অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আদা খান

আদা খান (জন্ম: ১২ মে' ১৯৮৯) — এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী আৰু মডেল। তেওঁ বেহেনেইনত আকাশী, অমৃত মন্থনত অমৃত আৰু নাগিনত শেষা চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। ২০২০ চনত তেওঁ ফিয়েৰ ফেক্টৰ: খতৰো কে খিলাড়ী ১০ত অংশগ্ৰহণ কৰিছিল।

হালনাগাদ: ৬ এপ্ৰিল ২০২৬ ৩১৯ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

আদা খান (জন্ম: ১২ মে' ১৯৮৯) — এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী আৰু মডেল।১ তেওঁ বেহেনেইনত আকাশী, অমৃত মন্থনত অমৃত আৰু নাগিনত শেষা চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। ২০২০ চনত তেওঁ ফিয়েৰ ফেক্টৰ: খতৰো কে খিলাড়ী ১০ত অংশগ্ৰহণ কৰিছিল।

প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন

১৯৮৯ চনৰ ১২ মে'ত বোম্বাইত (বৰ্তমানৰ মুম্বাই, মহাৰাষ্ট্ৰ) খানৰ জন্ম হৈছিল।১ ২০১৩ চনৰ মাৰ্চ মাহত তেওঁৰ মাতৃ পাৰৱিন খানৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।২৩ তেওঁৰ ইমৰান খান নামৰ এজন ভাতৃ আছে।৪

২০১০ চনৰ মাজভাগত অভিনেতা অংকিত গেৰাৰ সৈতে খানৰ এক দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল। অংকিতৰ বিশ্বাসঘাতকতাৰ বাবে শেষত তেওঁলোকৰ বিচ্ছেদ ঘটে।৫৬

কেৰিয়াৰ

খনে এগৰাকী মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু কেইবাটাও বিজ্ঞাপনত অভিনয় কৰিছিল।৭৮৯১০ মডেলিং আৰু বিজ্ঞাপনত কাম কৰাৰ পাছতখনে টেলিভিছনত এগৰাকী অভিনেতা হিচাপে কেৰিয়াৰ গঢ়াৰ সিদ্ধান্ত লয়। ২০০৯ চনত চনী এণ্টাৰটেইনমেণ্ট টেলিভিছনৰ শ্ব’ পালমপুৰ এক্সপ্ৰেছত বিজয়াৰ চৰিত্ৰত অভিনয় কৰি তেওঁ হিন্দী টেলিভিছনত আত্মপ্ৰকাশ কৰে।১১

২০১০ চনত তেওঁ ষ্টাৰ প্লাছৰ শ্ব’ বেহেনেইনত অভিনয় কৰে। ইয়াৰ কাহিনী চাৰিগৰাকী চহকী ভগ্নীক কেন্দ্ৰ কৰি গঢ়ি উঠিছে।১২ তেওঁক আকাশী শাস্ত্ৰী নামৰ অন্যতম মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ নিৰ্বাচন কৰা হৈছিল।১৩২১৪

২০১২ চনতখনে ডিৰেক্টৰছ কুট প্ৰডাকচনৰ ড্ৰামা অমৃত মন্থনত ৰাজকুমাৰী অমৃত কৌৰ সোধীৰ মুখ্য চৰিত্ৰত অভিনয় কৰে, য’ত অংকিতা শৰ্মা, ডিম্পল ঝাংগিয়ানী আৰু নবী ভাংগুৱেও অভিনয় কৰিছিল।১৫৩১৬১৭

তেওঁ য়ে হেই আশিকী, ক্ৰাইম পেট্ৰ’ল, ক’ড ৰেড আৰু সাৱধান ইণ্ডিয়া @ ১১ৰ দৰে ধাৰাবাহিকত খণ্ডভিত্তিক চৰিত্ৰত অভিনয় কৰিছিল।১৮১৯২০ ইয়াৰ উপৰি তেওঁ ৰিয়েলিটি শ্ব’ ৱেলকাম – বাজী মেহমান নাৱাজী কিৰ এগৰাকী প্ৰতিযোগী আছিল।

২০১৭ চনৰ ইণ্ডিয়ান টেলিভিছন একাডেমী বঁটাত খান
২০১৭ চনৰ ইণ্ডিয়ান টেলিভিছন একাডেমী বঁটাত খানছবি: Bollywood Hungama · CC BY 3.0

২০১৫ চনতখনে নাগিনত শেষা নামৰ এজনী ইচ্ছাৰূপী নাগিনীৰ চৰিত্ৰত অভিনয় কৰি বিশেষ সফলতা লাভ কৰে। ২০১৬ চনত তেওঁ নাগিন ২ত পুনৰ শেষাৰ চৰিত্ৰত অভিনয় কৰে।২১ ২০১৮ চনত তেওঁ অলৌকিক ধাৰাবাহিক বিষ য়া অমৃত: চিতাৰাত চিতাৰাৰ মুখ্য চৰিত্ৰত অভিনয় কৰে।২২

২০১৯ চনত তেওঁ নাগিন ৩ত অতিথি শিল্পী হিচাপে উপস্থিত হৈ পুনৰ শেষাৰ চৰিত্ৰত অভিনয় কৰে।২৩

২০২০ চনত তেওঁ ফিয়েৰ ফেক্টৰ: খতৰো কে খিলাড়ী ১০ত অংশগ্ৰহণ কৰে। সেই একে বছৰতে তেওঁ নাগিন ৫ত অতিথি শিল্পী হিচাপে পুনৰবাৰ শেষাৰ চৰিত্ৰত অভিনয় কৰে।২৪

মাধ্যমৰ ছবি

২০১৮ চনত খান
২০১৮ চনত খানছবি: Bollywood Hungama · CC BY 3.0

২০১৮ চনতখনে দ্য টাইমছ অৱ ইণ্ডিয়াৰ টেলিভিছনৰ আটাইতকৈ কাংক্ষিত মহিলাৰ তালিকাত দশম স্থান লাভ কৰিছিল।২৫ খান ভিভেল আৰু টাইডৰ দৰে ব্ৰেণ্ডৰ চেলিব্ৰিটি এণ্ডোৰ্চাৰ।২৬ তেওঁ নিজৰ শৈলী আৰু ফেশ্বন জ্ঞানৰ বাবেও ব্যাপকভাৱে পৰিচিত।২৭

তথ্যসূত্ৰ

  1. ↑ Mulla, Zainab. (14 May 2016). Hotness Alert! Naagin actresses Mouni Roy chilling on the beaches of Goa, Adaa Khan celebrates birthday in Srinagar. India.com
  2. ↑ Maheshwri, Neha. (14 December 2014). Why Adaa Khan is very emotional about this tattoo. The Times of India
  3. ↑ Agarwal, Stuti. (10 May 2013). Adaa Khan misses mom at success bash. The Times of India
  4. ↑ (28 December 2021). Adaa Khan's brother Imran on working out together: We decided to train together and now it's a routine. The Times of India
  5. ↑ Mukherjee, Shreya. (21 July 2017). Ankit Gera: I never dated Roopal Tyagi; was in a serious relationship with Adaa Khan. Hindustan Times
  6. ↑ (12 May 2018). Heartbreak makes Naagin actress Adaa Khan lose faith in love. The Times of India
  7. ↑ Jambhekar, Shruti. (17 April 2013). After every three months I get a new 'reel' look: Adaa Khan. The Times of India
  8. ↑ (11 February 2014). Adaa Khan shoots for jewellery designer Nidhi Jain. The Times of India
  9. ↑ Mulchandani, Amrita. (3 June 2012). TV shows are getting bolder: Adaa Khan. The Times of India
  10. ↑ (10 February 2014). Adaa Khan shoots for jewellery designer Nidhi Jain. Zee News
  11. ↑ (30 July 2012). Not full of ego in real life, says TV actress Adaa Khan. NDTV Movies
  12. ↑ Mulchandani, Amrita. (21 April 2012). No Bollywood for me, can't handle stardom: Adaa Khan. The Times of India
  13. ↑ Uniyal, Parmita. (12 May 2016). Birthday special: Five reasons we love Adaa Khan aka Sesha of Naagin. India Today
  14. ↑ Chatterjee, Swasti. (2 October 2018). Adaa Khan back from a refreshing solo trip to Canada. The Times of India
  15. ↑ Chatterjee, Swasti. (13 August 2012). Adaa Khan wants to do Bollywood item numbers. The Times of India
  16. ↑ Agarwal, Stuti. (25 February 2013). Adaa Khan inspired by Rekha. The Times of India
  17. ↑ Chatterjee, Swasti. (3 September 2013). Books are Adaa Khan's latest obsession. The Times of India
  18. ↑ Maheshwri, Neha. (28 August 2013). Adaa Khan to play a rape victim. The Times of India
  19. ↑ (14 September 2013). Yeh Hai Aashiqui: Adaa Khan plays a rape survivor. IBN Live
  20. ↑ Kulkarni, Onkar. (13 September 2013). Adaa Khan opts for episodics. The Indian Express
  21. ↑ (11 November 2018). Mohit Malhotra to star opposite Adaa Khan in Ekta Kapoor's Daayan. India Today
  22. ↑ Neha Maheshwari. (4 November 2018). Not Ekta Kapoor's 'Daayan', but Adaa Khan to play the protagonist in Rashmi Sharma's 'Sitaara'. The Times of India
  23. ↑ (9 May 2019). Naagin 3: Adaa Khan joins Mouni Roy for an epic series finale. The Times of India
  24. ↑ Naagin 4: Surbhi Jyoti and Adaa Khan join Nia Sharma and Rashami Desai for Naagin 4's grand finale; see pics. The Times of India
  25. ↑ Most Desirable Woman on Television 2018. The Times of India
  26. ↑ (6 March 2018). Cricket reality show players rock their Holi bash. Bombay Times
  27. ↑ Neelam Mistry-Thaker. (25 March 2024). Adaa Khan: Making a strong style statement. Eastern Eye

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় টেলিভিছন অভিনেত্ৰীভাৰতীয় মডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আদা খান” প্ৰবন্ধৰ সংশোধন ৬০০০৭৭ (৬ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।