অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাণী কৰ্ণা

ৰাণী কৰ্ণা ( Rani Karnaa )এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী। শাস্ত্ৰীয় নৃত্য কথকত তেওঁৰ দক্ষতাৰ বাবে পৰিচিত আৰু বহুতে তেওঁক এই কলাৰ অন্যতম শ্ৰেষ্ঠ প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰে।

হালনাগাদ: ৭ মাৰ্চ ২০২৫ ২১১ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ৰাণী কৰ্ণা ( Rani Karnaa )এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী। শাস্ত্ৰীয় নৃত্য কথকত তেওঁৰ দক্ষতাৰ বাবে পৰিচিত আৰু বহুতে তেওঁক এই কলাৰ অন্যতম শ্ৰেষ্ঠ প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰে।১ নৃত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ২০১৪ চনত ভাৰত চৰকাৰে তেওঁক চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী প্ৰদান কৰি সন্মানিত কৰে।২

জীৱনী

১৯৩৯ চনত ব্ৰিটিছ ভাৰতৰ, বৰ্তমান পাকিস্তানৰ অন্তৰ্গত হায়দৰাবাদৰ৩ এটা আমীৰ সিন্ধী পৰিয়ালত৪, ৰাণী কৰ্ণাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আছানদাস কৰ্ণা মূলতঃ লাৰকানা অঞ্চলৰ কৰ্ণমালানী পৰিয়ালৰ আছিল। কৰ্ণমালানীৰ পৰিয়ালৰ নামটো সময়ৰ লগেলগে সংক্ষিপ্তভাৱে কৰণানী আৰু শেষত কৰ্ণা হয়। প্ৰাথমিক স্কুলীয়া শিক্ষা দিল্লীত হৈছিল আৰু দিল্লীৰ হিন্দু মহাবিদ্যালয়ৰ পৰা উদ্ভিদ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল। পিছলৈ তেওঁ উদ্ভিদ বিজ্ঞানতো অনাৰ্ছ ডিগ্ৰী লাভ কৰে যদিও নৃত্য কেৰিয়াৰত মনোনিৱেশ কৰিবলৈ পঢ়া এৰি দিয়ে।৪

১৯৪২ চনত ৰাণীৰ তিনি বছৰ বয়সত তেওঁৰ পৰিয়াল দিল্লীলৈ গুচি যায়। আৰু কনাটপ্লেচত বসতি স্থাপন কৰে। ওচৰ-চুবুৰীয়াক নৃত্য কৰা দেখি অতি সোনকালেই তেওঁৰো নৃত্যৰ প্ৰতি আকৰ্ষণ বাঢ়ি যায়।৫ চাৰি বছৰ বয়সৰ পৰাই নৃত্য শিকিবলৈ আৰম্ভ কৰে।৬ তেওঁ কথক, ওডিচি, ভাৰতনাট্যম আৰু মণিপুৰী শিকিছিল। আৰম্ভণিতে নৃত্যচাৰ্য নাৰায়ণ প্ৰসাদ আৰু সুন্দৰ প্ৰসাদে নৃত্যৰ শিক্ষা দিয়ে। গুৰু হীৰালালৰ অধীনত জয়পুৰ ঘৰানা শৈলী আৰু পণ্ডিত বীৰজু মহাৰাজৰ পৰা লক্ষ্ণৌ ঘৰানাৰ বিশেষত্ব আয়ত্ত কৰিবলৈ তেওঁ অধ্যয়ন অব্যাহত ৰাখে।৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (25 January 2014). Padma Awards Announced. Circular. Press Information Bureau, Government of India
  2. ↑ (12 June 2013). PAD MA. PAD MA
  3. ↑ (7 October 2012). Seher Now. Seher Now
  4. ↑ (2012). Sindhistan. Sindhistan
  5. ↑ (3 July 2011). Kathak guru Rani Karnaa's journey of life and dance. Narthaki.com
  6. ↑ Kothari, Sunil. (2018-05-11). Rani Karnaa, an erudite ambassador of Kathak. The Hindu
  7. ↑ (2012). Rani Karnaa bio. Rani Karnaa.net

সম্পৰ্কিত শ্ৰেণী

সংগীত নাটক একাডেমী বঁটা বিজয়ীভাৰতীয় নৃত্যশিল্পীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাণী কৰ্ণা” প্ৰবন্ধৰ সংশোধন ৪৮৮৭৫৮ (৭ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।