অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কাল্কী কেকলাঁ

কাল্কী কেকলাঁ (Kalki Koechlin; জন্ম ১০ জানুৱাৰী ১৯৮৪) হৈছে এগৰাকী হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু লেখিকা। বলিউডত অপ্ৰচলিত আৰু ব্যতিক্ৰমধৰ্মী ধাৰাৰ ছবিত অভিনয়ৰ বাবে কাল্কী পৰিচিত। তেখেতে এতিয়ালৈকে এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, এটা ফিল্মফেয়াৰ, দুটা স্ক্ৰীণ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৪৪৯ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

কাল্কী কেকলাঁ (Kalki Koechlin; জন্ম ১০ জানুৱাৰী ১৯৮৪) হৈছে এগৰাকী হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু লেখিকা। বলিউডত অপ্ৰচলিত আৰু ব্যতিক্ৰমধৰ্মী ধাৰাৰ ছবিত অভিনয়ৰ বাবে কাল্কী পৰিচিত। তেখেতে এতিয়ালৈকে এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, এটা ফিল্মফেয়াৰ, দুটা স্ক্ৰীণ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ফৰাচী নাগৰিক হ'লেও কাল্কীয়ে জীৱনৰ অধিকাংশ সময় ভাৰততেই অতিবাহিত কৰিছে।

ভাৰতৰ পুডুছেৰীত জন্মগ্ৰহণ কৰা কাল্কীৰ পিতৃ-মাতৃ হৈছে ফৰাচী মূলৰ।১ খুবেই কম বয়সতে কাল্কী থিয়েটাৰৰ প্ৰতি আকৰ্ষিত হয়। লণ্ডন বিশ্ববিদ্যালয়ত তেখেতে নাট্যৰ বিষয়ে অধ্যয়ন কৰে।২৩ সপ্তাহান্তিকত কাল্কীয়ে হোটেলৰ পৰিচাৰিকা হিচাপে কাম কৰিছিল।৪ একেটা সময়তে তেখেতে স্থানীয় থিয়েটাৰ কোম্পানীৰ লগতো কাম কৰি থাকে। ভাৰতলৈ উভতি আহি কাল্কীয়ে 'দেৱ-দী' নামৰ ছবিখনৰ জৰিয়তে অভিষকে কৰে। ২০০৯ চনত মুক্তিলাভ কৰা ছবিখনৰ জৰিয়তে কাল্কীয়ে ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা লাভ কৰে। পৰ্যায়ক্ৰমে ২০১১ আৰু ২০১৩ চনত কাল্কীয়ে 'জিন্দেগী না মিলেগী দুবাৰা' আৰু 'য়ে জৱানী হে দিৱানী'ত অভিনয় কৰে। দুয়োখন ছবিৰ বাবে তেখেতে ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ সহ-অভিনত্ৰীৰ মনোনয়ন লাভ কৰে। ২০১১ চনত কাল্কীয়ে 'ডেট গাৰ্ল ইন য়েলো বুটছ' নামৰ ছবিখনৰ বাবে চিত্ৰনাট্য ৰচনা কৰে। এইখন এখন অপৰাধমূলক থ্ৰিলাৰ ছবি আছিল, য'ত কাল্কীয়ে শীৰ্ষ চৰিত্ৰত অভিনয় কৰিছিল।

২০১৪ চনত কাল্কীতে 'মাৰ্গাৰিটা উইথ এ ষ্ট্ৰ' নামৰ এখন ছবিত অভিনয় কৰি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ পৰা বিচাৰকৰ বিশেষ বঁটা অৰ্জন কৰে। ২০১০ৰ দশকত, কাল্কীয়ে ৱেব চিৰিজৰ পৃথিৱীখনত প্ৰৱেশ কৰে। ২০১৯ চনত কাল্কীক দেখা যায় প্ৰাইম ভিডিঅ'ৰ ৱেব ছিৰিজ 'মেইড ইন হেভেন' আৰু নেটফ্লিক্সৰ ৱেব চিৰিজ 'ছেক্ৰেড গেইমছ'ত।

কাল্কীয়ে মঞ্চৰ বাবে বহুকেইখন নাটক লিখিছে আৰু প্ৰযোজনা কৰিছে। একাংশ নাট্যত তেখেতে অভিনয়ো কৰিছে। ২০০৯ চনত তেখেতে 'স্কেলিটন ৱমেন' নামৰ নাটকখনৰ সহ-লেখক হিচাপে অৱতীৰ্ণ হয়। নাটকখনৰ জৰিয়তে তেখেতে 'দ্য মেট্ৰপ্লাছ প্লেইৰাইট' বঁটা লাভ কৰে। কাল্কী এগৰাকী সমাজকৰ্মীও। নাৰী শিক্ষা আৰু লিংগ সমতাৰ হকে তেখেতে সক্ৰিয়ভাৱে মাত মাতি আহিছে।

প্ৰাৰম্ভিক জীৱন

কাল্কী কেকলাঁৰ জন্ম হৈছিল ভাৰতৰ পণ্ডিচেৰীত, ১৯৮২ চনৰ ১০ জানুৱাৰীত। তেখেতৰ পিতৃ আছিল ফৰাচী মূলৰ জোৱেল কেকলাঁ আৰু মাতৃ হৈছে ফ্ৰাংকইছ আৰমাণ্ডি। তেওঁলোক সেইসময়ত ফ্ৰান্সৰ এঞ্জাৰছৰ পৰা আহি ভাৰতত আছিলহি।১৫ কাল্কী হৈছে মৰিছ কেকলাঁৰ উত্তৰপ্ৰজন্ম। মৰিছ আছিল এগৰাকী ফৰাচী স্থপতি অভিযন্তা, যিয়ে আইফেল টাৱাৰৰ আৰ্হিকাৰ আৰু নিৰ্মাণত অন্যতম ভূমিকা লৈছিল।৬ কাল্কীৰ অভিভাৱক শ্ৰী অৰবিন্দৰ উপাসক। কাল্কীয়ে শৈশৱৰ এছোৱা দীঘলীয়া সময় অৰ'ভিলত কটাইছে।৫৭ পৰিয়ালটো পাছলৈ তামিলনাডুৰ উটিত স্থায়ীভাৱে থাকিবলৈ লয়। ইয়াতে কাল্কীৰ পিতৃয়ে নিজাকৈ ব্যৱসায়ো আৰম্ভ কৰে।৬৪

মাতৃ আৰমাণ্ডিৰ সৈতে কাল্কী, ২০১৬ চনত
মাতৃ আৰমাণ্ডিৰ সৈতে কাল্কী, ২০১৬ চনতছবি: Bollywood Hungama · CC BY 3.0

উটিৰ এটা কঠোৰ পৰিৱেশত কাল্কী প্ৰতিপালিত হৈছিল। তেখেতে ইংৰাজী, তামিল আৰু ফৰাচী ভাষা শিকে আৰু কয়।২৮ পোন্ধৰ বছৰ বয়সত কাল্কীৰ পিতৃ আৰু মাতৃৰ মাজত বিবাহ বিচ্ছেদ হয়। পিতৃ বেংগালুৰুলৈ যায় আৰু পুনৰ্বিবাহ কৰে। আনহাত কাল্কী মাতৃৰ লগতেই থাকে।২ পিতৃ-মাতৃৰ বিবাহ-বিচ্ছেদৰ পূৰ্ব, পাঁচৰ পৰা আঠবছৰলৈকে সময়ছোৱাক কাল্কীয়ে “সুখতম” বুলি স্মৰণ কৰে।৯ কাল্কীৰ দুটি অৰ্ধ-ভ্ৰাতৃও আছে, যাক তেখেতে মাতৃ আৰু পিতৃৰ পূৰ্বৰ বিবাহসূত্ৰে লাভ কৰিছে।২

উটীৰ হেবৰন বৰ্ডিং স্কুলতেই কাল্কীয়ে শিক্ষাজীৱনৰ পাতনি মেলে। শিক্ষানুষ্ঠানখনত অধ্যয়ন কৰি থকা কালতেই কাল্কীয়ে লিখা আৰু অভিনয় শিকা আৰম্ভ কৰে। তেখেত সৰু অৱস্থাত লাজকুৰীয়া আৰু শান্ত প্ৰকৃতিৰ আছিল।১০ কাল্কীয়ে মনস্তত্ত্ব অধ্যয়ন কৰাৰ হাবিয়াস পুহি ৰাখিছিল আৰু ভৱিষ্যতে এগৰাকী ক্ৰিমিনেল ছাইক'লজিষ্ট হোৱাৰ পৰিকল্পনা কৰিছিল।১১ ১৮ বছৰ বয়সত কাল্কীতে শিক্ষা সমাপ্ত কৰে আৰু লণ্ডনলৈ যায়। লণ্ডন বিশ্ববিদ্যালয়ৰ গল্ডস্মিথত তেখেতে নাট্য আৰু থিয়েটাৰ অধ্যয়ন কৰে। অধ্যয়নৰ কালছোৱাতেই তেখেতে দুবছৰৰ বাবে 'Theatre of Relativity' নামৰ নাট্যগোষ্ঠীটোৰ লগত কাম কৰে। তেখেতে 'The Rise of the Wild Hunt' নামৰ নাটখন লিখে। আৰু ডেভিড হেয়াৰৰ 'The Blue Room'ৰ দৰে নাটকত অভিনয় কৰে।২১২ সপ্তাহান্তিকত কাল্কীয়ে হোটেলৰ পৰিচাৰিকা হিচাপে কাম কৰিছিল।৪

লণ্ডনত অধ্যয়ন সমাপ্ত কৰি কাল্কী ভাৰতলৈ উভতি আহে আৰু বাংগালোৰত থকা অৰ্ধ-ভ্ৰাতৃৰ (মাতৃৰ ফালৰ) লগত থাকিবলৈ লয়। বাংগালোৰত কৰ্মসংস্থাপনৰ সন্ধান নোপোৱাত কাল্কী মুম্বাইলৈ যায় আৰু তাতেই থিয়েটাৰ পৰিচালকৰ লগত কাম কৰে। অতুল কুমাৰ আৰু অজয় কৃষ্ণন তেনে দুগৰাকীমান পৰিচালক। তেওঁলোক হৈছে মুম্বাইস্থিত থিয়েটাৰগোষ্ঠী "The Company Theatre"ৰ প্ৰতিষ্ঠাপক। তেওঁলোকে সেইসময়ত লিভাৰপুলত আয়োজিত হ'বলগীয়া 'Contacting the World'ৰ বাবে অভিনয়-শিল্পীৰ সন্ধানত আছিল।৫১৩

তথ্যসূত্ৰ

  1. ↑ (10 January 2013). Don't believe Wikipedia, says birthday girl Kalki Koechlin. NDTV
  2. ↑ Gupta, Priya. (16 November 2014). Kalki Koechlin: Anurag and I both love each other very much. The Times of India
  3. ↑ Kalki Koechlin Biography. Koimoi
  4. ↑ (15 March 2013). Kalki Koechlin. Hindustan Times
  5. ↑ (9 November 2014). A lot of times I have had to defend my Indian-ness: Kalki Koechlin. হিন্দুস্তান টাইমছ
  6. ↑ Kumar, Sunaina. (2 June 2012). Cinema: Fair Factor. Tehelka Magazine
  7. ↑ (22 October 2017). My Upbringing Helps Me Find My Voice And Opinion, Says Kalki Koechlin. CNN-News18
  8. ↑ Mohammed, Nishadh. Kalki Koechli: She's namma ooru ponnu. Deccan Chronicle
  9. ↑ (5 July 2016). I despise Donald Trump: Kalki Koechlin. দ্য হিন্দু
  10. ↑ (26 June 2015). Kalki Koechlin was 'shy' in school. The Indian Express
  11. ↑ (25 May 2016). Kalki Koechlin aspired to be criminal psychiatrist. The Indian Express
  12. ↑ Kalki Koechlin Biography. Koimoi
  13. ↑ (6 June 2012). Kalki Koechlin on being a bona fide Bollywood star. India Today

সম্পৰ্কিত শ্ৰেণী

ফ্ৰান্সৰ ব্যক্তিভাৰতীয় অভিনেত্ৰীফিল্মফেয়াৰ বঁটা বিজয়ীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাল্কী কেকলাঁ” প্ৰবন্ধৰ সংশোধন ৬৩৯৫৩২ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।