বাহবিজ দোৰাবজী (ইংৰাজী: Vahbbiz Dorabjee) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী আৰু মডেল।১২
কৰ্মজীৱন
বাহবিজ দোৰাবজীয়ে দূৰদৰ্শন ধাৰাবাহিক প্যাৰ কি য়ে এক কাহানীৰ জৰিয়তে বাহবিজ দোৰাবজীত আত্মপ্ৰকাশ কৰে৷৩৪ ২০১০ চনৰ ১৮ অক্টোবৰৰ পৰা ২০১১ চনৰ ১৫ ডিচেম্বৰলৈকে প্ৰচাৰিত হোৱা ধাৰাবাহিকখনত তেওঁ পঞ্চি ডোব্ৰিয়ালৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০১৩ চনত তেওঁ দূৰদৰ্শন ধাৰাবাহিক সৰস্বতীচন্দ্ৰত অলকৰ চৰিত্ৰত অভিনয় কৰে।৫ ২০১১ চনত প্ৰচাৰিত প্যাৰ কি য়ে এক কাহানীত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী চৰিত্ৰৰ বঁটা লাভ কৰে। তেওঁ টেলিভিছন ধাৰাবাহিক বহু হামাৰী ৰজনীকান্তত মেগী কান্তৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০১৩ চনৰ ১৮ ফেব্ৰুৱাৰীৰ পৰা ২০১৩ চনৰ ৪ অক্টোবৰলৈকে লাইফ অ'কেত প্ৰচাৰিত হোৱা সাবিত্ৰী – এক প্ৰেম কাহানী নামৰ ভাৰতীয় কাল্পনিক নাটকৰ দূৰদৰ্শন ধাৰাবাহিকখনতো তেওঁ অভিনয় কৰিছে৷৬
ব্যক্তিগত জীৱন
মহাৰাষ্ট্ৰৰ পুনেৰ পাৰ্চী পৰিয়ালত বাহবিজৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম জেহাংগীৰ দোৰাবজী আৰু মাতৃৰ নাম ফিৰোজা ডোৰাবজী। তেওঁলোক পুনেৰ প্ৰতিস্থিত উদ্যোগী।
২০১৩ চনত দোৰাবজীয়ে তেওঁৰ প্যাৰ কি য়ে এক কাহানীৰ সহ অভিনেতা ভিভিয়ান দেশনাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ২০১৬ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটে।
তথ্যসূত্ৰ
- ↑ Neha Maheshwri. (2012-11-18). Vahbbiz Dorabjee and Vivian Dsena set to tie the knot. The Times of India
- ↑ Saadia S Dhailey. (2011-12-19). Vivian D'sena, Vahbbiz Dorabjee's first X'mas together. The Times of India
- ↑ Akash Wadhwa. (2011-10-11). Vahbbizs name trouble!. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ PKYEK is a trendsetter, Panchi Story, Recap, Discussion forums & more on StarOne.in - Official website
- ↑ (2013-07-06). Vahbbizz Dorabjee in Saraswatichandra pagal. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Savitri-a fantasy mega series launched - The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাহবিজ দোৰাবজী” প্ৰবন্ধৰ সংশোধন ৫৬৯০৯৮ (১১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।