অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মল্লিকা সাৰাভাই

মল্লিকা সাৰাভাই শ্বাহ (জন্ম: ৯ মে', ১৯৫৩) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্য শিল্পী তথা অভিনেত্ৰী। তেওঁ শাস্ত্ৰীয় নৃত্য শিল্পী মৃণালিনী সাৰাভাই আৰু মহাকাশ বিজ্ঞানী বিক্ৰম সাৰাভাইৰ কন্যা।

হালনাগাদ: ১৯ এপ্ৰিল ২০২৫ ৪২৭ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

মল্লিকা সাৰাভাই শ্বাহ (জন্ম: ৯ মে', ১৯৫৩) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্য শিল্পী তথা অভিনেত্ৰী। তেওঁ শাস্ত্ৰীয় নৃত্য শিল্পী মৃণালিনী সাৰাভাই আৰু মহাকাশ বিজ্ঞানী বিক্ৰম সাৰাভাইৰ কন্যা। তেওঁ এগৰাকী পাকৈত কুচিপুড়ি আৰু ভাৰতনাট্যমৰ নৃত্যশিল্পী১ তথা কলাকাৰ যি সমাজৰ পৰিৱৰ্তন তথা পৰিৱৰ্তনৰ বাবে কলাৰ প্ৰয়োগ কৰিছে।

জীৱনৰ আদিচোৱা

বিক্ৰম সাৰাভাই আৰু মৃণালিনী সাৰাভাইৰ দুহিতা মল্লিকা সাৰাভাইৰ ভাৰতৰ গুজৰাট ৰাজ্যৰ আহমেদাবাদত জন্ম হয়। তেখেতে ১৯৭৪ চনত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, আহমেদাবাদৰ পৰা এম বি এ সম্পূৰ্ণ কৰে তথা গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা ১৯৭৬ চনত অৰ্গেনাইজেচনেল বিহেভিয়াৰ বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে।২ তেওঁ এগৰাকী বিখ্যাত কৰিঅ'গ্ৰাফাৰ আৰু নৃত্যশিল্পী। ইয়াৰোপৰি তেওঁ হিন্দী, মালায়ালম, গুজৰাটী আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ বোলছবিত অভিনয় কৰিছে।

পেচা

তেওঁ কৈশোৰ অৱস্থাৰ পৰাই নৃত্য শিকিবলৈ আৰম্ভ কৰে আনকি সমান্তৰাল ভাৱে মাত্ৰ ১৫ বছৰ বয়সৰ পৰাই চিনেমাত অভিনয় কৰিবলৈ লয়। মল্লিকাই পিটাৰ ব্ৰুকৰ নাটক মহাভাৰতৰ দ্ৰৌপদীৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ গোটেই জীৱন কালত বহু সন্মান তথা উপাধি লাভ কৰিবলৈ সক্ষম হয়। গ'ল্ডেন ষ্টাৰ পুৰস্কাৰ ইয়াৰে এক উল্লেখযোগ্য সম্মান এই সন্মান তেওঁ একক নৃত্যৰ শাখাত লাভ কৰিবলৈ সক্ষম হয়। এগৰাকী পাকৈত নৰ্তকীৰ সমান্তৰালকৈ সাৰাভাই এগৰাকী সামাজিক কৰ্মীও।৩তেওঁ আহমেদাবাদত পাৰফৰ্মিং আৰ্টচৰ দৰ্পণ একাডেমি পৰিচালনা কৰে, শিল্পৰ বাবে এটি কেন্দ্ৰ তথা সামাজিক আচৰণ পৰিবৰ্তনৰ ভাষা হিচাপে কলাক অস্ত্ৰৰ দৰে ব্যবহাৰ কৰিছিল।৪

কৰ্ম দক্ষতা

মল্লিকা সাৰাভাইয়ে 'হিমালয় সে উসা' নামৰ এখন হিন্দি চিলচিত্ৰত অভিনয় কৰিছিল। এই ছবিখনে ১৯৭৫ চনত মুক্তি পায়। উক্ত ছবি খনত সুনিল দত্তই মুখ্য নায়কৰ ভূমিকা পালন কৰে। অৱশ্যে বক্স অফিসত ছবিখনে বৰ এটা ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম নহ'ল।

১৯৮৯ চনত তেওঁ একক নাট্যশিল্পত শক্তিৰ চৰিত্ৰত অভিনয় কৰিছিল।৫ সিতা দেৱীৰ পুত্ৰী ভূমিকাত তেওঁৰ নৃত্যাভিনয়ে গোটেই বিশ্বত খলকনি তোলে। প্ৰায় ৫০০ বাৰলৈ তিনিটা ভিন্ন ভাষাত তেওঁ এই প্ৰদৰ্শনৰে দৰ্শকক আহ্লাদিত কৰে। ইয়াৰ পিছত তেওঁ বৰ্তমান প্ৰেক্ষাপটতৰ বিভিন্ন সমস্যা আৰু ইয়াৰ বাবে সজাগতাক মূল বিষয় হিচাপে লৈ সৃষ্টিমূলক ভাৱে বহু বাৰ অভিনয় কৰে তথা অভিনয় পৰিচালনাৰ কাম কৰে। ইয়াৰ ভিতৰত এটা মূল চৰিত্ৰ আছিল 'মীৰা'। হৰ্ষ মাণ্ডেৰ, 'আন হিয়েৰ্ড ভইচ্' কিতাপ খনৰ আধাৰত মল্লিকা সাৰাভাইয়ে ভাৰতীয় অভিজাত বিদ্যালয়-মহাবিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ভাৰতীয় মধ্যবিত্ত তথা দৰিদ্ৰ সকলে সন্মুখীন হোৱা সমস্যাৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে 'আনচুনি' নামেৰে এখন নাটকৰ স্ক্ৰিপ্ট ৰচনা কৰে। এই নাটকখন প্ৰায় ১২০খন বিদ্যালয়-মহাবিদ্যালয়ত প্ৰদৰ্শন কৰা হয়। পিছত ভাৰতীয় প্ৰেক্ষাপটত এই নাটক খন সমাদৃত হয়।

২০০৯ চনত মল্লিকা সাৰাভায়ে ৩৪ তম বিক্ৰম সাৰাভাই আন্তৰ্জাতিক শিল্প উৎসৱত অৰবিন্দ গৌৰ দ্বাৰা পৰিচালিত 'The Good Person of Szechwan'ত অভিনয় কৰে। ২০১২ চনত মল্লিকা চলচ্চিত্ৰ নিৰ্মাতা যাদব চন্দ্ৰন আৰু পিয়ানোবাদ এলিজাবেথ সম্বাৰ্টৰ সৈতে 'ডেউকা ভঙা নাৰী' শীৰ্ষক এখন আন্তৰ্জাতিক ছবিত সহ পৰিচালকৰ ভূমিকা পালন কৰে। এইখন আছিল নানান হিংসাৰ বলি হোৱা মহিলা সকলৰ প্ৰতি এক গাঁথা স্বৰূপ। ২০১৪ চনত তেওঁ যাদব চন্দ্ৰন, কাদক বাদচাহীৰ সৈতে আহমেদাবাদৰ ৬০৩ বছৰীয়া ঐতিহ্যৰ এক মাল্টিমিডিয়া প্ৰডাকচনক পুনৰুজ্জীবিত কৰে। নতৰানীৰ দৰ্পণত তেওঁলোকৰ এই প্ৰদৰ্শন সম্পূৰ্ণ ৩৩টা ৰাতি একেৰাহে চলে।

তথ্যসূত্ৰ

  1. ↑ International encyclopedia of dance: a project of Dance Perspectives Foundation, Inc
  2. ↑ indobase Dances of India
  3. ↑ Inspiring woman
  4. ↑ Welcome to the world of Darpana
  5. ↑ Inspiring woman - Mallika Sarabhai

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নৃত্যশিল্পীভাৰতীয় অভিনেত্ৰীপদ্মভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মল্লিকা সাৰাভাই” প্ৰবন্ধৰ সংশোধন ৫০৩৯৯৪ (১৯ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।