↑ (2015). Mohiniyattam. Mohiniyattam.de
- ↑ (2015). Performers of Indian dances and music. Indian Embassy, Russia
- ↑ (17 May 2012). Bound to Kerala by Mohiniyattam. The Hindu
- ↑ (16 November 2014). Time for Samvaad. The Hindu
- ↑ (31 October 2004). From law to theatre. The Hindu
- ↑ (2015). Kalamandalam Kalyanikutty Amma. Smith Rajan
- ↑ (2015). Profile of Padmashree Bharti Shiwaji. Spicmacay
- ↑ (2017-01-20). Nishagandhi Award for Bharati Shivaji. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (7 July 2011). Docu on Mohiniyattam exponents to be screened. Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতী শিৱাজী” প্ৰবন্ধৰ সংশোধন ৬৪০১০৩ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।