ভাৰতীয় টেলিভিছন অভিনেত্ৰী
৫৫ প্ৰবন্ধ
-
নতাশা ভৰদ্বাজ
নতাশা ভাৰদ্বাজ এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে প্ৰধানকৈ হিন্দী ৱেব ছিৰিজত অভিনয় কৰে। তেওঁ ২০১৮ চনত বাস্তৱ অনুষ্ঠান ইণ্ডিয়াজ্ নেক্স্ট চুপাৰষ্টাৰ্ছত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল আৰু বিজয়ী হৈছিল। তাৰ পিছত, তেওঁ ৱেব ছিৰিজ পৱন এণ্ড পূজা (২০২০)-ৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে।
-
পবিত্ৰা পুনিয়া
নেহা সিং (জন্ম: ২২ এপ্ৰিল ১৯৮৬), যিয়ে নিজৰ মঞ্চনাম পবিত্ৰা পুনিয়া নামেৰে পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ ‘লাভ ইউ জিন্দেগী’-ত গীত ঢিলন আৰু চলোৱা ফেণ্টাচী ধাৰাবাহিক ‘বালবীৰ ৰিটাৰ্ণছ’-ত তিমনাছা নামৰ এক দুষ্ট পৰীৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে জনাজাত।
-
প্ৰণালী ৰাঠোড়
প্ৰণালী ৰাঠোড় (ইংৰাজী: Pranali Rathod; জন্ম: ১৫ অক্টোবৰ ১৯৯৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে প্ৰধানকৈ হিন্দী টেলিভিছনত কাম কৰে। ৰাঠোড়ক মুখ্যত ‘য়ে ৰিশ্তা ক্যা কহলাতা হ্যে’ ধাৰাবাহিকত অক্ষৰা গোৱেংকা শৰ্মাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনা যায়।
-
প্ৰত্যুষা বেনাৰ্জী
প্ৰত্যুষা বেনাৰ্জী (ইংৰাজী: Pratyusha Banerjee; ১০ আগষ্ট ১৯৯১ — ১ এপ্ৰিল ২০১৬) এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী আছিল। তেওঁ বহুতো ধাৰাবাহিক আৰু ৰিয়েলিটি শ্ব’ত অভিনয় কৰিছিল। বেনাৰ্জীয়ে প্ৰথমবাৰৰ বাবে ২০১০ চনত টেলিভিছন শ্ব’ বালিকা বধূৰ জৰিয়তে স্বীকৃতি লাভ কৰিছিল।
-
প্ৰিয়ংকা বচ্চী
প্ৰিয়ংকা বচ্চী (ইংৰাজী: Priyanka Bassi) এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী। তেওঁ জনপ্ৰিয় ধাৰাবাহিক লেফ্ট ৰাইট লেফ্টত কেডেট নয়না সিং আহলুৱালিয়াৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত। তেওঁ মূলতঃ দিল্লীৰ বাসিন্দা আৰু তেওঁ বেৰীজনৰ থিয়েটাৰ গ্ৰুপতো যোগদান কৰিছিল।
-
প্ৰিয়াল গোৰ
প্ৰিয়াল গোৰ (ইংৰাজী: Priyal Gor; জন্ম: ) এগৰাকী ভাৰতীয় দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ ৰোমাণ্টিক ফেণ্টাচি ড্ৰামা ইচ্ছাপ্যাৰী নাগিনত ইচ্ছা চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
বন্দনা বিঠলানী
বন্দনা বিঠলানী (ইংৰাজী: Vandana Vithlani; জন্ম: ২৬ জানুৱাৰী ১৯৭৯) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী। তেওঁ ষ্টাৰ প্লাছৰ দীৰ্ঘদিনীয়া ধাৰাবাহিক সাথ নিভানা সাথিয়াত (২০১০–২০১৭) উৰ্মিলা শ্বাহৰ চৰিত্ৰটো ৰূপায়ণ কৰাৰ বাবে পৰিচিত।
-
মাইনা নন্দিনী
মাইনা নন্দিনী (জন্ম: ২১ মে') এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু টেলিভিছন ব্যক্তিত্ব, যিয়ে প্ৰধানকৈ তামিল চলচ্চিত্ৰ আৰু টেলিভিছন অনুষ্ঠানত অভিনয় কৰে। তেওঁ সাৰাভানান মীনাক্ষী (দ্বিতীয় ছিজন)ত মাইনা ৰেৱতী, চিন্না থাম্বীত আলাবাৰাই মাইনা আৰু বিশেষকৈ অৰণমণৈ ৩ (২০২১)ত ময়নাবতীৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
মাদালছা শৰ্মা
মাদালছা চক্ৰৱৰ্তী (Madalsa Chakraborty; পূৰ্বৰ নাম: মিঠি শৰ্মা; জন্ম: ২৬ ছেপ্টেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী, যিয়ে ষ্টাৰ প্লাছৰ ধাৰাবাহিক অনুপমাত কাব্য শ্বাহৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে বিশেষভাৱে পৰিচিত।
-
শিখা সিং
শিখা সিং শ্বাহ (ইংৰাজী: Shikha Singh Shah; জন্ম: ৭ ফেব্ৰুৱাৰী ১৯৮৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি ভাৰতীয় দূৰদৰ্শন জগতত কৰা কামৰ বাবে বিশেষভাৱে পৰিচিত।
-
শিখা স্বৰূপ
শিখা স্বৰূপ (Shikha Swaroop; জন্ম: ২৩ অক্টোবৰ ১৯৭০) হ'ল এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে ১৯৮৮ চনৰ মিছ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল খিতাপ লাভ কৰে।
-
শিৱাংগী যোশী
শিৱাংগী যোশী এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী টেলিভিছনত কাম কৰে। তেওঁ পৰৱৰিশ - কুছ খট্টী কুছ মিঠীত কেমিঅ' উপস্থিতিৰে টেলিভিছন কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পিছত ২০১৩ চনত ত্ৰিশাৰ চৰিত্ৰত খেলতী হ্যায় জিন্দেগী আঁখ মিচোলীৰ জৰিয়তে পূৰ্ণাংগ অভিনয়ত আত্মপ্ৰকাশ কৰিছিল।
-
শ্বেতা ছালভে
শ্বেতা ছালভে (Shveta Salve) এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী আৰু মডেল, যিয়ে নৃত্য ভিত্তিক ৰিয়েলিটি শ্ব’ ঝলক দিখলা যা ১-ৰ প্ৰথম ৰানাৰ-আপ হিচাপে পৰিচিতি লাভ কৰিছিল।
-
শ্ৰুতি শেঠ
শ্ৰুতি শেঠ (জন্ম: ১৯৭৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ভিডিঅ' জকী। এগৰাকী টেলিভিছন অনুষ্ঠানৰ পৰিচালিকা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰি তেওঁ কেইবাটাও টেলিভিছন শ্ব' আৰু হিন্দী চলচ্চিত্ৰ উদ্যোগত এগৰাকী কৌতুক অভিনেত্ৰী হিচাপে ব্যাপক পৰিচিতি লাভ কৰিছিল।
-
সংগীতা ঘোষ
সংগীতা ঘোষ (ইংৰাজী: Sangita Ghosh; জন্ম: ১৮ আগষ্ট ১৯৭৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ তথা দূৰদৰ্শন অভিনেত্ৰী আৰু মডেল। তেওঁ বিশেষকৈ দেচ মে নিকলা হ'গা চান্দ ধাৰাবাহিকত পাম্মী নামৰ চৰিত্ৰটোত কৰা অভিনয়ৰ বাবে জনাজাত। তেওঁ কেইবাটাও বঁটা বিতৰণী অনুষ্ঠান আৰু দূৰদৰ্শন শৃংখলাৰ আঁত ধৰিছে।
-
সংগীতা চৌহান
সঙ্গীতা চৌহান হৈছে এক ভাৰতীয় অভিনেত্ৰী। তেওঁ ভাপী, গুজৰাট, ভাৰতত জন্মগ্ৰহণ কৰে। তেওঁ কন্নড় চলচ্চিত্ৰ শাৰ্প শুটাৰ আৰু লভ ইউ আলিয়াত অভিনয় কৰিছিল। তেওঁক এক শ্ৰীংগাৰ-স্বাভিমানৰ মেগনা চৌহান হিচাপে জনা যায়।
-
সমীক্ষা
সমীক্ষা সিং (ইংৰাজী: Samiksha Singh; জন্ম: ৮ অক্টোবৰ ১৯৮৫), যিয়ে কেৱল সমীক্ষা নামেৰেও পৰিচিত, এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ তামিল, তেলুগু, পঞ্জাবী, হিন্দী আৰু কন্নড় আদিকে ধৰি বিভিন্ন ভাষাৰ ধাৰাবাহিক আৰু চলচ্চিত্ৰত বৈচিত্ৰ্যময় চৰিত্ৰত অভিনয় কৰিছে।
-
সমৃদ্ধি শুক্লা
সমৃদ্ধি শুক্লা (ইংৰাজী: Samridhii Shukla; জন্ম: ১৪ নৱেম্বৰ ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ডাবিং শিল্পী, যিয়ে প্ৰধানকৈ হিন্দী টেলিভিছনত কাম কৰে। ‘ডৰেমন’ কাৰ্টুনত ডৰেমনৰ চৰিত্ৰত কণ্ঠদানৰ বাবে পৰিচিত শুক্লাই ‘সাৱী কী সাৱাৰী’-ত সাৱী গোৱেল ডালমিয়াৰ চৰিত্ৰত অভিনয় কৰি অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল।
-
সুহানী ধানকী
সুহানী ধানকী (ইংৰাজী: Suhani Dhanki) এগৰাকী ভাৰতীয় ভৰতনাট্যম নৃত্যশিল্পী আৰু টেলিভিছন অভিনেত্ৰী। ২০১৩–২০১৪ বৰ্ষত স্বস্তিক প্ৰডাকচনৰ ‘মহাভাৰত’ ধাৰাবাহিকত মদ্ৰ দেশৰ ৰাজকুমাৰী মাদ্ৰীৰ চৰিত্ৰত অভিনয় কৰি তেওঁ অভিনয় জীৱনৰ পাতনি মেলিছিল।
-
সোনম লাম্বা
সোনম লাম্বা (জন্ম: ২৬ ফেব্ৰুৱাৰী ১৯৯৭) এগৰাকী ভাৰতীয় দূৰদৰ্শন অভিনেত্ৰী, যিয়ে ষ্টাৰ প্লাছৰ ধাৰাবাহিক সাথ নিভানা সাথিয়াত বিদ্যা মোডী সূৰ্যবংশী চৰিত্ৰটো ৰূপায়ণ কৰাৰ বাবে পৰিচিত।
-
ৰতি পাণ্ডে
ৰতি পাণ্ডে'হিটলাৰ দিদি, মিলে জব হাম তুম, পৰুছ, দেৱী আদি পৰাশক্তি, বেগুছৰাই, হৰ ঘৰ কুছ কেহতা হ্যায় আৰু শাদী মুবাৰক ছবিত অভিনয় কৰি ভাৰতীয় অভিনেত্ৰী হিচাপে পৰিচিত হয়।
-
ৰিচা আহুজা
ৰিচা আহুজা এগৰাকী পূৰ্ব ভাৰতীয় অভিনেত্ৰী। তেওঁ ১৯৯২ চনৰ পৰা ২০০১ চনলৈকে হিন্দী, তামিল, ইংৰাজী আৰু ফৰাচী ভাষাৰ চলচ্চিত্ৰ আৰু নাটকৰ ক্ষেত্ৰত অভিনয় কৰিছিল। কিন্তু তাৰ পিছত তেওঁক চলচ্চিত্ৰ জগতত দেখিবলৈ পোৱা নগ'ল।
-
ৰুহানিকা ধৱন
ৰুহানিকা ধৱন (ইংৰাজী: Ruhaanika Dhawan; জন্ম: ২৫ ছেপ্টেম্বৰ ২০০৭) এগৰাকী ভাৰতীয় টেলিভিছন অভিনেত্ৰী। তেওঁ ২০১২ চনত জি টিভিৰ ধাৰাবাহিক মিচেছ কৌশিক কী পাঁচ বহুৱেঁ-ত আশীৰ চৰিত্ৰত অভিনয় কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
ৰূপল পেটেল
ৰূপল পেটেল দত্ত (ইংৰাজী: Rupal Patel; জন্ম: ১৯৬৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী। ভাৰতৰ অন্যতম দীৰ্ঘদিনীয়া ধাৰাবাহিক সাথ নিভানা সাথিয়াত (২০১০–২০১৭) কোকিলা মোডীৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
ৰূপালী গাঙ্গুলী
ৰূপালী গাঙ্গুলী (জন্ম ৫ এপ্ৰিল ১৯৭৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ হিন্দী দূৰদৰ্শন জগতত কাম কৰে। হিন্দী টেলিভিছনত নাৰীৰ চৰিত্ৰ উপস্থাপনৰ ধাৰণাত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিবলৈ আগভাগ লোৱা অভিনেত্ৰী হিচাপে তেওঁ বিশেষভাৱে পৰিচিত।