অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মাদ্দালী উষা গায়ত্ৰী

মাদ্দালী উষা গায়ত্ৰী ( Maddali Usha Gayatri; জন্ম: মল্লাৱৰাপু; ২৬ এপ্ৰিল ১৯৫৫) অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যৰ এগৰাকী কুচিপুড়ি কলাকাৰ, নৃত্যশিল্পী, গুৰু আৰু কৰিঅ’গ্ৰাফাৰ। তেওঁ হামছা বঁটা (বৰ্তমান কলাৰত্ন বুলি কোৱা হয়) আৰু সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছে।

হালনাগাদ: ৭ মাৰ্চ ২০২৫ ১১২ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

মাদ্দালী উষা গায়ত্ৰী ( Maddali Usha Gayatri; জন্ম: মল্লাৱৰাপু; ২৬ এপ্ৰিল ১৯৫৫) অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যৰ এগৰাকী কুচিপুড়ি কলাকাৰ, নৃত্যশিল্পী,১ গুৰু২ আৰু কৰিঅ’গ্ৰাফাৰ। তেওঁ হামছা বঁটা (বৰ্তমান কলাৰত্ন বুলি কোৱা হয়) আৰু সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছে। কৰিঅ’গ্ৰাফী আৰু প্ৰদৰ্শনৰ বাবে সমালোচকৰ প্ৰশংসা পোৱা গায়ত্ৰীয়ে পৌৰাণিক, ঐতিহাসিক আৰু সামাজিক বিষয়বস্তুৰ বেলে পৰিবেশন কৰে। তেওঁৰ অন্যতম ৰচনা নৃত্যম দৰ্শয়ামীত তেওঁৰ ১২ জনীয়া শিষ্যৰ এটা দলে ১২ ঘণ্টা ধৰি নিৰৱচ্ছিন্নভাৱে অনুষ্ঠান পৰিৱেশন কৰিছিল।

প্ৰশিক্ষণ

গায়ত্ৰীৰ যেতিয়া বয়স ৪ বছৰ আছিল, তেতিয়াই তেওঁ শ্ৰীদয়াল সৰনৰ ওচৰত নৃত্যৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল। কথক, ওডিচি আৰু সংগীতৰ প্ৰশিক্ষণ লোৱাৰ পিছতো তেওঁৰ আগ্ৰহ কুচিপুড়িৰ প্ৰতিহে হয়।৩ এইদৰে তেওঁ গুৰু বেদান্তম জগন্নাথ শৰ্মাৰ পৰা হায়দৰাবাদৰ তেওঁৰ নৃত্য প্ৰতিষ্ঠান কুচিপুড়ি কলাক্ষেত্ৰত কুচিপুড়ি শিকিছিল।৩ ভি সত্যনাৰায়ণ শৰ্মা, ভেম্পতি চিন্না সত্যম আৰু বেদান্ত প্ৰহ্লাদ শৰ্মাৰ পৰা যক্ষগান নামৰ এবিধ নাট্যশৈলীৰ প্ৰশিক্ষণ লৈ কমলাৰানীৰ পৰা নট্টুৱংগম শিকিছিল।৪৫

তথ্যসূত্ৰ

  1. ↑ (25 March 2010). Beloved stories on stage. দ্য হিন্দু
  2. ↑ Gudipoodi, Srihari. (22 July 2010). Sumptuous ballet. দ্য হিন্দু
  3. ↑ (9 January 2018). నృత్యరత్న. డా. మద్దాళి ఉషాగాయత్రి. Andhra Bhoomi
  4. ↑ (2004). Journal of the Ananthacharya Indological Research Institute. পৃ. 95
  5. ↑ M. Athira. (14 June 2018). 'Nattuvangam' is not even treated as an instrument these days, says K.S.Balakrishnan. দ্য হিন্দু

সম্পৰ্কিত শ্ৰেণী

সংগীত নাটক একাডেমী বঁটা বিজয়ীভাৰতীয় নৃত্যশিল্পীভাৰতীয় মহিলা কৰিঅ'গ্ৰাফাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাদ্দালী উষা গায়ত্ৰী” প্ৰবন্ধৰ সংশোধন ৪৮৮৬৩৯ (৭ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।