অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অদিতি ৰাও হায়দৰী

অদিতি ৰাও হায়দৰী (Aditi Rao Hydari, জন্ম-২৮ অক্টোবৰ ১৯৭৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী আৰু গায়িকা৷ হিন্দী ভাষাৰ ছবিৰ লগতে অদিতিয়ে তামিল, তেলেগু আৰু মালায়ালম ভাষাৰ চলচ্চিত্ৰতো অভিনয় কৰিছে৷ ২০০৭ চনত তামিল ভাষাৰ ছবি শৃংগৰামৰ যোগেদি অদিতিয়ে ছবিৰ জগতত খোজ পেলায়৷ পিছে অদিতিৰ বাবে…

হালনাগাদ: ২৬ জুলাই ২০২৪ ৭৮১ শব্দ · ৪ মিনিট সংগৃহীত ৫১
সংশোধনৰ পৰামৰ্শ

অদিতি ৰাও হায়দৰী (Aditi Rao Hydari, জন্ম-২৮ অক্টোবৰ ১৯৭৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী আৰু গায়িকা৷ হিন্দী ভাষা ভাষাৰ ছবিৰ লগতে অদিতিয়ে তামিল ভাষা, তেলুগু ভাষা আৰু মালয়ালম ভাষা ভাষাৰ চলচ্চিত্ৰতো অভিনয় কৰিছে৷

২০০৭ চনত তামিল ভাষাৰ ছবি শৃংগৰামৰ যোগেদি অদিতিয়ে ছবিৰ জগতত খোজ পেলায়৷ পিছে অদিতিৰ বাবে খ্যাতি আৰু সমাদৰ কঢ়িয়াই আনে ২০১১ চনৰ ৰোমাণ্টিক থ্ৰিলাৰধৰ্মী ছবি য়ে ছালী জিন্দেগীয়ে৷ ছবিখনৰ পৰিচালক আছিল সুধীৰ মিশ্ৰ৷ ছবিখনত অভিনয় কৰি অদিতিয়ে শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ স্ক্ৰীণ বঁটা পাবলৈ সক্ষম হয়৷ পৰৱৰ্তী সময়ত অদিতিয়ে সাংগীতিক ড্ৰামা ৰকষ্টাৰ (২০১১), হৰৰ-থ্ৰিলাৰ মাৰ্ডাৰ-৩ (২০১৩), একছন-কমেডি বছ (২০১৩) আৰু থ্ৰিলাৰধৰ্মী ছবি ৱাজিৰ (২০১৬)ত অভিনয় কৰে৷

২০১৭ চনত হায়দৰীয়ে মণি ৰত্নমৰ ছবি কাটৰু ৱেলিয়িডায়ত এটি শীৰ্ষ চৰিত্ৰত অভিনয় কৰে৷ চিকিৎসক লীলা আব্ৰাহমৰ ভূমিকাত তেখেত অৱতীৰ্ণ হয়৷ ছবিখন মুক্তি হোৱাৰ পাছত, অদিতিয়ে দক্ষিণ ভাৰতীয় ছবি উদ্যোগতো নিজৰ প্ৰসাৰতা লাভ কৰে৷ ১২০১৮ চনত অদিতিয়ে মহাকাব্যিক ছবি পদ্মাৱতত আলাউদ্দিন খিলিজীৰ পত্নী ৰাণী মেহেৰুন্নিছাৰ চৰিত্ৰটো ৰূপায়ণ কৰে৷ ছবিখন সৰ্বাধিক উপাৰ্জনকাৰী হিন্দী ভাষাৰ ছবিৰ তালিকাভূক্ত হয়৷

প্ৰাৰম্ভিক জীৱন

অদিতিৰ জন্ম হৈছিল হায়দৰবাদত৷২ পিতৃ আছিল এহছান হায়দৰী আৰু মাতৃ বিদ্যা ৰাও৷ বিদ্যা ৰাও হৈছে এগৰাকী সমাদৃত শাস্ত্ৰীয় কণ্ঠশিল্পী৷ তেখেতে থুমৰী আৰু দাদৰা প্ৰকাৰৰ সংগীতলৈ বৰঙণি আগবঢ়াইছে৷৩৪ পিতৃ এগৰাকী ছুলাইমানী মুছলিম আৰু মাতৃ এগৰাকী হিন্দু আছিল৷ ২০১৩ চনত অদিতিৰ পিতৃৰ দেহাৱসান হয়৷ ৫

অদিতিৰ দুবছৰ বয়সত তেখেতৰ পিতৃ-মাতৃৰ মাজত বিবাহ-বিচ্ছেদ হয়৷ মাতৃ হায়দৰাবাদলৈ আহে আৰু তাৰপৰাই পাৰিবাৰিক ব্যৱসায় চম্ভালে৷ আনহাতে পিতৃয়ে দ্বিতীয় বিবাহ কৰে৷৫ হায়দৰীয়ে হায়দৰবাদ আৰু দিল্লীত শৈশৱ অতিবাহিত কৰে৷ ছবছৰ বয়সত অদিতিয়ে ভাৰতনাট্যমৰ প্ৰশিক্ষণ আৰম্ভ কৰে আৰু প্ৰতিষ্ঠিত নৃত্যশিল্পী লীলা ছেমছনৰ শিষ্যা হয়৷৬ অদিতিয়ে কৃষ্ণমূৰ্তি সংস্থাত শিক্ষাগ্ৰহণ কৰে আৰু পাছলৈ দিল্লী বিশ্ববিদ্যালয়ৰ লেডি শ্ৰীৰাম কলেজৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰে৷৭৮

হায়দৰীয়ে পিতৃ আৰু মাতৃ দুয়োৰে উপাধিটো নিজৰ নামৰ লগত সংলগ্ন কৰিছে৷ তেখেতে কয় যে-"I wanted to keep both, as my mom has brought me up, but my father is also a part of me. Hydari is a rare name so I kept both Rao and Hydari."৯

কৰ্মজীৱন

ভাৰতনাট্যমৰ নৃত্যশিল্পী হিচাপে হায়দৰীয়ে নিজৰ কেৰিয়াৰৰ পাতনি মেলে৷ শিক্ষাগুৰু লীলা ছেমছনৰ নৃত্যৰ দল স্পেন্দাৰ লগত অদিতি জড়িত হয় আৰু শিক্ষাৰ্থীসকলক প্ৰশিক্ষিত কৰে৷ তেখেতে ভাৰতৰ বাহিৰলৈও গৈ মঞ্চত নৃত্য প্ৰদৰ্শন কৰে৷১০১১ ২০০৪ চনৰ প্ৰাৰম্ভতে, হায়দৰীয়ে তেখেতৰ অভিনয় জীৱনৰ প্ৰথমখন ছবি শৃংগৰামত অভিনয় কৰে৷ ছবিখনত অদিতিয়ে ১৯ শতিকাৰ উপাসনাগৃহৰ এগৰাকী নৃত্যশিল্পী দেৱদাসীৰ ভূমিকাত অৱতীৰ্ণ হয়৷ ১২ তামিল ভাষাৰ এই ছবিখনৰ পৰিচালক আছিল শাৰদা ৰামানাথন আৰু প্ৰযোজক আছিল পদ্মিনী ৰৱি৷১৩ ছবিখন ২০০৫ আৰু ২০০৬ চনত বহুকেইটা ছবি মহোৎসৱত প্ৰদৰ্শিত হয়৷ ইয়াৰ পিছত ছবিখনে তিনিটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অৰ্জন কৰিবলৈ সক্ষম হয়৷১৩ ছবিগৃহত ছবিখন মুক্তি হয় ২০০৭ চনৰ অক্টোবৰ মাহত৷ অদিতৰ অভিনয়দক্ষতা প্ৰত্যক্ষ কৰি এগৰাকী সমালোচকে মন্তব্য কৰে যে-"the film has brilliant acting from the lead, Aditi Rao".১৪১৫

অৱশ্যে ছবিগৃহত মুক্তি পোৱা আদিতিৰ প্ৰথমখন ছবি হয়গৈ মালায়ালম ভাষাৰ ছবি প্ৰজাপতি (২০০৬)৷ এইখন ছবিত অদিতিয়ে মাম্মুট্টীৰ সৈতে অভিনয় কৰিছিল৷ ১৬ ২০০৯ চনত অদিতিয়ে ৰাকেশ ওমপ্ৰকাশ মেহৰাৰ ছবি দিল্লী-৬ত অভিনয় কৰে৷ ছবিখনত অভিষেক বচ্চন আৰু ছোনম কাপুৰ-য়েও অভিনয় কৰিছিল৷ এইখন হৈছে অদিতিৰ প্ৰথমখন হিন্দী ছবি৷ ১৭

২০০৯-২০১৫

২০১১ চনত হায়দৰীয়ে সুধীৰ মিশ্ৰৰ ৰোমাণ্টিক ড্ৰামা ছবি য়ে ছালী জিন্দেগীত অভিনয় কৰে৷ ছবিখনত তেখেতৰ বিপৰীতে অভিনয় কৰিছিল অৰুণোদয় সিঙে৷ এগৰাকী প্ৰাক্তন অভিযুক্তৰ পত্নীৰ ভূমিকাত অৱতীৰ্ণ হোৱা অদিতিয়ে ছবিখনত আগবঢ়োৱা অনবদ্য অভিনয়শৈলীৰ বাবে দৰ্শক আৰু সমালোচকৰ পৰা প্ৰশংসা লাভ কৰে৷ অৱশ্যে অৰুণোদয় আৰু অদিতিৰ মাজত চিত্ৰায়িত হোৱা কেতবোৰ উত্তেজক দৃশ্যইও এইক্ষেত্ৰত অৰিহণা যোগাইছিল৷১৮ অদিতিয়ে অভিনয়ৰ বাবে স্ক্ৰীণ বঁটাৰ পৰা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ সন্মান লাভ কৰে৷ ইয়াৰ পিছত ছবিখনৰ জনপ্ৰিয়তা বৃদ্ধি হয়৷১৯ ২০১১ চনত অদিতিক দেখা যায় সাংগীতিক ড্ৰামা ছবি ৰকষ্টাৰত৷২০ পোনপ্ৰথমে অদিতিক কেন্দ্ৰীয় চৰিত্ৰটোৰ বাবে যোগাযোগ কৰা হৈছিল যদিও ছবিখনৰ পৰিচালক ইমতিয়াজ আলীয়ে নৱাগতা নাৰ্গিছ ফাকৰীকহে শেষমুহূৰ্তত সেই চৰিত্ৰটোলৈ নিৰ্বাচিত কৰে৷ পাছত আলীয়ে অদিতিক সহ-অভিনেত্ৰীৰ বাবে যোগাযোগ কৰে৷১৯২১অৱশ্যে ছবিখন মুক্তি হোৱাৰ আগে আগে অদিতিৰ বহুকেইটা দৃশ্য মূল ছবিৰ পৰা কাটি দিয়া হয়৷ এনেধৰণৰ কাৰ্য তেখেতৰ পূৰ্বৰ ছবি দিল্লী-৬তো কৰা হৈছিল৷ এগৰাকী সমালোচকে এই অসামঞ্জস্যতা প্ৰত্যক্ষ কৰি মন্তব্য কৰে যে, তেখেতৰ চৰিত্ৰটো- (her role)..."suffers due to an undeveloped characterization".২২২৩

অদিতিয়ে এটা ৰাজহুৱা মন্তব্য প্ৰকাশ কৰে যে-তেখেতে কেন্দ্ৰীয় চৰিত্ৰতহে অভিনয় কৰিব বিচাৰে, সহকাৰী অভিনেত্ৰী হিচাপে নহয়৷ ২০১২ চনত অদিতিয়ে আলী জাফৰৰ বিপৰীতে লণ্ডন, পেৰিছ, নিয় ইয়ৰ্ক নামৰ ছবিখনত শীৰ্ষ চৰিত্ৰত অভিনয় কৰে৷ এইটো আছিল তেখেতৰ প্ৰথমটো কেন্দ্ৰীয় চৰিত্ৰ৷২৪২৫ অনু মেননৰ দ্বাৰা পৰিচালিত হোৱা এই ছবিখনত এহাল ডেকা-গাভৰু বিভিন্ন প্ৰেক্ষাপটত পৃথিৱীৰ তিনিখন ভিন্ন ঠাইত দেখাদেখি হয়৷২৬ ছবিখনত অদিতিয়ে ললিতা নামৰ চৰিত্ৰটো ৰূপায়ন কৰে আৰু সমালোচকৰ পৰা মোটামুটি ইতিবাচক সঁহাৰি লাভ কৰে৷ উদাহৰণস্বৰূপে, Sify.comৰ এগৰাকী সমালোচকে কয় যে, haydari "makes the transition from side actress to leading lady and is instantly impressive". ২৭ দ্য হিন্দু আৰু এনডিটিভিৰ সমালোচকেও অদিতিৰ অভিনয়ক প্ৰশংসা কৰে৷২৮২৯ হলিউডৰ এনিমেশ্যন ছবি Ice Age 4: Continental Driftত অদিতিয়ে সেইখিনি সময়তে উই আৰ ফেমিলি নামৰ গীতটোত কণ্ঠদান কৰে৷৩০৩১

২০১৩ চনত অদিতিক বিশেষ ভাটৰ ছবি মাৰ্ডাৰ-৩ত দেখা যায়৷৩২৩৩ ২০১৩ চনতে হায়দৰীয়ে অক্ষয় কুমাৰ অভিনীত এখন একছন কমেডি বছত অভিনয় কৰে৷৩৪

২০১৬-বৰ্তমান

২০১৬ চনত হায়দৰীয়ে অমিতাভ বচ্চন আৰ ফাৰহান আখতাৰৰ লগত ৱাজীৰ ছবিখনত অভিনয় কৰে৷৩৫ ছবিখনত আগবঢ়োৱা অভিনয়ৰ বাবে হায়দৰীয়ে ইতিবাচক সঁহাৰি লাভ কৰে৷ ফাৰ্ষ্টপ'ষ্টৰ গায়ত্ৰী গৌৰীয়ে কয় যে-"welcome change from glamorous heroines we usually see on screen."৩৬

২০১৭ চনত অদিতিয়ে অভিনয় কৰা প্ৰথমখন ছবি আছিল মণি ৰত্নমৰ নিৰ্দেশনাত তামিল ভাষাৰ Kaatru Veliyidai.(৷) এ আৰ ৰহমানে সংগীত সজোৱা এই ছবিখনে দৰ্শক আৰু সমালোচকৰ পৰা মিশ্ৰিত সঁহাৰি লাভ কৰে৷৩৭

২০২১ চনত অদিতিক দ্য গাৰ্ল অন দ্য ট্ৰেইনত দেখা যায়৷ ছবিখনৰ পৰিচালক হৈছে ৰিভু দাসগুপ্তা৷ ছবিখনত পৰিনীতি চোপ্ৰা, কীৰ্তি কুলহাৰী, অভিনাশ তিৱাৰী আদিয়ে অভিনয় কৰে৷৩৮

তথ্যসূত্ৰ

  1. ↑ MumbaiJuly 3, Suhani Singh; July 3, 2020UPDATED; Ist, 2020 01:21. They were writing scripts for me: Aditi Rao Hydari. India Today
  2. ↑ Adivi, Sashidhar. (26 November 2017). I always consider myself a Hyderabadi: Aditi Rao Hydari. Deccan Chronicle
  3. ↑ Panicker, Anahita. (20 September 2017). I feel like a kid in a candy shop!. The Hindu
  4. ↑ Stephen, Rosella. (21 July 2017). Doing desi-boho like Aditi. The Hindu
  5. ↑ Chakraborty, Sumita. (5 December 2013). Aditi Rao Hydari on screen kissing, the casting couch and more... Stardust. savvy.co.in
  6. ↑ (6 August 2005). Delhi girl's Chennai tryst. দ্য হিন্দু
  7. ↑ Mukherjee, Treena. (12 October 2014). Making the right moves. The Telegraph
  8. ↑ Kaushik, Divya. (7 August 2015). Aditi Rao Hydari: I know the best places to shop in Delhi. The Times of India
  9. ↑ Gupta, Priya. (23 February 2013). I've always struggled with my relationship with my father: Aditi. The Times of India
  10. ↑ The Hindu: Winsome twosome. The Hindu
  11. ↑ The Tribune, Chandigarh, India – Chandigarh Stories. The Tribune
  12. ↑ Dance, to me, has been like a marriage. The Times of India
  13. ↑ (26 September 2007). Sringaram, a labour of love. Rediff.com
  14. ↑ Sringaram review. Rediff.com
  15. ↑ Sumathi, Saigan. Review – Poignant tale of the devadasis..- Lada Singh. Narthaki.com
  16. ↑ Shobana look-alike?. Sify.com
  17. ↑ Aditi: Delhi 17 to Delhi 6. The Times of India
  18. ↑ (31 January 2011). Record breaking lip-locks!. Rediff
  19. ↑ Meet Rockstar Ranbir's impulsive co-star. Rediff.com
  20. ↑ (8 February 2011). Aditi Rao the other woman in Rockstar. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  21. ↑ Aditi Rao the other woman in Rockstar. The Times of India
  22. ↑ ROCKSTAR: Was Aditi Rao Hydari's role shortened?. Bollywoodlife.com
  23. ↑ Rockstar Review –. Bollywood Hungama
  24. ↑ Aditi Rao Hydari wants to play lead roles – Indian Express. The Indian Express
  25. ↑ Drama Queen. The Indian Express
  26. ↑ (22 August 2011). Ali Zafar busy shooting his third Hindi film. The Times of India
  27. ↑ Review: London Paris New York (2012). Sify.com
  28. ↑ Review: London Paris New York – NDTV Movies. Movies.ndtv.com
  29. ↑ Kamath, Sudhish. (3 March 2012). London Paris New York: Love, lost and found. The Hindu
  30. ↑ Ghosh, Deboshree. Aditi Rao Hydari sings for 'Ice Age: Continental Drift': watch video!. Bollywoodlife.com
  31. ↑ Actress Aditi Rao Hydari to sing for Ice Age 4. Rediff.com
  32. ↑ (23 February 2013). I've always struggled with my relationship with my father: Aditi. The Times of India
  33. ↑ (16 February 2013). 'Murder 3' review: But where's the murder?. Deccan Chronicle
  34. ↑ Boss Cast & Crew. Bollywood Hungama
  35. ↑ (24 October 2014). Bejoy Nambiar's Do is now Wazir. The Asian Age
  36. ↑ Gauri, Gayatri. (9 January 2016). Wazir review: Farhan is the Badshah, but Bachchan is mechanical in Vidhu Chopra's laborious gimmick. Firstpost
  37. ↑ Kaatru Veliyidai box office collection. M.behindwoods.com
  38. ↑ (30 January 2021). 'The Girl On The Train': Parineeti Chopra, Aditi Rao Hydari, Kirti Kulhari, Avinash Tiwary's character posters out. DNA India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীভাৰতীয় নৃত্যশিল্পীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীদাক্ষিণাত্যৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অদিতি ৰাও হায়দৰী” প্ৰবন্ধৰ সংশোধন ৪২৬৫৭২ (২৬ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।