অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দিতিপ্ৰিয়া ৰায়

দিতিপ্ৰিয়া ৰায় (জন্ম: ১০ আগষ্ট ২০০২) এগৰাকী ভাৰতীয় টেলিভিছন, চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী, যিয়ে বঙালী ভাষাৰ চলচ্চিত্ৰ আৰু ধাৰাবাহিকত কাম কৰে। তেওঁ টেলিভিছন ধাৰাবাহিক কৰুণাময়ী ৰাণী ৰাসমণিত ৰাণী ৰাসমণিৰ মুখ্য চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।

হালনাগাদ: ২৮ এপ্ৰিল ২০২৬ ২১৯ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

দিতিপ্ৰিয়া ৰায় (জন্ম: ১০ আগষ্ট ২০০২) এগৰাকী ভাৰতীয় টেলিভিছন, চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী, যিয়ে বঙালী ভাষা ভাষাৰ চলচ্চিত্ৰ আৰু ধাৰাবাহিকত কাম কৰে। তেওঁ টেলিভিছন ধাৰাবাহিক কৰুণাময়ী ৰাণী ৰাসমণিত ৰাণী ৰাসমণিৰ মুখ্য চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।১ তেওঁ অভিযাত্ৰীক (২০২১),২ বব বিশ্বাস (২০২১), আয় খুকু আয় (২০২২),৩ কলকাতা চলন্তিকা (২০২২),৪ আৰু অচেনা উত্তম (২০২২) আদিকে ধৰি কেইবাখনো উচ্চ প্ৰশংসিত বোলছবিত অভিনয় কৰিছে।৫

২০২১ চনত ৰুদ্ৰবীণাৰ অভিশাপৰ জৰিয়তে ৰায়ে ৱেব ছিৰিজত আত্মপ্ৰকাশ কৰে।৬ তেওঁ প্ৰতি বছৰে মহালয়াৰদিনা জী বাংলাত সম্প্ৰচাৰিত মহিষাসুৰমৰ্দিনী অনুষ্ঠানত দেৱী দুৰ্গাৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰে।৭৮

ব্যক্তিগত জীৱন

তেওঁৰ পিতৃ আলোক শংকৰ ৰায় এজন পশু চিকিৎসক আৰু অভিনেতা।

তেওঁ ২০২০ চনত ৮২.৪% নম্বৰেৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়।৯১০ তেওঁ আশুতোষ কলেজৰ সমাজবিজ্ঞান বিভাগৰ ছাত্ৰী আছিল।১১

বৰ্তমান তেওঁ চিষ্টাৰ নিবেদিতা ইউনিভাৰ্চিটিৰপৰা সমাজবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি আছে।

তেওঁ বৰ্তমান চেন্নাইয়িন এফচিৰ গ’লৰক্ষক চামিক মিত্ৰৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে।১২

কৰ্মজীৱন

দিতিপ্ৰিয়াই তেওঁৰ টেলিভিছন কেৰিয়াৰৰ আৰম্ভণি কৰিছিল দুৰ্গা, অপৰাজিত, ব্যোমকেশ, বামাক্ষ্যাপা, তোমায় আমায় মিলে আৰু তাৰে আমি চোখে দেখিনিৰ দৰে ধাৰাবাহিকত শিশু শিল্পী হিচাপে। ২০১৫ চনত সৃজিত মুখোপাধ্যায়ৰ পৰিচালনাত নিৰ্মিত ৰাজকাহিনীৰ জৰিয়তে তেওঁ এক বিশেষ সফলতা লাভ কৰে।১৩ ২০১৭ চনত তেওঁ বাংলা ধাৰাবাহিক কৰুণাময়ী ৰাণী ৰাসমণিত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল যিয়ে তেওঁক সমালোচকৰ প্ৰশংসা আৰু ঘৰে ঘৰে জনপ্ৰিয়তা প্ৰদান কৰিছিল, বিশেষকৈ মহিলা দৰ্শকৰ মাজত। জী বাংলাত সম্প্ৰচাৰিত এই ধাৰাবাহিকখনৰ মুঠ ১৫৪৯টা খণ্ড আছিল। ২০২১ চনত তেওঁ চাইকিক একচন থ্ৰিলাৰ বব বিশ্বাসৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰে।১

তথ্যসূত্ৰ

  1. ↑ Rani Rashmoni fame Ditipriya Roy to make her Bollywood debut in an Abhishek Bachchan starrer film. The Times of India
  2. ↑ (13 January 2021). Young filmmaker Subhrajit Mitra strikes all the right notes with his epic film, Avijatrik. indulgexpress.com
  3. ↑ (17 September 2021). প্ৰযোজক জিৎ, অভিনেতা প্ৰসেনজিৎ, সঙ্গে থাকছেন ৰানিমাও!. Hindustantimes Bangla
  4. ↑ আনন্দ, ওয়েব ডেস্ক, এবিপি. (1 October 2021). পাভেলেৰ নতুন ছবিতে ইশা-দিতিপ্ৰিয়া, ৰয়েছে আৰও অনেক চমক. ://abplive.com
  5. ↑ আনন্দ, ওয়েব ডেস্ক, এবিপি. (5 March 2021). Achena Uttam Shoot: উত্তমেৰ বেশে শাশ্বত, সুচিত্ৰা ঋতুপৰ্ণা, আসছে 'অচেনা উত্তম'. ABP Ananda
  6. ↑ (20 December 2021). Hoichoi's 'Rudrabinar Obhishaap' is about solving mystery through musical clues. The Telegraph (India)
  7. ↑ (11 September 2021). Mahalaya 2021: মহালয়াৰ ভোৰে 'ত্ৰি-দুৰ্গা'ৰ টক্কৰ, বাঙালিৰ হৃদয় জয় কৰবেন কোন জন?. Zee News
  8. ↑ Samadder, Tulika. (4 September 2023). Zee Bangla Mahalaya: মহিষাসুৰমৰ্দিনী অঙ্কিতা, শিব অভিষেক, উমা দিতিপ্ৰিয়া! জি বাংলাৰ মহালয়ায় এবাৰ অসুৰ কে?. Hindustan Times
  9. ↑ 'Rani Rashmoni' actress Ditipriya Roy scores 82% in Higher Secondary examination. The Times of India
  10. ↑ (15 March 2020). উচ্চ মাধ্যমিক পৰীক্ষা আৰ শ্যুটিং দুটোই সামলাচ্ছেন 'ৰানিমা' দিতিপ্ৰিয়া ৰায়. Hindustan Times
  11. ↑ (25 May 2021). Ditipriya: সমুদ্ৰ সৈকতে বসে পৰীক্ষা দিয়ে ৰাষ্ট্ৰবিজ্ঞানে কত নম্বৰ পেলেন অভিনেত্ৰী দিতিপ্ৰিয়া ৰায়?. Anandabazar Patrika
  12. ↑ Mukherjee, Priyanka. (30 August 2024). চেন্নাইয়িন এফসিৰ ফুটবলাৰেৰ সঙ্গে চুটিয়ে প্ৰেম কৰছেন দিতিপ্ৰিয়া! ৰানিমা-ৰ গোপন বয়ফ্ৰেণ্ডেৰ পৰিচয় ফাঁস. Hindustan Times
  13. ↑ Child artists who rocked the silver screen this year. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰীভাৰতীয় টেলিভিছন অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিতিপ্ৰিয়া ৰায়” প্ৰবন্ধৰ সংশোধন ৬০৩৩৯৬ (২৮ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।